লোহিত সাগৰ, এডেন উপসাগৰ আৰু বাব আল-মান্দেব প্ৰণালীত সামুদ্ৰিক নিৰাপত্তাক লৈ সৃষ্টি হোৱা তীব্ৰ সংকটৰ মাজতে চৌদি আৰবৰ নেতৃত্বত আৰম্ভ হৈছে বৃহৎ সামৰিক তৎপৰতা। ছিয়া ইছলামিক ৰাজনৈতিক আৰু সশস্ত্ৰ সংগঠন হুথি বিদ্ৰোহীৰ আক্ৰমণ প্ৰতিহত কৰাৰ লক্ষ্যৰে যোৱা ৩০ জুলাইত ৰিয়াধত ১৪ খন দেশৰ অংশগ্ৰহণেৰে এক ‘বহুজাতিক সামুদ্ৰিক প্ৰতিৰক্ষা মিত্ৰজোঁট’ ঘোষণা কৰাৰ ঠিক এসপ্তাহৰ পাছতেই, ৭ আগষ্টত মক্কাত আন এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। চৌদি যুৱৰাজ মহম্মদ বিন ছালমান, তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্দোৱান আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ উপস্থিতিত স্বাক্ষৰিত এই ত্ৰিপাক্ষিক ‘মক্কা যুটীয়া প্ৰতিৰক্ষা চুক্তি’য়ে এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে।
পশ্চিম এছিয়াত সামুদ্ৰিক নিৰাপত্তাবলয় গঢ়ি তোলাৰ উদ্দেশ্যে গঠন কৰা এই নতুন সামৰিক জোঁটৰ মূল লক্ষ্য হৈছে বাব আল-মান্দেব প্ৰণালী, লোহিত সাগৰ আৰু এডেন উপসাগৰত সুৰক্ষিত নৌ-চলাচল নিশ্চিত কৰা। ৰিয়েৰ এডমিৰেল আব্দুল্লাহ বিন ছালেম আল-শ্বেহৰীয়ে এই মিত্ৰজোঁটৰ মুখ্য কমাণ্ডাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে অন্যান্য নৌ-সুৰক্ষা জোঁটৰ সৈতে যোগাযোগ, সমন্বয় ৰক্ষা আৰু অভিযান পৰিচালনাৰ দায়িত্বত থাকিব। চৌদি আৰব, পাকিস্তান আৰু বাংলাদেশৰ উপৰি এই সামৰিক জোঁটত অন্তৰ্ভুক্ত হৈছে তুৰস্ক, কুৱেইট, বাহৰেইন, কাটাৰ, জৰ্ডান, ইজিপ্ত, জিবুটি, ছোমালিয়া, য়েমেন, ছুডান আৰু কম’ৰোছ। প্ৰতিষ্ঠাপক বৈঠকখনত ৪৩ খন দেশৰ প্ৰতিনিধি আৰু ইউৰোপীয় সংঘৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল, য’ত মুঠতে ৫১ খন দেশ আৰু সংস্থাক আমন্ত্ৰণ জনোৱা হৈছিল।
উল্লেখ্য যে, যোৱা জুলাই মাহৰ তৃতীয় সপ্তাহত লোহিত সাগৰ, এডেন উপসাগৰ আৰু আৰৱ সাগৰৰ সংযোগৰক্ষাকাৰী বাব আল-মান্দেব প্ৰণালীত ইৰাণৰ সমৰ্থিত ছিয়া সশস্ত্ৰ গোষ্ঠী হুথিয়ে চৌদি আৰবৰ তেলবাহী জাহাজৰ ওপৰত নৌ-অৱৰোধ ঘোষণা কৰিছিল। ইয়াৰ পাছতে তেওঁলোকে চৌদি আৰব আৰু ভাৰতৰ পতাকাবাহী জাহাজকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। চৌদি আৰবকে ধৰি পশ্চিম এছিয়াৰ দেশসমূহৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ইন্ধন তেল আৰু গেছ সৰবৰাহৰ ক্ষেত্ৰত হৰমুজ প্ৰণালীৰ পাছতেই লোহিত সাগৰ আৰু বাব আল-মান্দেব হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ জলপথ।
যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ সৈতে ইৰাণৰ সংঘাত আৰম্ভ হোৱাৰ পাছৰে পৰা হৰমুজ প্ৰণালীৰে তেলবাহী জাহাজৰ চলাচল প্ৰায় স্থবিৰ হৈ পৰিছিল। সেই সময়ৰ পৰাই পশ্চিম এছিয়াৰ সৈতে সামগ্ৰী সৰবৰাহৰ অন্যতম বিকল্প পথ হিচাপে বাব আল-মান্দেব প্ৰণালী পৰিচিত হৈ পৰিছিল। কিন্তু হুথি বাহিনীৰ শেহতীয়া আক্ৰমণে এই জলপথৰ নিৰাপত্তাক লৈও তীব্ৰ প্ৰশ্নৰ সৃষ্টি কৰিছে। লোহিত সাগৰ আৰু আৰৱ সাগৰৰ সংযোগৰক্ষাকাৰী এই প্ৰণালী বন্ধ হৈ পৰিলে ভাৰত মহাসাগৰৰ বিকল্প পথেৰে দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহলৈ তেল সৰবৰাহ কৰিবলৈ গ’লে দূৰত্ব বহুগুণে বৃদ্ধি পোৱাৰ লগতে ব্যয়ো অস্বাভাৱিকভাৱে বৃদ্ধি পায়।
ইন্ধন সৰবৰাহৰ ক্ষেত্ৰত বিশ্বব্যাপী সৃষ্টি হোৱা এই উদ্বেগৰ পটভূমিতে চৌদি আৰবৰ নেতৃত্বাধীন এই মিত্ৰজোঁট, লগতে নতুন স্বাক্ষৰিত ত্ৰিপাক্ষিক প্ৰতিৰক্ষা চুক্তি, অধিক সক্ৰিয় হৈ পৰিছে। বৰ্তমান এই বহুজাতিক নৌ-সেনাই উক্ত স্পৰ্শকাতৰ সামুদ্ৰিক অঞ্চলসমূহত তীক্ষ্ণ নজৰদাৰী চলাই আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক জাহাজসমূহৰ নিৰাপদ যাতায়াত সুনিশ্চিত কৰিবলৈ নিজৰ কাৰ্যপন্থা অব্যাহত ৰাখিছে, আনহাতে বিশ্লেষকসকলে এই ত্ৰিপাক্ষিক চুক্তিয়ে অঞ্চলটোৰ নিৰাপত্তা সমীকৰণকে সলনি কৰিব পাৰে বুলি মন্তব্য কৰিছে।





