• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

বৃহস্পতিবাৰে মাজ নিশা নিউ মেক্সিকো আদালতৰ ন্যায়াধীশ ব্রায়ান বিডশ্বেইডে দিয়া ৰায়দানত মেটাক ৫৬৭ মিলিয়ন টকা আদায় দিবলৈ নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2026 11:01 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেটাৰ বাবে ডাঙৰ আঘাত। কোম্পানীটোক এবাৰতে ৫ হাজাৰ কোটি টকা জৰিমনা বিহা হৈছে। হয়, আপুনি ঠিকেই শুনিছে। হঠাতে কি এনেকুৱা ঘটিল যে মাৰ্ক জুকাৰবাৰ্গক এনে শাস্তি দিয়া হৈছে?

জানিব পৰা মতে, শিশু আৰু কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্যৰ সৈতে জড়িত এক গোচৰত আমেৰিকাৰ আদালতত ডাঙৰ আঘাতৰ সন্মুখীন হৈছে ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ মূল কোম্পানীটোৱে। নিউ মেক্সিকোৰ আদালতে কোম্পানীটোক ৫৬৭ মিলিয়ন অৰ্থাৎ প্ৰায় ৫০০০ কোটি টকা আদায় দিবলৈ নিৰ্দেশ দিছে।

Apply Now

আদালতৰ তথ্য অনুসৰি কোম্পানীটোৰ নীতি আৰু প্লেটফৰ্মৰ ত্ৰুটিসমূহৰ বাবে যুৱক-যুৱতীসকলৰ মানসিক স্বাস্থ্য আৰু অনলাইন সুৰক্ষাক যথেষ্ট ক্ষতি কৰিছে। শেহতীয়াকৈ মেটাক শিশুৰ সৈতে জড়িত স্পৰ্শকাতৰ বিষয়বস্তু আৰু মডাৰেচনক লৈ বিশ্ব মঞ্চত নিৰন্তৰ সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে।

বৃহস্পতিবাৰে মাজ নিশা নিউ মেক্সিকো আদালতৰ ন্যায়াধীশ ব্রায়ান বিডশ্বেইডে দিয়া ৰায়দানত মেটাক ৫৬৭ মিলিয়ন টকা আদায় দিবলৈ নিৰ্দেশ দিয়ে।

আদালতৰ তথ্য অনুসৰি এই ধনৰ প্ৰায় ৪২ কোটি ডলাৰ যুৱক-যুৱতীসকলৰ চিকিৎসা আৰু মানসিক স্বাস্থ্য সেৱাৰ বাবে ব্যয় কৰা হ’ব। বাকী ধন আগন্তুক পাঁচ বছৰত সজাগতা অভিযান, স্ক্ৰীনিং পৰিসেৱা, প্ৰতিৰোধমূলক কাৰ্যসূচী আৰু অন্যান্য প্ৰয়োজনীয় পদক্ষেপত ব্যয় কৰা হ’ব। ইতিমধ্যে মেটা আইনী পৰাজয়ৰ সন্মুখীন হোৱা গোচৰৰ দ্বিতীয় পৰ্যায়ত এই ৰায়দানটো দিয়া হৈছে।

এই গোচৰৰ প্ৰথম পৰ্যায়ত জুৰীয়ে মেটাক ৩৭৫ মিলিয়ন ডলাৰৰ পৃথক জৰিমনা বিহে। তদন্তৰ সময়ত জুৰীয়ে লক্ষ্য কৰে যে কোম্পানীটোৱে ইচ্ছাকৃতভাৱে শিশু আৰু কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্যৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱক আওকাণ কৰিছিল। ইয়াৰ উপৰিও কোম্পানীটোৱে নিজৰ প্লেটফৰ্মত শিশু যৌন শোষণৰ গুৰুতৰ তথ্য লুকুৱাই ৰখা আৰু সময়োপযোগী আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে দোষী সাব্যস্ত হয়। ইয়াৰ ভিত্তিত আদালতে দ্বিতীয় পৰ্যায়ত অতিৰিক্ত আৰ্থিক জৰিমনা আৰু সংশোধনী ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই গোচৰৰ দ্বিতীয় পৰ্যায়ত চৰকাৰী অধিবক্তাই আদালতক মেটাৰ প্লেটফৰ্মত ব্যাপক সংস্কাৰ আৰোপ কৰিবলৈ আবেদন জনায়। তেওঁলোকে যুক্তি দিয়ে যে কেৱল জৰিমনাই যথেষ্ট নহ’ব, কিন্তু কোম্পানীয়ে শিশুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিজৰ ব্যৱস্থাতো পৰিৱৰ্তন কৰিব লাগিব।

ইতিমধ্যে যি ত্ৰুটি ধৰা পৰিছিল তাৰ বাবে চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে দুখ প্ৰকাশ কৰে আৰু ব্যৱস্থাটোৰ প্ৰযুক্তিগত আৰু পৰিচালনাগদত ভুল স্বীকাৰ কৰিছে, যিবোৰ এতিয়া সমাধান কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

August 7, 2026 12:18 pm
কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

August 7, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd