• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ছবিখন গ্ৰাহক খাদ্য মূল্য সূচকাংক (CFPI)ৰ পৰিসংখ্যাত অধিক স্পষ্ট। আগষ্ট মাহত খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৫.৯৭ শতাংশ। ছেপ্টেম্বৰ মাহত ৭.৭৪ শতাংশলৈ বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 13, 2026 8:03 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল বজাৰলৈ গ’লেই অনুভৱ কৰিব পাৰি যে কেঁচা শাক-পাচলি, পিঁয়াজ,  আৰু আনকি সৰু সৰু বস্তুৰ দামো কিমান বাঢ়িছে। বজাৰত বহুদিনৰ পৰাই মহঙা দৰ চলি আছে। দাম কমি অহাৰ কোনো লক্ষণ দেখা যোৱা নাই।

এইবাৰ ইয়াৰ প্ৰভাৱ পৰিছে দেশৰ খুচুৰা মুদ্ৰাস্ফীতিৰ ওপৰত। আগষ্ট মাহত যিটো হাৰ ৪.৮৩ শতাংশ আছিল, সেয়া ছেপ্টেম্বৰ মাহত ৫.৫৪ শতাংশলৈ বৃদ্ধি পাইছে। চৰকাৰী পৰিসংখ্যা অনুসৰি এমাহত পিঁয়াজৰ মূল্য ৪৮.৭৮ শতাংশৰ পৰা ১০৮.০৯ শতাংশলৈ বৃদ্ধি পাইছে। হালধি আৰু নেমুৰ দামও যথেষ্ট বৃদ্ধি পাইছে।

খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ছবিখন গ্ৰাহক খাদ্য মূল্য সূচকাংক (CFPI)ৰ পৰিসংখ্যাত অধিক স্পষ্ট। আগষ্ট মাহত খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৫.৯৭ শতাংশ। ছেপ্টেম্বৰ মাহত ৭.৭৪ শতাংশলৈ বৃদ্ধি পাইছে। ফলত খুচুৰা মুদ্ৰাস্ফীতিৰ বৃদ্ধিয়ে ৰিজাৰ্ভ বেংকৰ ৪ শতাংশ লক্ষ্য অতিক্ৰম কৰিছে। অৱশ্যে এতিয়াও ই কেন্দ্ৰীয় বেংকৰ ২ৰ পৰা ৬ শতাংশ সহনসীমাৰ পৰিসৰৰ ভিতৰত আছে।

Apply Now

এই মুদ্ৰাস্ফীতিৰ চাপৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে যোৱা সপ্তাহত ৰেপো ৰেট ২৫ বেছিছ পইণ্ট বৃদ্ধি কৰি ৫.৫০ শতাংশলৈ বৃদ্ধি কৰে। ৰেপো হাৰ বৃদ্ধিয়ে বেংকৰ বাবে ঋণ লোৱাৰ খৰচ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত ঋণৰ সুতৰ হাৰতো প্ৰভাৱ পৰিব। ফলত মধ্যবিত্ত শ্ৰেণীয়ে কেৱল বজাৰ বা খাদ্যৰ বাবেই নহয়, আন বহু কাৰণত চাপ অনুভৱ কৰিছে।

খাদ্য সামগ্ৰীৰ ভিতৰত ছেপ্টেম্বৰ মাহত আটাইতকৈ বেছি বৃদ্ধি পাইছে পিঁয়াজৰ দাম। আগষ্ট মাহত পিয়াঁজৰ মুদ্ৰাস্ফীতিৰ হাৰ ৪৮.৭৮ শতাংশৰ পৰা ছেপ্টেম্বৰ মাহত ১০৮.০৯ শতাংশলৈ বৃদ্ধি পাইছে। অৰ্থাৎ এবছৰ আগৰ তুলনাত পিঁয়াজৰ দাম বৃদ্ধিৰ হাৰ ১০০ শতাংশ অতিক্ৰম কৰিছে। নহৰুৰ ক্ষেত্ৰতো ছবিখন চিন্তনীয়। আগষ্ট মাহত নহৰুৰ মুদ্ৰাস্ফীতিৰ হাৰ ৪৩.৬০ শতাংশ হোৱাৰ বিপৰীতে ছেপ্টেম্বৰ মাহত ৫৪.৬২ শতাংশলৈ বৃদ্ধি পাইছে। নেমুৰ ক্ষেত্ৰত এই হাৰ ১৫.১৫ শতাংশৰ পৰা ৩৬.৪১ শতাংশলৈ বৃদ্ধি পাইছে।

খাদ্য সামগ্ৰীৰ উপৰিও ব্যক্তিগত পৰিচৰ্যা, সামাজিক সুৰক্ষা আৰু অন্যান্য সামগ্ৰী আৰু সেৱাৰ শিতানত মুদ্ৰাস্ফীতিৰ হাৰ ছেপ্টেম্বৰ মাহত ১৩.৭৫ শতাংশ। ৰেষ্টুৰেণ্ট আৰু হোটেলত থকা-সেৱাৰ খৰচ ৯.৩৬ শতাংশ বৃদ্ধি পাইছে।

পৰিবহণ খণ্ডত মুদ্ৰাস্ফীতিৰ হাৰ ৫.০১ শতাংশ। ব্যক্তিগত গাড়ী চলোৱাৰ ব্যয় বৃদ্ধি হৈছে ৭.৪৬ শতাংশ। স্বাস্থ্য সেৱাৰ মুদ্ৰাস্ফীতি ১.৪০ শতাংশ, গৃহ আৰু উপযোগী সেৱাত ২.৭৪ শতাংশ আৰু শিক্ষা খণ্ডত ৩.৯৪ শতাংশ।

ছেপ্টেম্বৰৰ পৰিসংখ্যাই দেখুৱাইছে যে খাদ্যৰ মূল্য বৃদ্ধিয়ে সামগ্ৰিকভাৱে খুচুৰা মুদ্ৰাস্ফীতি বৃদ্ধিৰ দিশে ঠেলি দিছে। বিশেষকৈ পিঁয়াজ, নহৰু আৰু নেমুৰ দাম বৃহৎ বৃদ্ধিয়ে সাধাৰণ মানুহৰ দৈনন্দিন খৰচৰ ওপৰত চাপ বৃদ্ধি কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd