• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2026 5:30 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ বা ‘National Disaster/Calamity of Severe Nature’ হিচাপে ঘোষণা কৰা, বানপানীৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰা আৰু বানপীড়িত লোকক অধিক সাহায্য প্ৰদানৰ দাবীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিলে চিপিআই(এম)-ৰ অসম ৰাজ্যিক কমিটিৰ প্ৰতিনিধি দলে। দলটোৱে মুখ্যমন্ত্ৰীক এখন স্মাৰক-পত্ৰও প্ৰদান কৰে।

চিপিআই(এম)-ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, কেন্দ্ৰীয় কমিটিৰ সদস্য ঈশ্বাক বহমান, প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু ৰাজ্যিক নেত্ৰী সংগীতা দাসক লৈ গঠিত প্ৰতিনিধি দলটোৱে উজনি অসমৰ বানপানীক ‘জাতীয় দুৰ্যোগ’ ঘোষণা কৰি বানপীড়িতক সাহায্য আৰু পুনৰসংস্থাপনৰ বাবে অধিক ধন আবণ্টনৰ দাবী জনায়।

Apply Now

দলটোৰ মতে, ১৯ জুলাইৰ পৰা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি জিলাত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ ফলত ইতিমধ্যে ব্যাপক ক্ষতি হৈছে আৰু ক্ষতিগ্ৰস্ত জনসাধাৰণক উদ্ধাৰ, সাহায্য আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰৰ অধিক সক্ৰিয় হস্তক্ষেপৰ প্ৰয়োজন আছে বুলি চিপিআই(এম)-এ উল্লেখ কৰে।

চিপিআই(এম)-এ লগতে দাবী কৰে যে উজনি অসমৰ বানপানীৰ প্ৰকৃত কাৰণ নিৰ্ধাৰণৰ বাবে বিশেষজ্ঞ কমিটি গঠন কৰি প্ৰতিবেদন দাখিলৰ ব্যৱস্থা কৰিব লাগে। দলটোৱে অভিযোগ কৰে যে প্ৰাকৃতিক কাৰকৰ লগতে নগাঁও আৰু অসমত হোৱা অবৈধ খনন আৰু পৰিৱেশ ধ্বংসৰ ফলতো জলপ্ৰলয়ৰ তীব্ৰতা বৃদ্ধি পাইছে।

স্মাৰক-পত্ৰত ব্ৰহ্মপুত্ৰ আৰু অন্যান্য নদীৰ বান নিয়ন্ত্ৰণৰ বাবে দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ, আন্তঃৰাজ্যিক নদীসমূহৰ ক্ষেত্ৰত উপযুক্ত প্ৰাধিকৰণ গঠন, বানপানী-গৰাখহনীয়াক জাতীয় সমস্যা হিচাপে বিবেচনা আৰু স্থায়ী সমাধানৰ বাবে সময় নিৰ্ধাৰিত কাৰ্যসূচী ঘোষণা কৰাৰ দাবী জনোৱা হৈছে।

চিপিআই(এম)-এ বানত নিহত লোকৰ পৰিয়ালক অন্ততঃ ২০ লাখ টকাৰ সাহায্য প্ৰদানৰ দাবী জনাইছে। ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক শীঘ্ৰে ১ লাখ টকাৰ এককালীন সাহায্য, সম্পূৰ্ণৰূপে ধ্বংস হোৱা পকী বা কেঁচা ঘৰৰ ক্ষতিৰ বাবে অধিক ক্ষতিপূৰণ আৰু গৃহপালিত পশু-পক্ষীৰ মৃত্যুৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰাৰ দাবীও উত্থাপন কৰিছে।

ইয়াৰ উপৰি বানপীড়িত পৰিয়ালক বিনামূলীয়াকৈ খাদ্য যোগান, ক্ষতিগ্ৰস্ত কৃষকক পুনৰ খেতিৰ বাবে বিনামূলীয়াকৈ কঠিয়া, বীজ আৰু সাৰ যোগান, ক্ষতিগ্ৰস্ত অঞ্চলত মহামাৰী ৰোধ আৰু উপযুক্ত চিকিৎসা সেৱা নিশ্চিত কৰাৰ দাবী জনাইছে দলটোৱে।

চিপিআই(এম)-এ বানত ক্ষতিগ্ৰস্ত গাঁওসমূহত চৰকাৰৰ উদ্যোগত অন্ততঃ ২০০ দিনৰ কাম নিশ্চিত কৰা, ক্ষতিগ্ৰস্ত শিক্ষানুষ্ঠান আৰু অংগনৱাড়ী কেন্দ্ৰ মেৰামতিৰ বাবে বিশেষ পুঁজি আবণ্টন, ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ ইউনিফৰ্ম আৰু কিতাপ-পত্ৰ যোগান আৰু বানত ক্ষতিগ্ৰস্ত লোকৰ ঋণ মাফ কৰাৰো দাবী উত্থাপন কৰিছে।

দলটোৱে মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰা স্মাৰক-পত্ৰত এই দাবীসমূহ শীঘ্ৰে পূৰণ কৰি বানপানী সমস্যাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd