• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লোভনীয় অফাৰৰ আঁৰত ‘ডাৰ্ক পেটাৰ্ণ’! জেপ্টো-বুক মাই শ্বো সহ ৯ টা কোম্পানীক ২০ লাখ টকা জৰিমনা

প্ৰথম দৃষ্টিত এই বিলৰ ধনৰাশি সৰু বা গুৰুত্বহীন যেন লাগিব পাৰে। কিন্তু বাৰে বাৰে একাধিক অনলাইন লেনদেনৰ জৰিয়তে এই সৰু সৰু চাৰ্জবোৰে নিৰৱে এক বৃহৎ আৰ্থিক বোজাৰ সৃষ্টি কৰে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 6, 2026 4:47 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোঁশৰীৰে বজাৰলৈ যোৱাৰ পৰা হাত সাৰিবলৈ অনলাইনত অত্যাৱশ্যকীয় সামগ্ৰী অৰ্ডাৰ কৰাই হওক, বা পৰিয়ালৰ সৈতে চিনেমা চোৱাৰ টিকট ক্ৰয়েই হওক, বা অনলাইন পাঠ্যক্ৰমত নামভৰ্তি কৰাই হওক – প্ৰথম অৱস্থাত মোবাইল স্ক্ৰীণত প্ৰদৰ্শিত দামটো যথেষ্ট সুলভ যেন লাগে। কিন্তু পেমেণ্টৰ ঠিক আগতেই আচল বিপদটো ঘটে!

চূড়ান্ত পেমেন্ট পৰিশোধৰ ঠিক আগতেই বিলৰ পৰিমাণ সলনি হৈ পৰে। হঠাতে এটা অদৃশ্য ‘হেণ্ডলিং মাচুল’ যোগ হয়। অনায়াসে যোগ কৰা হয় কোনো প্ৰিমিয়াম মেম্বাৰশ্বিপৰ চাৰ্জ। অথবা বিলত অতিৰিক্ত সেৱা বা চাবস্ক্ৰিপচন মাচুল লুকাই-চুৰকৈ যোগ কৰা হয়।

Apply Now

প্ৰথম দৃষ্টিত এই বিলৰ ধনৰাশি সৰু বা গুৰুত্বহীন যেন লাগিব পাৰে। কিন্তু বাৰে বাৰে একাধিক অনলাইন লেনদেনৰ জৰিয়তে এই সৰু সৰু চাৰ্জবোৰে নিৰৱে এক বৃহৎ আৰ্থিক বোজাৰ সৃষ্টি কৰে।

ডিজিটেল প্লেটফৰ্মত চকু কপালত তুলিব পৰা অফাৰৰ আঁৰত এই ‘ডাৰ্ক পেটাৰ্ণ’ বা বিভ্ৰান্তিকৰ ইন্টাৰফেচ ব্যৱহাৰ কৰি গ্ৰাহকক প্ৰভাৱিত আৰু প্ৰতাৰণা কৰাৰ অভিযোগত এইবাৰ কেন্দ্ৰীয় চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই (CCPA) দেশৰ ৯টা আগশাৰীৰ ডিজিটেল প্লেটফৰ্মক ‘ডাৰ্ক পেটাৰ্ণ’ ব্যৱহাৰ কৰাৰ বাবে জৰিমনা বিহিছে। এই তথ্য কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত অৱগত কৰিছে।

দৰাচলতে কি ঘটিছে?

১) Zepto: জনপ্ৰিয় কুইক-কমাৰ্চ প্লেটফৰ্ম ‘Zepto’ৰ ক্ষেত্ৰত চিচিপিএ-ই লক্ষ্য কৰে যে যদিও এপটোৱে ক্ৰয়ৰ আৰম্ভণিতে তুলনামূলকভাৱে কম মূল্য দেখুৱাইছিল, তথাপিও চেক-আউটৰ সময়ত হেণ্ডলিং চাৰ্জ আৰু সদস্যপদৰ মাচুল বা মেম্বাৰশ্বিপ ফী স্বয়ংক্ৰিয়ভাৱে কাৰ্টত যোগ হৈছিল।

নিয়ন্ত্ৰণ সংস্থাটোৰ মতে, শেষ মুহূৰ্তত অতিৰিক্ত মাচুল যোগ কৰাটো ‘ডিপ প্ৰিছিং’ আৰু নিজাববীয়াকৈ সদস্যপদৰ মাচুল যোগ কৰাটো ‘বাস্কেট স্নিকিং’ৰ অন্তৰ্ভুক্ত। ‘জেপ্ট’ মাৰ্কেটপ্লেচ’ক ৭ লাখ টকা জৰিমনা বিহিছে চিচিপিএ-ই। কিন্তু কেন্দ্ৰই কয় যে জৰিমনা বিহাৰ পিছত ‘জেপ্ট’ই এই ক্ষতিকাৰক ফিচাৰটো বন্ধ কৰি দিছে।

২) BookMyShow: টিকট বুকিং প্লেটফৰ্ম ‘BookMyShow’ৰ চেৰিটি ইনিচিয়েটিভ ‘বুক-এ-স্মাইল’ৰ বাবে স্বয়ংক্ৰিয়ভাৱে ১ টকা কৰ্তনৰ ফিচাৰ আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছিল। মূল সমস্যা ১ টকাক লৈ নাছিল; সমস্যাটো আছিল যে ১ টকীয়া বাকচটো ইতিমধ্যে টিক কৰা হৈছিল, যিটো আঁতৰাবলৈ গ্ৰাহকে পৃথকে পৃথকে সচেতন হ’ব লাগিছিল। চাৰিখন টিকট বুকিং কৰাৰ সময়ত ১ টকা তুচ্ছ যেন লাগিলেও কোম্পানীয়ে এই সুযোগটো ব্যৱহাৰ কৰিছিল। চিচিটিএই ইয়াকো ‘বাস্কেট স্নিকিং’ বুলি অভিহিত কৰিছে।

২) ইণ্ডিগ’: বিমানৰ টিকট বুকিঙৰ ক্ষেত্ৰত গ্ৰাহকক চাপ প্ৰয়োগ কৰাৰ অভিযোগত ‘ইণ্ডিগো’ৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আগতে বীমা বা অতিৰিক্ত সেৱা নল’লে এপটোৱে প্ৰদৰ্শন কৰিছিল – ‘নাই, মই ৰিস্ক লৈছো।’ চিচিপিএৰ হস্তক্ষেপৰ পিছত এই প্ৰৰোচনামূলক বাৰ্তাৰ ঠাইত এটা সহজ বাক্য দিয়া হ’ল – ‘নাই, মই ভ্ৰমণত অতিৰিক্ত সেৱা যোগ কৰিব নিবিচাৰো।’

৪) ফিজিক্স ৱালাঃ অনলাইন শিক্ষাৰ প্লেটফৰ্ম ‘ফিজিক্সৱালা’ৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰি ৫ লাখ টকাৰ জৰিমনা বিহা হৈছে। অভিযোগ অনুসৰি ‘পি ডব্লিউ ফাউণ্ডেশ্যন’ক ১০ টকা দানৰ বাকচটো ইতিমধ্যে তেওঁলোকৰ এপত ‘টিক’ কৰি ৰখা হৈছিল। আনকি ব্যৱহাৰকাৰীক এটা আৱেগিক বাৰ্তাও দেখুওৱা হৈছিল যাতে তেওঁ অনুদান বাতিল নকৰে।

ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে বিনামূলীয়া পাঠ্যক্ৰম লাভৰ নামত ব্যক্তিগত তথ্য প্ৰকাশ কৰিবলৈ বাধ্য হৈছিল। কেন্দ্রই ৰাজ্যসভাত নিশ্চিত কৰিছে যে কোম্পানীয়ে জৰিমনা আদায় দিয়াৰ লগতে বিভ্ৰান্তিকৰ ফিচাৰ আঁতৰাইছে।

৯ টা ডিজিটেল প্লেটফৰ্মক প্ৰায় ২০ লাখ টকাৰ জৰিমনা

এই পদক্ষেপ কেৱল এই চাৰিটা কোম্পানীতে সীমাবদ্ধ নহয়। ইয়াৰ উপৰিও গ্ৰাহকক প্ৰতাৰণা কৰাৰ বাবে জৰিমনা বিহা আন ডিজিটেল কোম্পানীসমূহৰ ভিতৰত আছে ফাৰ্ষ্টক্ৰাই (২ লাখ টকা), অনুজ জিণ্ডাল ডট ইন (৩ লাখ টকা), ফাৰ্মইজি (১ লাখ টকা), মেকাফি (১ লাখ টকা) আৰু এয়াৰলাইন স্পাইচজেট (১ লাখ টকা)।

কেন্দ্ৰই এই প্লেটফৰ্মসমূহক হিডেন চাৰ্জ, বলপূৰ্বক চাবস্ক্ৰিপচন, ভুৱা কাউণ্টডাউন টাইমাৰ আৰু বিভ্ৰান্তিকৰ ৰিনিউৱেল প্ৰমপ্টৰ দৰে ডাৰ্ক পেটাৰ্ণ তৎক্ষণাত আৰু স্থায়ীভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।

চৰকাৰে ৰাজ্যসভাত জনোৱা মতে, ২০২৫ চনৰ জুন মাহত চিচিপিএই ই-কমাৰ্চ প্লেটফৰ্মৰ বাবে নিৰ্দেশনা জাৰি কৰি নিজা উদ্যোগত ‘ডাৰ্ক পেটাৰ্ণ’ চিনাক্ত কৰি বন্ধ কৰি দিছিল। কিন্তু ইয়াৰ পিছতো এই কোম্পানীসমূহৰ পৰা ইতিমধ্যে নিয়ম উলংঘা কৰাৰ বাবে কেন্দ্ৰীয় নিয়ন্ত্ৰণ সংস্থাই প্ৰায় ২০ লাখ টকাৰ জৰিমনা সংগ্ৰহ কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিলামত উঠিল ৰাজপাল যাদৱৰ ঘৰ; ১৬ কোটি টকাৰ ঋণ পৰিশোধ নকৰিলে হেৰুৱাব পৈতৃক ভেটি

নিলামত উঠিল ৰাজপাল যাদৱৰ ঘৰ; ১৬ কোটি টকাৰ ঋণ পৰিশোধ নকৰিলে হেৰুৱাব পৈতৃক ভেটি

August 6, 2026 5:48 pm
লোভনীয় অফাৰৰ আঁৰত ‘ডাৰ্ক পেটাৰ্ণ’! জেপ্টো-বুক মাই শ্বো সহ ৯ টা কোম্পানীক ২০ লাখ টকা জৰিমনা

লোভনীয় অফাৰৰ আঁৰত ‘ডাৰ্ক পেটাৰ্ণ’! জেপ্টো-বুক মাই শ্বো সহ ৯ টা কোম্পানীক ২০ লাখ টকা জৰিমনা

August 6, 2026 4:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd