নামনি অসমৰ বিশেষকৈ নলবাৰী, বৰপেটা, কামৰূপ আদি কেইবাখনো জিলাৰ বিভিন্ন অঞ্চলত বন বিভাগ তথা আৰক্ষীৰ পূৰ্ন সহযোগত এচাম চোৰাং ব্যৱসায়ীয়ে কাঠ আৰু ৰঙা বালিৰ চোৰাং ব্যৱসায় চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি কামৰূপ গ্ৰাম্য জিলাৰ দক্ষিণত অৱস্থিত প্ৰায় ৭৫ হেজাৰ হেক্টৰ মাটিৰ বিভিন্ন বনাঞ্চলৰ মূল্যৱান শিশু, শাল, চেগুন, গমাৰি ,তিতাচপা, বনচোম আদি মূল্যৱান গছ সমূহ চোৰাং ব্যৱসায়ীয়ে কাটি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উওৰ পাৰৰ হাজো বামুন্দী নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুকালমুৱা ,ৰামপুৰ, কাপলাবৰী ,লাৰকুছি আৰু বৰপেটা জিলাৰ বহৰি, মন্দিয়া, হাউলী আদি অঞ্চলত নিয়মীয়াকৈ যোগান ধৰে।
মধ্যভোগী দালাল, চোৰাং ব্যৱসায়ী আৰু বেদখলকালীৰ কবলত সম্প্ৰতি দক্ষিণ কামৰূপৰ ৰাণী, মিৰ্জা, বকো, শিঙৰা লোহাৰঘাট আদি অঞ্চলৰ সেউজীয়া ভূমি বিধ্বস্ত হৈ মৰুভূমিলৈ ৰূপান্তৰিত হোৱাৰ উপক্ৰম হৈছে।
উল্লেখযোগ্য যে বনাঞ্চলৰ ভিতৰত বা সমীপৱৰ্তী অঞ্চলত মাচাং সাজি হাত কৰতেৰে টুকুৰা টুকুৰ কৰি চোৰাং কাঠবোৰ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যন্ত্ৰচালিত নাৱেৰে মুকলিকৈ উত্তৰ পাৰলৈ সৰবৰাহ কৰি আছে দুষ্ট চক্ৰটোৱে।
অনুৰূপভাৱে কুকুৰমাৰা, বকো, ছয়গাঁও, গোৱালপাৰা আদিৰ পৰাও ৰঙা বালিৰ চোৰাং বেহা চলাইছে উক্ত চক্ৰটোৱে। উওৰ পাৰৰ বিভিন্ন ঘাটৰ পৰা মিনি ট্ৰাক, টেম্প’, ঠেলা ,ঘোঁৰাগাড়ীৰে বিভিন্ন ঠাইলৈ সৰবৰাহ কৰা হৈছে চোৰাং কাঠ। দিনদুপৰতে বৰপেটা-দৌলাশাল-হাজো-গুৱাহাটী গড়কাপ্তানী পথেৰেই অবৈধ কাঠ আৰু ৰঙা বালিৰে বোজাই কৰা ট্ৰাক, ঠেলা ,টেম্প’ আদি বন বিভাগ তথা আৰক্ষী প্ৰশাসনৰ সন্মুখেৰে সৰবৰাহ হৈ আছে।
এই ক্ষেত্ৰত বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী, আৰক্ষী আৰু ব্যৱসায়ীৰে গোপন বুজাবুজিৰ সহযোগত ৰমৰমীয়া চোৰাং কাঠৰ ব্যৱসাই চলি আছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। তদুপৰি নলবাৰী, বৰপেটা জিলাৰ কিছু ঠাইত অবৈধ কাঠফলা মিল গঢ়ি উঠিছে।কিন্তু বিভাগীয় কৰ্তৃপক্ষই এই অবৈধ মিলসমূহ বন্ধ কৰাৰ বিপৰীতে মিলৰ মালিকৰ পৰা মাহিলী চুক্তিত ধন লৈ অবৈধ ব্যৱসায়ত সহযোগিতা কৰা বুলিহে স্থানীয় ৰাইজে অভিযোগ তুলিছে। এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।