• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অনশন ভঙাৰ ৫ মিনিট পিছতেই প্ৰতিশ্ৰুতি ভংগ কেন্দ্ৰৰ : চিকিৎসালয়ৰ ফটো প্ৰকাশক লৈ সোনম ৱাংচুকৰ গুৰুতৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2026 1:23 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰখ্যাত পৰিৱেশবিদ তথা শিক্ষাকৰ্মী সোনম ৱাংচুকে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি ভংগৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ২৬ দিনীয়া অনশন ভঙাৰ সময়ত তোলা ফটো সংবাদ মাধ্যমত প্ৰকাশ কৰাক লৈ তেওঁ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁৰ দাবী যে কেন্দ্ৰীয় মন্ত্ৰীসকলে তেওঁক যি আশ্বাস দিছিল, সেয়া পালন নকৰিলে। এই ঘটনাৰ পিছত দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত তেওঁৰ আস্থা বহু পৰিমাণে নোহোৱা হৈ গৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৱাংচুকে কয় যে আন্দোলনৰ শেষৰ ফালে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যি বুজাবুজি হৈছিল, সেয়া পিছত ভাঙি পেলোৱা হয়। তেওঁৰ মতে, এই ঘটনাৰ পিছত কেৱল এটা দলেই নহয়, প্ৰায় সকলো ৰাজনৈতিক দলৰ প্ৰতি থকা তেওঁৰ বিশ্বাসত আঘাত লাগিছে।

Apply Now

সোনমে জনায় যে নিট পৰীক্ষাক লৈ হোৱা বিতৰ্ক আৰু শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত তেওঁ অনশনত বহিছিল। শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে তেওঁক দিল্লীৰ পৰা গুৰগাঁৱৰ মেদান্ত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। যোৱা ২৪ জুলাইৰ গভীৰ নিশা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে চিকিৎসালয়লৈ গৈ তেওঁক চুপ খুৱাই অনশন ভঙাইছিল।

তেওঁ দাবী কৰে যে অনশন ভঙাৰ আগতে এটা গুৰুত্বপূৰ্ণ চুক্তিত স্পষ্ট চৰ্ত ৰখা হৈছিল। ৱাংচুকে বিচাৰিছিল যে কেৱল শাসকীয় দলৰ মন্ত্ৰীসকলৰ উপস্থিতিত অনশন ভঙাৰ ফটো প্ৰকাশ কৰা নহওক, কিয়নো ই সাধাৰণ মানুহৰ মাজলৈ ভুল বাৰ্তা কঢ়িয়াই নিব পাৰে। তেওঁৰ ইচ্ছা আছিল বিৰোধী দলৰ প্ৰতিনিধি আৰু ছাত্ৰ সংগঠনৰ নেতাসকলৰ উপস্থিতিত যুটীয়াভাৱে এটা বাৰ্তা প্ৰকাশ কৰা হওক। সেই ফটো আৰু বিবৃতি একেলগে সংবাদ মাধ্যমলৈ যোৱাৰ কথা আছিল।

লাডাখৰ এই সমাজকৰ্মীগৰাকীৰ অভিযোগ যে কেন্দ্ৰীয় মন্ত্ৰীসকলে সেই চৰ্ত মানি লোৱাৰ আশ্বাস দিছিল। আনকি বৈঠকত উপস্থিত থকা চোৰাংচোৱা বিভাগৰ কেইজনমান শীৰ্ষ বিষয়ায়ো এই আলোচনাৰ সাক্ষী আছিল। কিন্তু প্ৰকৃততে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰা নহ’ল।

অনশন ভঙাৰ মাত্ৰ পাঁচ মিনিটৰ ভিতৰতে সেই ফটোসমূহ বিভিন্ন সৰ্বভাৰতীয় টেলিভিছন চেনেলত সম্প্ৰচাৰ হ’বলৈ ধৰে। পিছত এজন চোৰাংচোৱা বিষয়াই আহি তেওঁক জনায় যে ফটোসমূহ ইতিমধ্যে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাই তেওঁক আটাইতকৈ বেছি হতাশ কৰিছে বুলি ৱাংচুকে প্ৰকাশ কৰে।

আনহাতে, আন্দোলনক লৈ চৰকাৰৰ সৈতে কোনো গোপন বুজাবুজি হোৱাৰ অভিযোগো তেওঁ স্পষ্টভাৱে অস্বীকাৰ কৰিছে। ৱাংচুকৰ মতে, যদি তেওঁৰ উদ্দেশ্য কোনো ব্যক্তিগত বুজাবুজি কৰা হ’লহেঁতেন, তেন্তে ইমান দিন ধৰি আন্দোলন চলাই যোৱাৰ প্ৰয়োজন নাছিল। তেওঁ কয় যে ডিল কৰিব বিচৰা হ’লে ২৬ দিন অনশন কৰাৰ প্ৰয়োজন নাছিল, বহুত আগতেই নিজৰ বাবে কোনো পদ বা সুবিধা বিচাৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ নীতিৰ স্বাৰ্থতহে আন্দোলনলৈ নামিছিল।

এই ঘটনাৰ পিছত ৰাজনৈতিক নেতৃত্বৰ প্ৰতি নিজৰ হতাশাৰ কথাও তেওঁ মুকলিকৈ প্ৰকাশ কৰিছে। তেওঁৰ মতে, জনসাধাৰণৰ স্বাৰ্থত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাটো ৰাজনৈতিক নেতৃত্বৰ দায়িত্ব। কিন্তু সেই প্ৰতিশ্ৰুতি ভংগ হোৱাত তেওঁ গভীৰভাৱে মৰ্মাহত।

সোনম ৱাংচুকৰ এই বিস্ফোৰক মন্তব্যক লৈ ইতিমধ্যে ৰাজনৈতিক মহলত নতুনকৈ বিতৰ্ক আৰম্ভ হৈছে। তেওঁৰ অভিযোগৰ উত্তৰত কেন্দ্ৰৰ তৰফৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া পোৱা হোৱা নাই। অৱশ্যে, আন্দোলনৰ পৰৱৰ্তী কাৰ্যসূচী কি হ’ব আৰু শিক্ষা সংস্কাৰক লৈ তেওঁৰ যুঁজ কোন দিশে আগবাঢ়িব, তাৰ প্ৰতি এতিয়া ৰাজনৈতিক মহলৰ লগতে সাধাৰণ ৰাইজৰ নজৰ নিৱদ্ধ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

August 6, 2026 1:57 pm
১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

August 6, 2026 1:30 pm
অনশন ভঙাৰ ৫ মিনিট পিছতেই প্ৰতিশ্ৰুতি ভংগ কেন্দ্ৰৰ : চিকিৎসালয়ৰ ফটো প্ৰকাশক লৈ সোনম ৱাংচুকৰ গুৰুতৰ অভিযোগ

অনশন ভঙাৰ ৫ মিনিট পিছতেই প্ৰতিশ্ৰুতি ভংগ কেন্দ্ৰৰ : চিকিৎসালয়ৰ ফটো প্ৰকাশক লৈ সোনম ৱাংচুকৰ গুৰুতৰ অভিযোগ

August 6, 2026 1:23 pm
জেন-জিৰ প্ৰতিবাদৰ দ্বাৰা অনুপ্ৰাণিত কৃষক আন্দোলন : মধ্যপ্ৰদেশ চৰকাৰে মানি ল’লে দাবী

জেন-জিৰ প্ৰতিবাদৰ দ্বাৰা অনুপ্ৰাণিত কৃষক আন্দোলন : মধ্যপ্ৰদেশ চৰকাৰে মানি ল’লে দাবী

August 6, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

August 6, 2026 1:57 pm
১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

August 6, 2026 1:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd