• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2026 6:10 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশত বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰি অহা পৰিৱেশ কৰ্মী আৰু অধিবক্তা ভানু টাটকৰ বিৰুদ্ধে বিদেশৰ পৰা অবৈধভাৱে ধন গ্ৰহণ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, চমুকৈ চিবিআই-য়ে। বিদেশী অনুদান নিয়ন্ত্ৰণ আইন (Foreign Contribution Regulation Act (FCRA) উলংঘা কৰি বিদেশী সংস্থা আৰু ব্যক্তিৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে চিবিআই-য়ে।

উল্লেখ্য যে ভানু টাটক চিয়াং ইনজিজেনাছ ফাৰ্মাছৰ ফ’ৰাম (Siang Indigenous Farmers’ Forum)ৰ আইন উপদেষ্টা। একে সময়তে তেওঁ নাগৰিক সমাজৰ সংগঠন দিবাং ৰেজিষ্টেন্স (Dibang Resistance)ৰো সমন্বয়ক। অৰুণাচল প্ৰদেশৰ চিয়াং নদীত প্ৰস্তাৱিত ১২,৫০০ মেগাৱাট ক্ষমতাৰ চিয়াং মাল্টিপাৰ্পছ প্ৰজেক্ট (Siang Multipurpose Project)ৰ বিৰুদ্ধে তেওঁ আৰু সংশ্লিষ্ট সংগঠনসমূহে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছে। দিবাং ৰেজিষ্টেন্স -এ দিবাং নদীত প্ৰস্তাৱিত ২,৮৮০ মেগাৱাট ক্ষমতাৰ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধেও প্ৰতিবাদ চলাই আহিছে।

Apply Now

চিবিআইৰ এহাজাৰ অনুসৰি, ভানু টাটকে মুঠ ১৭.৬ লাখ টকাৰো অধিক বিদেশী ধন লাভ কৰিছিল বুলি অভিযোগ কৰা হৈছে। চিবিআইৰ দাবী, বাধ্যতামূলক পঞ্জীয়ন বা অনুমতি নোলোৱাকৈ বিভিন্ন বিদেশী সংস্থা আৰু ব্যক্তিৰ পৰা তেওঁৰ ব্যক্তিগত সঞ্চয়ী বেংক একাউণ্টলৈ পোনপটীয়াকৈ ধন আহিছিল।

চিবিআই-এ অভিযোগ কৰিছে যে ভানু টাটকে ফিলিপাইনছস্থিত Asia Indigenous Peoples Network on Extractive Industries and Energy আৰু Indigenous Peoples Rights International, আয়াৰলেণ্ডস্থিত Front Line আৰু যুক্তৰাজ্যস্থিত Human Rights Resource Centreৰ দৰে বিদেশী সংস্থাৰ পৰা ধন লাভ কৰিছিল।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ আন এক অভিযোগ অনুসৰি, ভানু টাটকে কেতিয়াও আয়কৰৰ ৰিটাৰ্ণ দাখিল কৰা নাই। বিদেশৰ পৰা লাভ কৰা বুলি অভিযোগ উঠা এই ধনৰ কোনো তথ্য চৰকাৰী নথিতো প্ৰতিফলিত হোৱা নাই বুলি চিবিআই-এ দাবী কৰিছে।

লগতে, এজাহাৰত চিবিআ-এ অভিযোগ কৰিছে যে এই ধন অৰুণাচল প্ৰদেশত বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ আয়োজন আৰু অব্যাহত ৰখাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এনে কাৰ্যই দেশৰ অৰ্থনৈতিক আৰু কৌশলগত স্বাৰ্থত নেতিবাচক প্ৰভাৱ পেলাইছে বুলিও তদন্তকাৰী সংস্থাটোৱে অভিযোগ কৰিছে।

অৱশ্যে এই অভিযোগ সম্পৰ্কে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ভানু টাটাকে।

ইফালে চিয়াং ইনজিজেনাছ ফাৰ্মাছৰ ফ’ৰাম -এ দাবী কৰি আহিছে যে ১২,৫০০ মেগাৱাট ক্ষমতাৰ চিয়াং মাল্টিপাৰ্প্ৰজ প্ৰজেক্টে স্থানীয় জনজাতীয় সমাজ, বিশেষকৈ আদি জনগোষ্ঠীৰ বাবে অস্তিত্বৰ সংকট সৃষ্টি কৰিব পাৰে। সংগঠনটোৱে প্ৰকল্পটোৰ সামাজিক আৰু পৰিৱেশগত প্ৰভাৱক লৈ বহুদিন ধৰি আপত্তি জনাই আহিছে।

ভানু টাটকৰ বিৰুদ্ধে এই গোচৰ পঞ্জীয়নৰ পূৰ্বেও তেওঁ চৰকাৰী ব্যৱস্থাৰ মুখামুখি হৈছিল। ২০২৫ চনৰ ছেপ্টেম্বৰত আয়াৰলেণ্ডলৈ যাবলৈ ওলোৱাৰ সময়ত দিল্লী বিমানবন্দৰত অভিবাসন কৰ্তৃপক্ষই তেওঁক বিমানত উঠিবলৈ বাধা দিছিল। অৰুণাচল প্ৰদেশ আৰক্ষীয়ে জাৰি কৰা লুকআউট চাৰ্কোলাৰৰ ভিত্তিত এই বাধা দিয়া হৈছিল।

সেই সময়ত ভানু টাটক ডাবলিন চিটি ইউনিভাৰ্চিটিত এক ত্ৰৈমাসিক শৈক্ষিক কাৰ্যসূচীত অংশ ল’বলৈ আয়াৰলেণ্ডলৈ যাবলৈ সাজু হৈছিল। তেওঁ সেই সময়ত এই বাধাক প্ৰশাসনিক ক্ষমতাৰ “ইচ্ছাধীন অপব্যৱহাৰ” বুলি অভিহিত কৰি দাবী কৰি কৈছিল যে কৰ্প’ৰেট স্বাৰ্থৰ বাবে এনে ব্যৱস্থা দেশত ক্ৰমাৎ স্বাভাৱিক কৰি তোলা হৈছে।

তেওঁ সামাজিক মাধ্যমত কৈছিল যে এনে কাৰ্যই ভাৰতীয় সংবিধানে নাগৰিকক দিয়া মৌলিক অধিকাৰক দুৰ্বল কৰি তুলিব পাৰে। এতিয়া বিদেশী ধন গ্ৰহণৰ অভিযোগত চিবিআইৰ গোচৰ ৰুজু হোৱাৰ পিছত অৰুণাচলত বৃহৎ বান্ধ প্ৰকল্পৰ বিৰুদ্ধে চলি অহা আন্দোলন আৰু চৰকাৰী তদন্তক লৈ নতুনকৈ বিতৰ্কৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm
মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd