• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ষমা নোখোজালৈকে বন্ধ থাকিব মুকেশ হুণ্ডাইৰ শ্ব’ৰূম : জাতীয় দল-সংগঠনক কৰ্তৃপক্ষৰ লিখিত প্ৰতিশ্ৰুতি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2018 4:57 pm
MukeshHundai

আজি বন্ধ ৰখা হয় গণেশগুৰিস্থিত মুকেশ হুণ্ডাইৰ শ্ব'ৰূমটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্মচাৰীক অপদস্থ কৰা মুকেশ হুণ্ডাইৰ স্বত্ত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই ক্ষমা নোখোজালৈকে বন্ধ থাকিব মুকেশ হুণ্ডাইৰ গণেশগুৰিস্থিত শ্ব’ৰূম আৰু ছাৰ্ভিচ চেণ্টাৰ। আজি এই কথা নিশ্চিত কৰিছে জাতীয় দল-সংগঠনৰ সৈতে মুকেশ হুণ্ডাই কৰ্তৃপক্ষৰ এখন চুক্তি পত্ৰই।

৪ জুলাইত মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই প্ৰতিষ্ঠানটোৰ এজন জ্যেষ্ঠ কৰ্মচাৰীক কাণত ধৰাই অপদস্থ কৰা জঘন্য ঘটনাটোৱে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছত আজি ঘটনাটো সন্দৰ্ভত মুকেশ হুণ্ডাইৰ শ্ব’ৰূমৰ মালিকপক্ষৰে লাচিত সেনা, উন্নয়ন পৰিষদ, অসম জাতীয়াবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অখিল গগৈৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছত এই চুক্তিপত্ৰখনত চহী কৰে কৰ্তৃপক্ষই।

Apply Now

বৈঠকত ঋষভ হিম্মৎসিংকাক তেওঁৰ এই নিন্দনীয় আচৰণৰ বাবে ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী তোলা হৈছিল। হুণ্ডাই কৰ্তৃপক্ষই এই দাবী মানি লয় বুলি জানিব পৰা গৈছে।

ঋষভ হিম্মৎসিংকাই সংবাদমেল দি ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা কৰিব বুলি হুণ্ডাইৰ জেনেৰেল মেনেজাৰ (ছেইলছ) ধীৰাজ দাস কাশ্যপে এখন চুক্তিপত্ৰত চহী কৰে।

চুক্তিপত্ৰ মতে, যেতিয়ালৈকে এই ঋষভ হিম্মৎসিংকাই সংবাদ মাধ্যম যোগে ৰাজহুৱাভাৱে ক্ষমা নোখোজে, তেতিয়ালৈকে মুকেশ হুণ্ডাইৰ গণেশগুৰিস্থিত শ্ব’ ৰূম আৰু ছাৰ্ভিছ চেণ্টাৰ বন্ধ থাকিব বুলিও চুক্তি হয়।

“আমাৰ স্বত্ত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই এখন সংবাদমেল আয়োজন কৰি অসমবাসী ৰাইজৰ ওচৰত ৰাজহুৱাকৈ ক্ষম খুজিব।  যেতিয়ালৈকে তেখেতে তেখেতৰ এই কৃতকৰ্মৰ বাবে অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱাকৈ ক্ষমা নুখুজিব তেতিয়ালৈকে মুকেশ হুণ্ডাইৰ গণেশগুৰিস্থিত শ্ব’ ৰূম আৰু ছাৰ্ভিছ চেণ্টাৰ দুয়োটাই বন্ধ থাকিব। বন্ধৰ সময়ছোৱাত সকলো কৰ্মচাৰীয়ে তেখেতসকলৰ ন্যায্য দৰমহাসহ ছুটী লাভ কৰিব।…”

Agreement_MukeshHundai
মুকেশ হুণ্ডাইৰ জেনেৰেল মেনেজাৰে বিভিন্ন দল-সংগঠনৰ সৈতে কৰা চুক্তিপত্ৰখন।

কৃষক মুক্তিৰ নেতা অখিল গগৈ আৰু সদৌ অসম উন্নয়ন পৰিষদ, লাচিত সেনা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৈতে এই চুক্তি কৰে। এই চুক্তিপত্ৰৰ প্ৰতিলিপি জাতীয় দল-সংগঠনৰ লগতে জিলা প্ৰশাসনলৈও প্ৰেৰণ কৰা বুলি হুণ্ডাইৰ কৰ্তৃপক্ষই কয়।

এই বন্ধৰ সময়ছোৱা কৰ্মচাৰীসকলে ছুটী হিচাপে পাব। কৰ্মচাৰীসকলে ছুটীৰ সময়ছোৱাত সম্পূৰ্ণ দৰমহাও লাভ কৰিব। তাৰোপৰি কোনো কৰ্মচাৰীক ভৱিষ্যতে দুৰ্ব্যৱহাৰ কৰা নহ’ব বুলিও চুক্তিত চহী কৰে মুকেশ হুণ্ডাই কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে ৪ জুলাইত মুকেশ হুণ্ডাইৰ এজন জ্যেষ্ঠ কৰ্মচাৰীক প্ৰতিষ্ঠানটোৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই কাণত ধৰাই অপদস্থ কৰি ঘৃণনীয় আচৰণ প্ৰদৰ্শন কৰিছিল, যাৰ প্ৰতিক্ৰিয়া ৰাজ্যৰ সৰ্বত্ৰে দেখা গৈছিল।

আজি গণেশগুৰিস্থিত মুকেশ হুণ্ডাই শ্ব’ৰূমৰ সন্মুখত কেইবাটাও দল-সংগঠনে এই ঘটনাটোৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে লগতে ঋষভ হিম্মৎসিংকাৰ পৰা লিখিত ক্ষমা প্ৰাৰ্থনা দাবী কৰে। প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোক মোতায়েন কৰা দেখা যায়।

ঘটনাটোৰ প্ৰতিবাদ কৰিছে অৰ্কিড ইণ্ডিয়া নামৰ সংগঠনটোৱেও। কৰ্তৃপক্ষই ক্ষমা নোখোজা পৰ্য্যন্ত মুকেশ হুণ্ডাইক বৰ্জনৰ আহ্বান জনাইছে সংগঠনটোৱে।

আনহাতে কালি ঘটনা সন্দৰ্ভত তিনিটাকৈ গোচৰ ৰুজু হৈছে ঋষভ হিম্মৎসিংকাৰ বিৰুদ্ধে। অৱশ্যে হিম্মৎসিংকাক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই।

আজি প্ৰতিষ্ঠানটোৰ সন্মুথত যথেষ্ট সংখ্যক আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোক থকাৰ লগতে প্ৰতিষ্ঠানটো বন্ধ থকা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd