• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

য়ুনিক’ডত অসমীয়া লিপিৰ স্বতন্ত্ৰতা : এভাৰছনক আসমলৈ মতাৰ বিৰোধিতা

স্মিতা ভট্টাটাৰ্য by স্মিতা ভট্টাটাৰ্য
July 2, 2018 10:18 pm
Michael-Everson.-Photo-source-rovasirasforrai.hu_-570x320
262
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ বাসিন্দা শল্য চিকিৎসক তথা অসমীয়া লিপিক য়ুনিক’ডত এটা সুকীয়া লিপি হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰথমৰ পৰাই মাত মতা ডাঃ সত্যকাম ফুকনে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত আৰু সচিব প্ৰীতম শইকীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত ফুকনে অসম চৰকাৰে মাইকেল এভাৰছনক অসমলৈ আমন্ত্ৰণ কৰাৰ বিষয়ত আপত্তি দৰ্শাইছে। তেওঁ কৈছে যে এভাৰছনক অসমলৈ আমন্ত্ৰিত কৰাটো ৰাজহুৱা ধনৰ অপব্যয় মাথোঁ।

উল্লেখযোগ্য যে অসম চৰকাৰে আইএছঅ’: ১০৬৪৬ মানকত অসমীয়া লিপিৰ বাবে সুকীয়া শ্লট ৰখাৰ বিষয়ত এটা প্ৰস্তাৱনাৰ খচৰা প্ৰস্তুত কৰাৰ বাবে এভাৰছনক আমন্ত্ৰণ কৰিছে।

এভাৰছক অসমলৈ আমন্ত্ৰণ কৰাৰ বিৰুদ্ধাচৰণ কৰাৰ যুক্তি দেখুৱাই ফুকনে কৈছে যে মাইকেল এভাৰছন আছিল য়ুনিক’ড মানকৰ খচৰা প্ৰস্তুত কৰা ব্যক্তিসকলৰ অন্যতম, যিখন খচৰা পৰৱৰ্তী সময়ত আইএছঅ’ : ১০৬৪৬ত প্ৰয়োজনীয় তাল-মিলৰ সৈতে গ্ৰ্ৰহণ কৰা হৈছিল। আইএছঅ’ : ১০৬৪৬ৰ পৰা অসমীয়া লিপিক বিলুপ্তি ঘটোৱা প্ৰধান লোকসকলৰ ভিতৰতো এগৰাকী হৈছে মাইকেল এভাৰছন। তাৰে ভিতৰত কেইগৰাকীমান ভাৰতীয় বিষয়া যেনে ওম বিকাশ, স্বৰ্ণলতা আদিও আছে। তাৰোপৰি, যেতিয়া ২০১২ চনত ফুকনে য়ুনিক’ড ফ’ৰামত অসমীয়া লিপিৰ অন্তৰ্ভুক্তিৰ বিষয়টো উত্থাপন কৰিছিল, তেতিয়া এইগৰাকী মাইকেল এভাৰছনেই অসমীয়া ভাষা আৰু অসমীয়া লোকসকলৰ বিষয়ে অশোভনীয় ভাষা প্ৰয়োগ কৰি প্ৰত্যুত্তৰ দিছিল।

শইকীয়ালৈ প্ৰেৰণ কৰা পত্ৰত ফুকনে এভাৰছনৰ চিঠিৰ পৰা প্ৰাসংগিক মন্তব্যসমূহো  গাঁঠি দিছে।.

তাৰোপৰি, এই পত্ৰখনত কোৱা হৈছে যে এভাৰছন আৰু য়ুনিক’ডৰ দ্বাৰা বলি হোৱা হাংগেৰীৰ এদল কম্পিউটাৰ বিশেষজ্ঞৰ সহায়ত তেওঁ ২০১৪ৰ ১৪জুনত এখন অভিযোগ দাখিল কৰিছিল।

আইএছঅ’ই এভাৰছনক তেওঁৰ আচৰণৰ বাবে আনুষ্ঠানিকভাৱে ভৰ্ৎসনা কৰিছিল। ফুকনে শইকীয়ালৈকে প্ৰেৰণ কৰা পত্ৰখনৰ সৈতে এই সম্পৰ্কে প্ৰেৰণ কৰা ই-মেইলৰ প্ৰতিলিপি এটাও গাঁথি দিছে।

পত্ৰখনত আৰু কোৱা হয় যে এভাৰছনে নিজেই তদৰ্থক প্ৰস্তাৱ হিচাপে বাঙালী ক’ড তালিকা এখনৰ খচৰা প্ৰস্তুত কৰাৰ পৰামৰ্শ দিছিল আৰু ইয়াক লণ্ডনলৈ যোৱা অসমীয়া প্ৰতিনিধিসকলে বৰফ গলা বুলি দাবী কৰিছিল। এভাৰছনে অসমীয়া লিপিৰ বাবে সুকীয়া শ্লট/ৰেঞ্জৰ বাবে কোনো পধ্যেই সন্মত হোৱা নাছিল। তাৰোপৰি তেওঁলোকে ‘ক্ষ’ আখৰটো এনক’ড কৰিবলৈ ইচ্ছা কৰা নাছিল।

পত্ৰখনত আৰু কোৱা হৈছে যে এভাৰছনে খোলাখুলিকৈ কৈছিল যে য়ুনিক’ড মানকৰ লিপ্যান্তৰৰ ক্ষেত্ৰত কৰিবলগীয়া একো নাই। কিন্তু য়ুনিক’ডে আইএছঅ’ : ১৫৯১৯ মানকৰ অন্তৰ্গত ‘উমৈহতীয়া স্থানীয় তথ্য ভঁড়াল’ (CLDR) লিপ্যান্তৰ নীতি নিৰ্দেশনা মানি চলে। ইয়াতেই তেওঁৰ দুমুখীয়া স্থিতি প্ৰকাশ পাইছে।

এই পত্ৰখনত সত্যকাম ফুকনে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত আৰু সচিবগৰাকীক অনুৰোধ কৰিছে যাতে এভাৰছনৰ দৰে এগৰাকী লোকক নিমন্ত্ৰণ কৰি আনি ৰাজহুৱা ধন অযুক্তিকৰভাৱে অপব্যয় কৰি অসমলৈ নিমন্ত্ৰণ জনোৱাৰ বিষয়টো পুনৰ বিৱেচনা কৰে।

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd