• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2026 10:28 am
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ শিক্ষাব্যৱস্থাৰ পুতৌলগা অৱস্থাক লৈ এইবাৰ প্ৰতিবাদত ফাটি পৰিছে ফ্ৰান্সৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। শিক্ষাব্যৱস্থাৰ চৰম দুৰৱস্থাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে দেশখনৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী। যোৱা কেইমাহমানৰ ভিতৰতে দেশৰ অন্যতম বৃহৎ ছাত্ৰ আন্দোলনৰ সন্মুখীন হৈছে ফ্ৰান্স চৰকাৰ। ৰাজপথ অৱৰোধ কৰাৰ লগতে শতাধিক বিদ্যালয় বন্ধ কৰি ছাত্ৰ-ছাত্ৰীসকল এই প্ৰতিবাদত চামিল হৈছে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা কেইবালানিও সংঘৰ্ষৰ পিছত আৰক্ষীয়ে শতাধিক প্ৰতিবাদকাৰীক আটক কৰিছে।

 সংবাদ মাধ্যমৰ খবৰ অনুসৰি, প্ৰথমতে ফ্ৰান্সৰ কেইখনমান চহৰত বিদ্যালয় বন্ধ কৰি এই আন্দোলনৰ সূত্ৰপাত হৈছিল। ইয়াৰ পিছতে আন্দোলনৰ উত্তাপ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে। কেইবাখনো চহৰত আৰক্ষীৰ সৈতে সংঘৰ্ষ আৰু অগ্নিসংযোগৰ দৰে ঘটনাও সংঘটিত হয়। আগতীয়া প্ৰস্তুতি নথকাৰ বাবে এই বিক্ষোভে ফৰাচী প্ৰশাসনক অপ্ৰস্তুত অৱস্থাত পেলাইছে। প্ৰশাসনে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্বেগক মান্যতা দিলেও তেওঁলোকৰ হিংসাত্মক আন্দোলন আৰু বিশৃংখলতাক তীব্ৰ নিন্দা কৰিছে।

Apply Now

 এই আন্দোলনৰ মূলতে আছে ফৰাচী চৰকাৰী শিক্ষা ব্যৱস্থাৰ প্ৰতি বছৰ বছৰ ধৰি চলা চৰকাৰী অৱহেলা আৰু ইয়াৰ বিৰুদ্ধে শিক্ষাৰ্থীসকলৰ তীব্ৰ ক্ষোভ। ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ অনুসৰি, বিদ্যালয়ৰ একোটা শ্ৰেণীকোঠাত শিক্ষক আৰু শিক্ষাৰ্থীৰ অতিৰিক্ত হেঁচা, বিদ্যালয় ভৱনৰ জৰাজীৰ্ণ অৱস্থা, কৰ্মচাৰীৰ সংকট আৰু শিক্ষকৰ অনুপস্থিতিয়ে ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। ইয়াৰ সমান্তৰালকৈ শিক্ষকৰ কম দৰমহা, সামাজিক বৈষম্য আৰু বিশ্ববিদ্যালয়সমূহত নামভৰ্তি প্ৰক্ৰিয়াৰ জটিলতা তথা অস্বচ্ছতাক লৈয়ো চৰম ক্ষোভৰ সৃষ্টি হৈছে। আনকি গৰমৰ দিনত তীব্ৰ তাপপ্ৰৱাহৰ মাজত পঢ়াশুনাৰ বাবে উপযুক্ত পৰিৱেশ নথকাৰ বাবেও সমস্যা গুৰুতৰ হৈ পৰিছে।

 শুক্ৰবাৰে ছাত্ৰ-ছাত্ৰীসকলৰ এই আন্দোলনে অধিক তীব্ৰতৰ ৰূপ ধাৰণ কৰে। ৰাজধানী পেৰিছৰ পৰা আৰম্ভ কৰি লিঅঁ, ষ্ট্ৰাছবাৰ্গ আৰু মঁপেলিয়েৰ দৰে ডাঙৰ চহৰসমূহত শতাধিক হাইস্কুল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়। বিদ্যালয়ৰ মূল তোৰণসমূহত বেৰিকেড দি অৱৰোধ কৰা হয়। পেৰিছৰ বিখ্যাত লিচে ভলটেয়াৰকে ধৰি একাধিক প্ৰতিষ্ঠানৰ বাহিৰত ইয়াৰ বাবে আৰক্ষী মোতায়েন কৰা হৈছে।

 আন্দোলনৰ সময়ছোৱাত অধিকাংশ এলেকাত পৰিস্থিতি শান্তিপূৰ্ণ আছিল যদিও কিছুমান ঠাইত ই হিংসাত্মক ৰূপ লয়। শুক্ৰবাৰে পেৰিছৰ দুখন বিদ্যালয়ৰ মূল তোৰণত জুই লগাই দিয়াৰ ঘটনা পোহৰলৈ আহে। কেইবাখনো ঠাইত প্ৰতিবাদকাৰীয়ে ডাষ্টবিনত জুই লগোৱাৰ লগতে ফটকা ফুটায়। আন্দোলনকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয়। আনহাতে, ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ সমৰ্থকসকলে আৰক্ষীৰ বিৰুদ্ধে অতিৰিক্ত বলপ্ৰয়োগৰ অভিযোগ উত্থাপন কৰিছে। চৰকাৰৰ তৰফৰ পৰা ইয়াক চহৰীয়া হিংসা হিচাপে অভিহিত কৰি কটাক্ষ কৰা হৈছে আৰু আন্দোলনৰ এই ৰূপক কঠোৰ ভাষাৰে নিন্দা কৰিছে। অৱশ্যে একে সময়তে প্ৰশাসনে শিক্ষাৰ্থীসকলৰ ক্ষোভৰ কথাও স্বীকাৰ কৰি লৈছে। হঠাতে বিয়পি পৰা এই ব্যাপক ছাত্ৰ বিক্ষোভে বৰ্তমান ফৰাচী প্ৰশাসনক একপ্ৰকাৰ সংকটত কৰি পেলাইছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am
পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

October 4, 2026 10:28 am
সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

October 4, 2026 9:52 am
আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am
পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

October 4, 2026 10:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd