অভিষেক বেনাৰ্জীৰ পিছত জনতাৰ ক্ষোভৰ বলি হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী! দেওবাৰে হালিচহৰত নিহত তৃণমূল কৰ্মীৰ ঘৰলৈ যোৱাৰ পথত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। তেওঁৰ গাড়ীত বোকাপানী নিক্ষেপ কৰা হয়। খবৰ অনুসৰি জোতাও নিক্ষেপ কৰা হৈছিল। লগতে ‘চোৰ আৰু ডকাইতৰাণী’শ্লোগান দিয়া হৈছিল।
উত্তৰ ২৪ পৰগনাৰ কাঁচৰাপাৰাৰ ২৪ নং ৱাৰ্ডৰ নিবাসী তৃণমূল কৰ্মী বীৰজু কুমাৰক শুকুৰবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। হালিচহৰ আৰক্ষীয়ে দাবী কৰা মতে, শুকুৰবাৰে নিশাই যুৱকজনক অসুস্থ অৱস্থাত লকআপত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। কল্যাণী জৱাহৰলাল নেহৰু হাস্পতাললৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
দেওবাৰে বিয়লি পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মৃত তৃণমূল কৰ্মীজনৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ হালিচহৰলৈ গৈছিল। তাতেই তৃণমূল নেত্ৰী মমতা বেনাৰ্জীৰ ওপৰত বিজেপিৰ ‘কুৎসিত আক্ৰমণ’ৰ অভিযোগত তৃণমূল শিবিৰ ক্ষুব্ধ হৈ পৰিছে। এই ঘটনাক লৈ শাসক আৰু বিৰোধী শিবিৰৰ মাজত ৰাজনৈতিক উত্তেজনা তুংগত উঠিছে।
এনে পৰিস্থিতিৰ মাজতে তৃণমূলৰ মুখপাত্ৰ তথা বেলেঘাটাৰ বিধায়ক কুনাল ঘোষে সোমবাৰে ৰাজ্য বিধানসভাত এক বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছে। ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্টৰ জৰিয়তে তেওঁ সকলো তৃণমূল বিধায়কক এই কাৰ্যসূচীত উপস্থিত থাকিবলৈ এক শক্তিশালী বাৰ্তা প্ৰদান কৰে।
একে সময়তে কুনালে স্পষ্ট ইংগিত দিয়ে যে দলৰ নেতাক অপমান কৰা দিনটোত যিসকল অনুপস্থিত থাকিব, সমগ্ৰ বংগৰ ৰাইজে তেওঁলোকক দলক প্ৰতাৰণা কৰা আৰু চাতুকাৰী কৰা বুলি গণ্য কৰিব।
কুনাল ঘোষে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত কয় যে ১০ আগষ্ট সোমবাৰে বিয়লি ২ বজাত ৰাজ্যৰ বিধানসভা ভৱনৰ চৌহদত তৃণমূলৰ বিধায়কসকলে সৰ্বসন্মতিক্ৰমে এক বিশাল প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তৃণমূল নেত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগত সংঘটিত হোৱা ঘটনাৰ বিৰুদ্ধে সৰৱ হৈ এই প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।
হালিশাচহৰত মমতা বেনাৰ্জীৰ গাড়ীত আক্ৰমণক লৈ স্বাভাৱিকতে বৰ্তমানৰ শাসকীয় দল বিজেপিৰ পিনে আঙুলি উঠিছে। ইয়াৰ পিছত ঘটনাটোক তীব্ৰ গৰিহণা দি শমিক ভট্টাচাৰ্যই কয়, “মমতা বেনাৰ্জীৰ গাড়ীত বোকা, শিল বা জোতা নিক্ষেপ কৰাৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ কোনো সম্পৰ্ক নাই। আচলতে এয়া তৃণমূল বনাম জনতা আৰু তৃণমূলৰ আভ্যন্তৰীণ ক্ষোভৰ যুঁজ।”
তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে ৰাজনৈতিক মতানৈক্য থাকিব পাৰে, কিন্তু কোনো মহিলা নেত্ৰী বা নেতাৰ গাড়ীত আক্ৰমণ বা শিলগুটি নিক্ষেপ কৰাটো বিজেপিয়ে সমৰ্থন নকৰে। যদি সঁচাকৈয়ে এনে ঘটনা সংঘটিত হয়, তেন্তে প্ৰশাসন বা আৰক্ষীয়ে নিজৰ মতে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ কয়।





