• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

মোহন ভাগৱতে জেন জিৰ মনৰ ভাষা বুজি পাব জানো?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
August 6, 2026 11:40 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মুম্বাইৰ নীতা-মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰত আৰ এছ এছ প্ৰধান মোহন মধুকৰ ভাগৱতে ভাৰতৰ ১০০ খন চহৰৰ পৰা অহা ১৫-১৯ বছৰৰ স্কুলীয়া আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত ভাষণ দিব। কিয় ইয়াৰ আয়োজন কৰা হৈছে? ইয়াৰ পটভূমিটো হৈছে যন্তৰ মন্তৰৰ জেন জি বিদ্ৰোহ। যোৱা  ২০২৪ চনৰ লোক সভা নিৰ্বাচনত বিজেপিয়ে প্ৰথম এটা খুন্দা খাইছিল— ‘ইচ বাৰ চাৰশ পাৰ’ৰ সপোন যেতিয়া ২৪০টাতে সীমাবদ্ধ হৈ পৰিছিল। বিজেপিক সেই খুন্দাটো দিছিল নিৰ্বাচনৰ ঠিক আগে আগে ৰাহুল গান্ধীয়ে আয়োজন কৰা ‘ভাৰত জোড়ো যাত্ৰা’ই। কিন্তু চতুৰ বিজেপিয়ে বিভিন্ন কাৰচাজি কৰি সেই পৰাজয়ক তেওঁলোকৰ সুবিধালৈ ৰূপান্তৰিত কৰিছিল তাৰ কিছুদিন পিছত অনুষ্ঠিত হোৱা কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত। বিজেপিৰ এই কাৰচাজিৰ মুখ্য সহযোগী আছিল নিৰ্বাচন আয়োগ, আৰু আংশিক সহযোগী উচ্চতম ন্যায়ালয়। কিন্তু ভাৰতবৰ্ষৰ অগণন লোকে লক্ষ্য কৰি আছিল বিজেপি দিনক দিনে কেনেকৈ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত পোত গৈছিল। বিজেপিয়ে নীতি-দুৰ্নীতি, ন্যায়-অন্যায়ৰ সংজ্ঞাই সলনি কৰি দিছিল। ক্ষমতা আৰু সম্পদৰ লোভত বিজেপিৰ ক্ৰীড়নক হৈ পৰিছিল ৰাজনৈতিক শ্ৰেণীটোৰ একাংশ। দেশৰ জেন জিসকলে এইবোৰ দেখি আছিল। কিন্তু ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ পঁইতাচোৰা সম্পৰ্কীয় মন্তব্যই যেন ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহৰ দৰে কাম কৰিলে। ‘আমাৰ চাকৰি-বাকৰি নাই, পৰীক্ষাৰ বাবে দিন-ৰাতি একাকাৰ কৰি প্ৰস্তুতি চলাওঁ, তাতো পৰীক্ষাৰ আগদিনা প্ৰশ্নকাকত ফাদিল হয়। যা বাপেকে, আমি ককৰোচ পাৰ্টিয়ে খোলোঁ— পঁইতাচোৰা পাৰ্টি।তাৰ পিছত কি হ’ল, আপোনালোকে সকলোৱে দেখিলেই। ইমানদিনে বিৰোধীয়ে যিটো কৰিব পৰা নাছিল, আমাৰ জেন জি সকলে সেইটো কৰি দেখুৱালে। তেওঁলোকে কি কৰিলে? যন্তৰ মন্তৰৰ যোগেদি ৰাজপথলৈ ওলাই আহিল। দেশত চাৰিওফালে কাঠফুলাৰ দৰে যন্তৰ মন্তৰ বিয়পি পৰিল। তেওঁলোকে ভয় জয় কৰি ৰাস্তালৈ ওলাই আহিল। তেওঁলোকৰ ৰাজপথৰ আন্দোলনৰ সাৰথি হ’ল বিজেপি চৰকাৰৰ মুখীয়া নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তৈয়াৰ কৰা ৰিলবোৰ। বিদ্ৰুপো যে সমাজ পৰিৱৰ্তনৰ হাতীয়াৰ হ’ব পাৰে, তাৰ উৎকৃষ্ট উদাহৰণ হ’ল আমাৰ জেন জি সকলে প্ৰধানমন্ত্ৰীক উপহাস আৰু বিদ্ৰুপ কৰি প্ৰস্তুত কৰা ৰিলবোৰ।

এইটোৱেই হ’ল মোহন ভাগৱতৰ মুম্বাইৰ জেন জি সন্মিলনৰ পটভূমি। এতিয়া তেওঁ জেন জিৰ লগত কথা পাতিব? মোহন ভাগৱত আৰু নৰেন্দ্ৰ মোদীৰ মাজত কি পাৰ্থক্য? তেওঁলোকৰ মতাদৰ্শ একে, তেওঁলোকৰ দৃষ্টিভংগী একে।তেওঁলোক দুয়ো একেডাল গছৰ দুটা থাল। কেৱল মোহন ভাগৱতৰ কথাবোৰ মিহি মিহি আৰু নৰেন্দ্ৰ মোদীৰ কথাবোৰ খাপচাৰা। নৰেন্দ্ৰ মোদীয়ে জেন জি বিদ্ৰোহৰ সময়ছোৱাত দিয়া ৰিলবোৰৰ প্ৰতি জেন জি আৰু জেন জিৰ সমৰ্থকসকলে কিমান ঠাট্টা-বিদ্ৰুপ আৰু উপহাস কৰিছে দেখিছেনে? জেন জিৰ মনস্তত্ত্ব বুজাটো, তেওঁলোকৰ পৰিভাষা বুজাটো ইমান সহজ কথা নহয়। নৰেন্দ্ৰ মোদী, মোহন ভাগৱতৰ দৰে পুৰুষতান্ত্ৰিক মানসিকতাৰ ব্যক্তিয়ে দহ জন্মতো সেই সামৰ্থ্য আয়ত্ত কৰিব নোৱাৰিব। নৰেন্দ্ৰ মোদীয়ে কি কৈছিল? তেওঁলোকক ক্ষমা কৰি দিয়াৰ কথা কৈছিল, তেওঁলোকে ভুল শুধৰাব লাগে বুলি কৈছিল। কিয় তেওঁলোকে ক্ষমা খুজিব লাগে? তেওঁলোকে কি ভুল কৰিলে? মোহন ভাগৱতে ২০১৩ চনত কি কৈছিল? মহিলা ঘৰত থাকিব লাগে আৰু পুৰুষহে উপাৰ্জন কৰিবলৈ বাহিৰলৈ ওলাব লাগে বুলি কোৱা নাছিল জানো? সেইজন মানুহে আকৌ জেন জিৰ লগত কথা পাতে? জেন জি লিঙ্গ সমতাত বিশ্বাসী, তেওঁলোক যৌন স্বাধীনতাত বিশ্বাসী। যৌনতাক তেওঁলোকে বিদ্ৰোহৰ মাধ্যম হিচাপেও ব্যৱহাৰ কৰে। এই জেন জিৰ মানসিকতা নৰেন্দ্ৰ মোদী, মোহন ভাগৱতৰ দৰে মানুহে বুজি পালে ভাৰতৰ আজি এই অৱস্থা নহয়।হয়, মুম্বাইত আৰ এছ এছৰ শাখাৰ পৰা নিয়া জেন জি বয়সৰ ইতিমধ্যে দীক্ষিত ল’ৰা-ছোৱালীৰ লগত, আৱদ্ধ সভাগৃহত মোহন ভাগৱতে বক্তৃতা দিব পাৰিব। কিন্তু তেওঁ কোনো কালে জেন জিৰ মানসিকতা বুজি নাপাবা। হয়তো, সেই বক্তৃতাই মোহন ভাগৱতকো মোদীৰ দৰে প্ৰকৃত জেন জি সকলৰ সন্মুখত বিদ্ৰুপ আৰু উপহাসৰ পাত্ৰ কৰিহে তুলিব।

Apply Now
পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

November 24, 2026 9:13 pm
ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

November 24, 2026 6:50 pm
‘তোৰ খুৰা চোৰ’ বুলি কোৱাত সহপাঠীক চৰ মাৰিছিল প্ৰিয়ংকাই! আনহাতে ৰাহুলৰ মন্তব্য, ‘ভগ্নী নিয়ম মানি চলে, মই আছিলোঁ বিদ্ৰোহী’

‘তোৰ খুৰা চোৰ’ বুলি কোৱাত সহপাঠীক চৰ মাৰিছিল প্ৰিয়ংকাই! আনহাতে ৰাহুলৰ মন্তব্য, ‘ভগ্নী নিয়ম মানি চলে, মই আছিলোঁ বিদ্ৰোহী’

November 24, 2026 5:50 pm
ছয় বছৰৰ মূৰত পুনৰ বিজেপি-অকালি দলৰ মিত্ৰতা, ‘পঞ্জাবৰ উন্নয়নৰ স্বাৰ্থত এয়া স্বাভাৱিক মিত্ৰতা’ বুলি আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

ছয় বছৰৰ মূৰত পুনৰ বিজেপি-অকালি দলৰ মিত্ৰতা, ‘পঞ্জাবৰ উন্নয়নৰ স্বাৰ্থত এয়া স্বাভাৱিক মিত্ৰতা’ বুলি আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

November 24, 2026 4:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

November 24, 2026 9:13 pm
ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

November 24, 2026 6:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd