• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

একেদিনাই অৰুণাচল প্ৰদেশৰ দুখন জিলাত আকস্মিক বান আৰু ভূমিস্খলনত ইমানবোৰ লোকৰ মৃত্যু আৰু সন্ধানহীন হোৱা ঘটনাই আতংক বিয়পাইছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2026 10:39 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাকৃতিক দুৰ্যোগৰ বাবে অৰুণাচল প্ৰদেশত সংঘটিত হৈছে এক বৃহৎ বিপৰ্যয়। দিবাং উপত্যকা জিলাত আকস্মিক বানে উটুৱাই লৈ যায় এটা সেনা শিবিৰৰ দুটা আশ্ৰয় স্থলী। এই ঘটনাত সন্ধানহীন হৈছে ৫ সেনা জোৱান। শুকুৰবাৰে বিয়লি সংঘটিত হয় এই ঘটনা। শনিবাৰেও সন্ধানহীন জোৱানকেইজনক বিচাৰি তীব্ৰ অভিযান চলোৱা হয়।

ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰ বা এছ ই অ’ চিয়ে জনাইছে যে  দিবাং উপত্যকাৰ পাছু পানীত এই আকস্মিক বান আহিছিল। এই অঞ্চলটো মিপি ৰাজহ চক্ৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত। শুকুৰবাৰে সন্ধিয়া প্ৰায় ৪:৩০ বজাত হঠাতে এটা বৃহৎ পানীৰ ঢল আহে। কিছু মুহূৰ্তৰ ভিতৰতে পানীয়ে চাৰিওফালৰ অঞ্চলত প্ৰৱেশ কৰিলে।

Apply Now

দিবাং উপত্যকাৰ আৰক্ষী অধীক্ষক পংকজ কুমাৰে জনোৱা মতে, পানীৰ ঢলে পাছু পানী সেনা শিবিৰৰ দুটা আশ্ৰয় স্থলী উটুৱাই লৈ যায়। ৫ নং গ্ৰেনেডিয়াৰৰ জোৱানবোৰ তাত আছিল। হঠাৎ হোৱা এই আকস্মিক বানত আবদ্ধ হৈ পৰে মুঠ ৭ জন সেনা জোৱান।

ইয়াৰে দুজনক উদ্ধাৰ কৰা হৈছে। অৱশ্যে আন পাঁচজন এতিয়াও সন্ধানহীন হৈ আছে। ইয়াৰ ভিতৰত আছে হাবিলদাৰ উপেন্দ্ৰৰ লগতে কুন্দন, বিনোদ, আদিত্য আৰু সামুণ্ডা নামৰ আন চাৰিজন সেনা জোৱান। নিৰুদ্দেশ হোৱা জোৱানকেইজনক বিচাৰি ব্যাপক অনুসন্ধান আৰম্ভ কৰা হৈছে।

একাধিক সংস্থাই এই উদ্ধাৰ অভিযান হাতত লৈছে। ৰাজ্যিক দুৰ্যোগ প্ৰতিৰোধ বাহিনী (এছডিআৰএফ), ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু জিলাখনৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য দলৰ সদস্যসকলে এই অভিযান চলাই আছে। ৫ নং গ্ৰেনেডিয়াৰৰ দুটা বিশেষ অনুসন্ধান আৰু উদ্ধাৰকাৰী দলো নিয়োগ কৰা হৈছে।

ইয়াৰ উপৰিও ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ ৫৮ নং বেটেলিয়ন, জেনেৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰ ফৰ্চৰ ৬২ নং ৰোড কনষ্ট্ৰাকচন কোম্পানী, অৰুণাচল প্ৰদেশ আৰক্ষী আৰু স্থানীয় স্বেচ্ছাসেৱকসকলেও উদ্ধাৰ অভিযানত সহায় কৰি আছে। পাছিঘাটৰ ১০ জনীয়া এছ ডি আৰ এফৰ এটা দলো সেই স্থানত উপস্থিত হৈছে।

অৱশ্যে আকস্মিক বানত সেনা শিবিৰৰ ক্ষতিৰ পৰিসৰ এতিয়াও স্পষ্ট হোৱা নাই। শিবিৰৰ লগতে অঞ্চলটোৰ অন্যান্য আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে নে নাই সেই বিষয়ে নিৰীক্ষণ চলি আছে। পৰিস্থিতি স্বাভাৱিক কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

আনহাতে, অৰুণাচল প্ৰদেশৰ উজনি সুবনশিৰি জিলাতো একেদিনাই এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয়। কেওজাৰিং-বায়াচিং পথৰ এটা কাটিং ছাইটত সংঘটিত হয় ভূমিস্খলন। খবৰ পোৱা গৈছে যে সেই সময়ত তাত কাম চলি আছিল। ভূমিস্খলনৰ ফলত কেইবাজনো লোক মাটিৰ তলত চেপা খাই পৰে।

এই ঘটনাত ৪ জন লোকৰ মৃত্যু হয়। নিহত কেইজন হৈছে তাডু বাকি, তাজী ৰায়, মাৰ্কছ বসুমতাৰী আৰু বাবুল আলী। ইয়াৰ ভিতৰত বাবুল আলীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাকীবোৰৰ সন্ধান এতিয়াও চলি আছে।

ঘটনাস্থলীত নাচো থানাৰ আৰক্ষী জোৱান মোতায়েন কৰা হৈছে। ডাপৰিজোৰ পৰা অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ কৰ্মী প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। উদ্ধাৰ অভিযানত এছডিআৰএফৰ এটা দলো জড়িত হৈ আছে।

একেদিনাই অৰুণাচল প্ৰদেশৰ দুখন জিলাত আকস্মিক বান আৰু ভূমিস্খলনত ইমানবোৰ লোকৰ মৃত্যু আৰু সন্ধানহীন হোৱা ঘটনাই আতংক বিয়পাইছে। প্ৰতিকূল বতৰৰ মাজতে দুৰ্যোগ সঁহাৰি দলৰ সদস্যসকলে দুৰ্গম অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd