আজি মুম্বাইৰ নীতা-মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰত আৰ এছ এছ প্ৰধান মোহন মধুকৰ ভাগৱতে ভাৰতৰ ১০০ খন চহৰৰ পৰা অহা ১৫-১৯ বছৰৰ স্কুলীয়া আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত ভাষণ দিব। কিয় ইয়াৰ আয়োজন কৰা হৈছে? ইয়াৰ পটভূমিটো হৈছে যন্তৰ মন্তৰৰ জেন জি বিদ্ৰোহ। যোৱা ২০২৪ চনৰ লোক সভা নিৰ্বাচনত বিজেপিয়ে প্ৰথম এটা খুন্দা খাইছিল— ‘ইচ বাৰ চাৰশ পাৰ’ৰ সপোন যেতিয়া ২৪০টাতে সীমাবদ্ধ হৈ পৰিছিল। বিজেপিক সেই খুন্দাটো দিছিল নিৰ্বাচনৰ ঠিক আগে আগে ৰাহুল গান্ধীয়ে আয়োজন কৰা ‘ভাৰত জোড়ো যাত্ৰা’ই। কিন্তু চতুৰ বিজেপিয়ে বিভিন্ন কাৰচাজি কৰি সেই পৰাজয়ক তেওঁলোকৰ সুবিধালৈ ৰূপান্তৰিত কৰিছিল তাৰ কিছুদিন পিছত অনুষ্ঠিত হোৱা কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত। বিজেপিৰ এই কাৰচাজিৰ মুখ্য সহযোগী আছিল নিৰ্বাচন আয়োগ, আৰু আংশিক সহযোগী উচ্চতম ন্যায়ালয়। কিন্তু ভাৰতবৰ্ষৰ অগণন লোকে লক্ষ্য কৰি আছিল বিজেপি দিনক দিনে কেনেকৈ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত পোত গৈছিল। বিজেপিয়ে নীতি-দুৰ্নীতি, ন্যায়-অন্যায়ৰ সংজ্ঞাই সলনি কৰি দিছিল। ক্ষমতা আৰু সম্পদৰ লোভত বিজেপিৰ ক্ৰীড়নক হৈ পৰিছিল ৰাজনৈতিক শ্ৰেণীটোৰ একাংশ। দেশৰ জেন জিসকলে এইবোৰ দেখি আছিল। কিন্তু ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ পঁইতাচোৰা সম্পৰ্কীয় মন্তব্যই যেন ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহৰ দৰে কাম কৰিলে। ‘আমাৰ চাকৰি-বাকৰি নাই, পৰীক্ষাৰ বাবে দিন-ৰাতি একাকাৰ কৰি প্ৰস্তুতি চলাওঁ, তাতো পৰীক্ষাৰ আগদিনা প্ৰশ্নকাকত ফাদিল হয়। যা বাপেকে, আমি ককৰোচ পাৰ্টিয়ে খোলোঁ— পঁইতাচোৰা পাৰ্টি।তাৰ পিছত কি হ’ল, আপোনালোকে সকলোৱে দেখিলেই। ইমানদিনে বিৰোধীয়ে যিটো কৰিব পৰা নাছিল, আমাৰ জেন জি সকলে সেইটো কৰি দেখুৱালে। তেওঁলোকে কি কৰিলে? যন্তৰ মন্তৰৰ যোগেদি ৰাজপথলৈ ওলাই আহিল। দেশত চাৰিওফালে কাঠফুলাৰ দৰে যন্তৰ মন্তৰ বিয়পি পৰিল। তেওঁলোকে ভয় জয় কৰি ৰাস্তালৈ ওলাই আহিল। তেওঁলোকৰ ৰাজপথৰ আন্দোলনৰ সাৰথি হ’ল বিজেপি চৰকাৰৰ মুখীয়া নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তৈয়াৰ কৰা ৰিলবোৰ। বিদ্ৰুপো যে সমাজ পৰিৱৰ্তনৰ হাতীয়াৰ হ’ব পাৰে, তাৰ উৎকৃষ্ট উদাহৰণ হ’ল আমাৰ জেন জি সকলে প্ৰধানমন্ত্ৰীক উপহাস আৰু বিদ্ৰুপ কৰি প্ৰস্তুত কৰা ৰিলবোৰ।
এইটোৱেই হ’ল মোহন ভাগৱতৰ মুম্বাইৰ জেন জি সন্মিলনৰ পটভূমি। এতিয়া তেওঁ জেন জিৰ লগত কথা পাতিব? মোহন ভাগৱত আৰু নৰেন্দ্ৰ মোদীৰ মাজত কি পাৰ্থক্য? তেওঁলোকৰ মতাদৰ্শ একে, তেওঁলোকৰ দৃষ্টিভংগী একে।তেওঁলোক দুয়ো একেডাল গছৰ দুটা থাল। কেৱল মোহন ভাগৱতৰ কথাবোৰ মিহি মিহি আৰু নৰেন্দ্ৰ মোদীৰ কথাবোৰ খাপচাৰা। নৰেন্দ্ৰ মোদীয়ে জেন জি বিদ্ৰোহৰ সময়ছোৱাত দিয়া ৰিলবোৰৰ প্ৰতি জেন জি আৰু জেন জিৰ সমৰ্থকসকলে কিমান ঠাট্টা-বিদ্ৰুপ আৰু উপহাস কৰিছে দেখিছেনে? জেন জিৰ মনস্তত্ত্ব বুজাটো, তেওঁলোকৰ পৰিভাষা বুজাটো ইমান সহজ কথা নহয়। নৰেন্দ্ৰ মোদী, মোহন ভাগৱতৰ দৰে পুৰুষতান্ত্ৰিক মানসিকতাৰ ব্যক্তিয়ে দহ জন্মতো সেই সামৰ্থ্য আয়ত্ত কৰিব নোৱাৰিব। নৰেন্দ্ৰ মোদীয়ে কি কৈছিল? তেওঁলোকক ক্ষমা কৰি দিয়াৰ কথা কৈছিল, তেওঁলোকে ভুল শুধৰাব লাগে বুলি কৈছিল। কিয় তেওঁলোকে ক্ষমা খুজিব লাগে? তেওঁলোকে কি ভুল কৰিলে? মোহন ভাগৱতে ২০১৩ চনত কি কৈছিল? মহিলা ঘৰত থাকিব লাগে আৰু পুৰুষহে উপাৰ্জন কৰিবলৈ বাহিৰলৈ ওলাব লাগে বুলি কোৱা নাছিল জানো? সেইজন মানুহে আকৌ জেন জিৰ লগত কথা পাতে? জেন জি লিঙ্গ সমতাত বিশ্বাসী, তেওঁলোক যৌন স্বাধীনতাত বিশ্বাসী। যৌনতাক তেওঁলোকে বিদ্ৰোহৰ মাধ্যম হিচাপেও ব্যৱহাৰ কৰে। এই জেন জিৰ মানসিকতা নৰেন্দ্ৰ মোদী, মোহন ভাগৱতৰ দৰে মানুহে বুজি পালে ভাৰতৰ আজি এই অৱস্থা নহয়।হয়, মুম্বাইত আৰ এছ এছৰ শাখাৰ পৰা নিয়া জেন জি বয়সৰ ইতিমধ্যে দীক্ষিত ল’ৰা-ছোৱালীৰ লগত, আৱদ্ধ সভাগৃহত মোহন ভাগৱতে বক্তৃতা দিব পাৰিব। কিন্তু তেওঁ কোনো কালে জেন জিৰ মানসিকতা বুজি নাপাবা। হয়তো, সেই বক্তৃতাই মোহন ভাগৱতকো মোদীৰ দৰে প্ৰকৃত জেন জি সকলৰ সন্মুখত বিদ্ৰুপ আৰু উপহাসৰ পাত্ৰ কৰিহে তুলিব।




