• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2026 5:54 pm
129
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৬ চনৰ ৫ আগষ্টত স্পেচএক্সৰ এটা ব্যৱহৃত ৰকেটৰ অংশ চন্দ্ৰৰ বুকুত খহি পৰিব। এই অপ্ৰত্যাশিত সংঘৰ্ষৰ ঘটনাটোক নাছাই প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিব। এই ঘটনাৰ পৰা পৃথিৱীৰ কোনো বিপদ নহয়, কিন্তু ইয়াৰ পৰা বিজ্ঞানীসকলে চন্দ্ৰৰ সম্পৰ্কে বহুতো উপযোগী তথ্য পাব পাৰিব বুলি নাছাই প্ৰকাশ কৰিছে।

নাছাৰ তথ্য অনুসৰি, ফালকন ৯ ৰকেটৰ এই ব্যৱহৃত অংশটো চন্দ্ৰৰ আইন্‌ষ্টাইন আৰু বেল ক্ৰেটাৰৰ ওচৰত খহি পৰিব। এই সংঘৰ্ষৰ ফলত প্ৰায় ৬০ ফুট বহল আৰু ১২ ফুট দ গাতৰ সৃষ্টি হ’ব পাৰে আৰু ইয়াৰ ফলত চন্দ্ৰৰ ধূলি আৰু শিলাখণ্ড চাৰিওফালে সিঁচৰতি হৈ পৰিব। এই ৰকেট অংশটো ২০২৫ চনৰ ১৫ জানুৱাৰীত উৎক্ষেপণ কৰা হৈছিল। নাছাৰ কমাৰ্চিয়েল লুনাৰ পে’লোড চাৰ্ভিচেছৰ অধীনত ফাইৰফ্লাই এয়ৰ’স্পেচৰ ব্লু গ’ষ্ট ১ লুনাৰ লেণ্ডাৰ প্ৰেৰণ কৰোঁতে এই ফালকন ৯ ৰকেট ব্যৱহাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত সূৰ্যৰ কাৰ্যকলাপ আৰু মহাকৰ্ষণীয় বলৰ বাবে ৰকেটৰ অৱশিষ্ট অংশটো চন্দ্ৰৰ দিশে গতি কৰে।

Apply Now

স্বতন্ত্ৰ জ্যোতিৰ্বিজ্ঞানীসকলে ৰাজহুৱা তথ্য ব্যৱহাৰ কৰি প্ৰথমতে এই ৰকেটৰ গতিপথ চিনাক্ত কৰিছিল। তাৰ পিছত নাছাৰ চেণ্টাৰ ফৰ নিয়াৰ আৰ্থ অবজেক্ট ষ্টাদীজে নিশ্চিত কৰে যে ৰকেট অংশটো চন্দ্ৰত খুন্দা মৰাৰ সম্ভাৱনা এশ শতাংশ। এটা স্কুল বাছৰ সমান ডাঙৰ আৰু প্ৰায় চাৰি টন ওজনৰ এই বস্তুটোৱে ঘণ্টাত প্ৰায় ৫,৪০০ মাইল বেগেৰে চন্দ্ৰত আঘাত কৰিব। বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, এই সংঘৰ্ষ জিএমটি পুৱা ০৬:৩৫ বজাত অৰ্থাৎ ভাৰতীয় সময় মতে আবেলি প্ৰায় ১ বজাত ঘটিব।

এই ঘটনাটো পৃথিৱীৰ পৰা খালি চকুৰে দেখা পোৱা নাযাব, কিন্তু নাছাই দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত ইয়াক প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিব। অৱশ্যে বতৰ আৰু পোহৰৰ অৱস্থাৰ বাবে পৰ্যবেক্ষণ কৰাত কিছু অসুবিধা হ’ব পাৰে। ইয়াৰ উপৰিও নাছাৰ লুনাৰ ৰিকনেছান্স অৰ্বিটাৰ আৰু দক্ষিণ কোৰিয়াৰ কোৰিয়া পাথফাইণ্ডাৰ লুনাৰ অৰ্বিটাৰত থকা চেড’কেম নামৰ যন্ত্ৰই সংঘৰ্ষৰ আগৰ আৰু পিছৰ ছবি তুলিবলৈ চেষ্টা কৰিব। পোহৰ আৰু উপগ্ৰহৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ছবিসমূহ লাভ কৰিবলৈ কেইবাদিনো সময় লাগিব পাৰে। এই ঘটনাই চন্দ্ৰত সংঘটিত সংঘৰ্ষ আৰু ইয়াৰ পৰা ওলোৱা পদাৰ্থৰ বিষয়ে অধ্যয়ন কৰাত সহায় কৰিব।

চন্দ্ৰত কোনো বায়ুমণ্ডল নথকাৰ বাবে নিতৌ উল্কাপাত হয়, কিন্তু মানৱসৃষ্ট বস্তুৰ সংঘৰ্ষ তুলনামূলকভাৱে কম। ২০২২ চনত চীনৰ এটা ৰকেটৰ অংশ চন্দ্ৰৰ বিপৰীত পিঠিত খহি পৰিছিল আৰু ২০০৯ চনত নাছাই নিজেই এক ৰকেট অংশ চন্দ্ৰত খুন্দা মৰাইছিল। কিছুমান অভিযানত এনেদৰে ৰকেটৰ অংশ বৰ্জন কৰাটো নিৰাপদ বুলি গণ্য কৰা হয় যদিও এই ঘটনাই মহাকাশৰ জাবৰ-জোঁথৰ বা আৱৰ্জনা সম্পৰ্কে চিন্তাও বৃদ্ধি কৰিছে। অৱশ্যে নাছাই মহাকাশৰ আৱৰ্জনা হ্ৰাস কৰা আৰু দায়িত্বশীলভাৱে এইবোৰ নিষ্কাশন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd