• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2026 9:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰত নব্বৈৰ দশকত কাশ্মীৰী পণ্ডিতসকলক লক্ষ্য কৰি সংঘটিত হোৱা হত্যাকাণ্ডসমূহৰ তদন্ত পুনৰ আৰম্ভ কৰিব ষ্টেট ইনভেষ্টিগেচন এজেন্সী, অৰ্থাৎ এছআইএ-য়ে। ১৯৯৮ চনত সংঘটিত হোৱা ভয়ংকৰ ৱান্ধামা গণহত্যাৰ গোচৰটো ২৬ বছৰৰ পাছত পুনৰ খুলি নতুনকৈ তদন্ত আৰম্ভ কৰিছে তদন্তকাৰী সংস্থাটোৱে। একে সময়তে কাশ্মীৰী পণ্ডিত নেতা টিকা লাল টাপলু আৰু ন্যায়াধীশ নীলকণ্ঠ গঞ্জুৰ হত্যাকাণ্ডৰ তদন্তও অধিক সক্ৰিয় কৰি তোলা হৈছে।

১৯৯৮ চনৰ ২৫ জানুৱাৰীত গান্দেৰবল জিলাৰ ৱান্ধামা গাঁৱত সশস্ত্ৰ জংগীয়ে প্ৰৱেশ কৰি কাশ্মীৰী পণ্ডিত পৰিয়ালসমূহক লক্ষ্য কৰি আক্ৰমণ চলাইছিল। অমানৱীয় গুলীচালনাত ৯গৰাকী মহিলা আৰু ৪টা শিশুসহ মুঠ ২৩জন নিৰীহ লোক নিহত হৈছিল। ইমান বছৰ পাৰ হৈ যোৱাৰ পাছতো এই হত্যাকাণ্ডৰ ৰহস্য সম্পূৰ্ণৰূপে উদঘাটন হোৱা নাছিল। এতিয়া এছআইএ-য়ে পুনৰ তদন্ত আৰম্ভ কৰি ঘটনাৰ সৈতে জড়িত জংগী আৰু স্থানীয়ভাৱে সহায় কৰা লোকসকলক চিনাক্ত কৰাৰ চেষ্টা চলাইছে।

Apply Now

ইয়াৰ পূৰ্বে কাশ্মীৰী পণ্ডিত নাৰ্ছ সৰলা ভাট হত্যাকাণ্ডৰ তদন্ততো এছআইএ-য়ে সক্ৰিয়তা বৃদ্ধি কৰিছিল। চলিত বছৰত এই গোচৰত এখন ৭৩৭ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰা হয়, য’ত কাৰাবন্দী জেকেএলএফ নেতা য়াছিন মালিকক মূল ষড়যন্ত্ৰকাৰী হিচাপে উল্লেখ কৰা হৈছে। কবি তথা সাহিত্যিক সৰ্বানন্দ কৌল প্ৰেমী আৰু তেওঁৰ পুত্ৰ বীৰেন্দ্ৰ কৌল হত্যাকাণ্ডৰ তদন্ততো উপত্যকাৰ বিভিন্ন স্থানত তালাচী চলোৱা হৈছিল।

এতিয়া পুৰণি আৰু বহুদিন ধৰি অমীমাংসিত হৈ থকা কাশ্মীৰী পণ্ডিত হত্যাকাণ্ডৰ গোচৰসমূহৰ ফাইল পুনৰ মেলি তদন্ত আগবঢ়াই নিয়া হৈছে। ১৯৮৯ চনৰ ছেপ্টেম্বৰ মাহত নিহত হোৱা বিশিষ্ট অধিবক্তা তথা তেতিয়াৰ জম্মু-কাশ্মীৰ বিজেপিৰ উপ-সভাপতি টিকা লাল টাপলুৰ হত্যাকাণ্ডও ইয়াৰ ভিতৰত অন্যতম। কাশ্মীৰ উপত্যকাত জংগীবাদৰ আৰম্ভণিৰ সময়ত সংঘটিত হোৱা লক্ষ্যভিত্তিক হত্যাকাণ্ডসমূহৰ ভিতৰত টাপলুৰ হত্যা অন্যতম গুৰুত্বপূৰ্ণ ঘটনা আছিল।

আনহাতে, জেকেএলএফৰ জংগী মকবুল ভাটক মৃত্যুদণ্ড দিয়া ন্যায়াধীশ নীলকণ্ঠ গঞ্জুৰ হত্যাকাণ্ডৰ তদন্ততো নতুনকৈ তৎপৰতা বৃদ্ধি কৰা হৈছে। ১৯৮৯ চনৰ ৪ নৱেম্বৰত শ্ৰীনগৰৰ হৰি সিং ষ্ট্ৰীটত দিনদুপৰতে তেওঁক গুলীয়াই হত্যা কৰা হৈছিল। দশকজুৰি অমীমাংসিত হৈ থকা এই হত্যাকাণ্ডসমূহৰ আঁৰত থকা জংগী, অপৰাধী আৰু তেওঁলোকক সহায় কৰা লোকসকলক আইনৰ আওতালৈ অনাই এতিয়া এছআইএ-ৰ মূল লক্ষ্য হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd