• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমগুৰিৰ শান্তিবন এতিয়া ‘জুবিন নগৰ’: বানত সৰ্বস্বান্ত ১৮টা পৰিয়ালক নতুন ঘৰ উপহাৰ ইউটিউবাৰ মিষ্টাৰ বিটুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2026 7:37 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাঁজী নদীৰ ভয়ংকৰ বানত ঘৰ-দুৱাৰ হেৰুৱাই সৰ্বস্বান্ত হোৱা আমগুৰিৰ ২ নং ৱাৰ্ডৰ শান্তিবনৰ ১৮টা পৰিয়াললৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিলে অসমৰ জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটুৱে । অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মানৱদৰদী চিন্তাধাৰা আৰু সমাজসেৱাৰ প্ৰতি থকা দায়বদ্ধতাৰে অনুপ্ৰাণিত হৈ বিটুৱে এই পৰিয়ালকেইটাক নতুন ঘৰ নিৰ্মাণ কৰি দিছে আৰু শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অঞ্চলটোৰ নতুন নাম ৰখা হৈছে ‘জুবিন নগৰ’।

যোৱা দেওবাৰে, ৯ আগষ্টত গৰিমা শইকীয়া গাৰ্গে ফিতা কাটি এই নতুন ঘৰসমূহ আৰু নৱনিৰ্মিত ‘জুবিন নগৰ’ আনুষ্ঠানিকভাৱে মুকলি কৰে। বানপানীয়ে ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ পিছত নিঃস্ব হৈ পৰা এই ১৮টা পৰিয়ালে কেৱল এখন ত্ৰিপালৰ তলত অতি দুখলগা অৱস্থাত দিন কটাবলগীয়া হৈছিল।

সমাজসেৱা আৰু প্ৰকৃত কাহিনীৰ আধাৰত নিৰ্মিত ভিডিঅ’ৰ বাবে পৰিচিত মিষ্টাৰ বিটুৱে এই পৰিয়ালসমূহৰ দুৰ্দশা নিজ চকুৰে দেখাৰ পিছতে তেওঁলোকৰ বাবে ঘৰ নিৰ্মাণ কৰি দিয়াৰ সিদ্ধান্ত লয়। এই বিষয়ে উল্লেখ কৰি বিটুৱে কয় যে তেওঁ প্ৰথমে আন এটা বানাক্ৰান্ত অঞ্চলৰ ৰাইজক সহায় কৰিবলৈ বুলি ঘৰৰ পৰা ওলাইছিল, কিন্তু শেষত গৈ আমগুৰি পায়হি।

শুভজিৎ নামৰ এজন ই-ৰিক্সা চালকৰ জৰিয়তে তেওঁ টিনপাত কঢ়িয়াই অনাৰ সময়ত এই শান্তিবন অঞ্চলটোৰ বিষয়ে জানিবলৈ পায়। তালৈ গৈ বিটুৱে মানুহখিনিয়ে ত্ৰিপালৰ তলত কটাই থকা দুৰ্বিষহ জীৱন প্ৰত্যক্ষ কৰে। তেওঁ কয়, “যেতিয়া মই তালৈ গৈছিলো, মই দেখিছিলো মানুহবোৰে কেনেকৈ এখন ত্ৰিপালৰ তলত জীৱন নিৰ্বাহ কৰি আছে। তাত গৰ্ভৱতী মহিলা আৰু আন বহুতো লোক তেনেকৈয়ে মাটিত পৰি আছিল।”

এই দৃশ্য দেখি মৰ্মাহত হোৱা বিটুৱে লগে লগে তেওঁলোকৰ বাবে ঘৰ নিৰ্মাণ কৰি দিম বুলি কথা দিয়ে। “মই তেওঁলোকক ঘৰ সাজি দিম বুলি ক’লোঁ। কথাষাৰ কোৱাৰ পিছতহে মই উপলব্ধি কৰিলোঁ যে মই কি দায়িত্ব লৈ ল’লোঁ,” তেওঁ স্মৰণ কৰি কয়। তাৰ পিছত ঘৰলৈ উভতি আহি তেওঁ পুঁজি সংগ্ৰহৰ কাম আৰম্ভ কৰে। পৰিয়ালকেইটাৰ দুৰ্দশাৰ কথা বৰ্ণনা কৰি তেওঁ বনোৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিভিন্ন প্ৰান্তৰ মানুহে ধন, বিচনা আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰে সহায়ৰ হাত আগবঢ়ায়।

অৱশ্যে, মিষ্টাৰ বিটুৱে এই সমগ্ৰ প্ৰচেষ্টাৰ কৃতিত্ব জনপ্ৰিয় শিল্পী জুবিন গাৰ্গকহে প্ৰদান কৰে। তেওঁৰ মতে, শিল্পীগৰাকীৰ আদৰ্শই তেওঁক সদায় অনুপ্ৰাণিত কৰি বাট দেখুৱাই আছে। “তেওঁৰ আদৰ্শই মোক সদায় পথ প্ৰদৰ্শন কৰি আহিছে। মই আচলতে একোৱেই কৰা নাই। জুবিন গাৰ্গৰ প্ৰেৰণায়েই মোক এই পথত সহায় আৰু নিৰ্দেশনা দিছে,” বিটুৱে আৱেগিক হৈ কয়। বিটুৱে লগতে কয় যে তেওঁ কেনেকৈ সেই গাঁওখন পালেহি সেয়া তেওঁ নিজেই নাজানে, কিন্তু তেওঁৰ বিশ্বাস যে জুবিন গাৰ্গৰ প্ৰেৰণায়েই তেওঁক তালৈ লৈ গৈছিল আৰু এই পদক্ষেপ ল’বলৈ অনুপ্ৰাণিত কৰিছিল।

নতুন ঘৰকেইটা নিৰ্মাণ হোৱাৰ লগে লগে বানত সৰ্বস্বান্ত হোৱা ১৮টা পৰিয়ালে মূৰ গুজিবলৈ এখন স্থায়ী চালি পালে। বানত সকলো হেৰুৱাই নিঃস্ব হোৱা এই পৰিয়ালকেইটাৰ বাবে নতুন ঘৰ আৰু শিল্পীগৰাকীৰ প্ৰভাৱ চিৰযুগমীয়া কৰি ৰাখিবলৈ নামাকৰণ কৰা ‘জুবিন নগৰ’ৰ উদ্বোধনে জীৱনৰ এক নতুন সূত্ৰপাত ঘটালে।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

August 10, 2026 8:46 pm
পেট্ৰ’ল কি তোমাৰ বাপেৰৰ ঘৰৰ পৰা আহিব? ইথানল বিতৰ্কক লৈ বিৰোধীক তীব্ৰ কটাক্ষ বিজেপি সাংসদৰ

পেট্ৰ’ল কি তোমাৰ বাপেৰৰ ঘৰৰ পৰা আহিব? ইথানল বিতৰ্কক লৈ বিৰোধীক তীব্ৰ কটাক্ষ বিজেপি সাংসদৰ

August 10, 2026 8:42 pm
শ্ৰমিক-কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে অসমত জেলভৰো কাৰ্যসূচী, প্ৰায় ৬০ আন্দোলনকাৰীক গ্ৰেপ্তাৰ

শ্ৰমিক-কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে অসমত জেলভৰো কাৰ্যসূচী, প্ৰায় ৬০ আন্দোলনকাৰীক গ্ৰেপ্তাৰ

August 10, 2026 8:32 pm
আমগুৰিৰ শান্তিবন এতিয়া ‘জুবিন নগৰ’: বানত সৰ্বস্বান্ত ১৮টা পৰিয়ালক নতুন ঘৰ উপহাৰ ইউটিউবাৰ মিষ্টাৰ বিটুৰ

আমগুৰিৰ শান্তিবন এতিয়া ‘জুবিন নগৰ’: বানত সৰ্বস্বান্ত ১৮টা পৰিয়ালক নতুন ঘৰ উপহাৰ ইউটিউবাৰ মিষ্টাৰ বিটুৰ

August 10, 2026 7:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

August 10, 2026 8:46 pm
পেট্ৰ’ল কি তোমাৰ বাপেৰৰ ঘৰৰ পৰা আহিব? ইথানল বিতৰ্কক লৈ বিৰোধীক তীব্ৰ কটাক্ষ বিজেপি সাংসদৰ

পেট্ৰ’ল কি তোমাৰ বাপেৰৰ ঘৰৰ পৰা আহিব? ইথানল বিতৰ্কক লৈ বিৰোধীক তীব্ৰ কটাক্ষ বিজেপি সাংসদৰ

August 10, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd