• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সংগীতাই তামিলনাডুৰ চেংগলপট্টুৰ আদালতত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2026 3:37 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ মুখ্যমন্ত্ৰী আৰু তামিলগা ভেট্ৰি কাঝাগামৰ মুৰব্বী চি জোচেফ বিজয় আৰু তেওঁৰ পত্নী সংগীতা স্বৰ্ণলিংগমৰ বিবাহ বিচ্ছেদৰ গোচৰ শুকুৰবাৰে প্ৰত্যাহাৰ কৰা হয়। গোচৰটো স্থগিত ৰখা হৈছে। ভাৰ্চুৱেল মাধ্যমেৰে বিচাৰ প্ৰক্ৰিয়াত অংশ লৈছিল সংগীতাই। গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ তেওঁ আদালতত আবেদন দাখিল কৰে।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সংগীতাই তামিলনাডুৰ চেংগলপট্টুৰ আদালতত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছিল।

Apply Now

বিজয় আৰু সংগীতাৰ বৈবাহিক বিবাদৰ শুনানি চলিত বৰ্ষত কেইবাবাৰো পিছুৱাই দিয়া হয়। ১৫ জুনত সংগীতাই আবেদন প্ৰত্যাহাৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰাৰ সময়ত আদালতে কাৰ্য্যবিধি স্থগিত ৰাখে। সেই শুনানিৰ সময়তো তেওঁ ভাৰ্চুৱেলি উপস্থিত আছিল আৰু আদালতক নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল। পিছত আদালতে পৰৱৰ্তী শুনানিৰ বাবে ৭ আগষ্ট নিৰ্ধাৰণ কৰে।

বিগত মাহত বিজয় বা সংগীতা হাজিৰ নোহোৱাত পৰিয়াল আদালতে শুনানি স্থগিত ৰাখিছিল। ইয়াৰ পূৰ্বেও দুয়োজনেই কেইবাবাৰো আদালতত অনুপস্থিত আছিল। তেওঁলোকৰ হৈ তেওঁলোকৰ অধিবক্তাই হাজিৰ হৈ আদালতত কয় যে তেওঁলোকে শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ অসুবিধা হৈছে।

বিজয়ৰ সৈতে বিবাহ বিচ্ছেদ বিচাৰি সংগীতাই ৰাজ্যৰ চেংগালপট্টু পৰিয়াল আদালতত আৱেদন দাখিল কৰিছিল। তেওঁৰ আবেদনত তেওঁলোকৰ মাজত থকা অমীমাংসিত মতানৈক্যক বিবাহ বিচ্ছেদৰ ভিত্তি হিচাপে উল্লেখ কৰিছে। তেওঁ স্থায়ী ভৰণ-পোষণ আৰু বিবাহৰ সময়ত চেন্নাইৰ নীলংকাৰাইত থকা তেওঁলোকৰ যৌথ ঘৰত থকাৰ অনুমতি বিচাৰিছিল।

বিজয় আৰু সংগীতাৰ সম্পৰ্ক প্ৰায় তিনি দশক ধৰি চলিছে। ১৯৯৯ চনৰ ২৫ আগষ্টত চেন্নাইত এক পৰম্পৰাগত হিন্দু ৰীতিত বিবাহপাশত আবদ্ধ হয়। ২০০০ চনৰ ২৬ আগষ্টত তেওঁলোকৰ প্ৰথম পুত্ৰ আৰু ২০০৫ চনত এগৰাকী কন্যাৰ জন্ম হয়।

বিজয়ৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজহুৱা অনুষ্ঠানত সংগীতাৰ অনুপস্থিতিৰ পিছত ২০২৩ চনত প্ৰথমবাৰৰ বাবে তেওঁলোকৰ বৈবাহিক জীৱনত ফাট মেলাৰ বাতৰি প্ৰকাশ পাইছিল। অৱশ্যে সেই সময়ত দুয়োজনে এই উৰাবাতৰি অস্বীকাৰ কৰিছিল। কিন্তু ২০২৫ চনত টিভিকে আয়োজন কৰা দলৰ দ্বিতীয়খন ৰাজ্যিক সন্মিলনকে ধৰি বৃহৎ ৰাজনৈতিক অনুষ্ঠানত সংগীতা অনুপস্থিত হোৱাৰ পিছতে পুনৰ শিৰোণামৰ সৃষ্টি হয়।

তামিলনাডু বিধানসভা নিৰ্বাচনত টিভিকে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰে। বিজয়ৰ দলটোৱে দশক দশক ধৰি চলি থকা ৰাজনৈতিক আধিপত্যৰ অন্ত পেলায় দ্ৰাবিড়া মুনেত্ৰ কাঝাগাম (ডি এম কে) আৰু সৰ্বভাৰতীয় আন্না দ্ৰাবিড় মুনেত্ৰ কাঝাগম (এ আই এ ডি এম কে)ৰ দৰে ডাঙৰ দলৰ।

পৰৱৰ্তী সময়ত কংগ্ৰেছ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চিপিআই), ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী), বিথুট্থালাই চিৰুথাইগাল কট্চি (ভিচিকে) আৰু ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আই ইউ এম এল)ৰ সহযোগত এই দলটোৱে চৰকাৰ গঠন কৰে। ইয়াৰ ফলত কেইবাদশকৰ ভিতৰত তামিলনাডুত প্ৰথমখন মিত্ৰজোঁটৰ চৰকাৰ গঠন হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

August 8, 2026 3:37 pm
বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

August 8, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd