• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী আচঁনিয়ে ঢুকি নোপোৱা এহাল বৃদ্ধ দম্পতীৰ কৰুণ গাথা

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
July 12, 2018 7:27 am
বৃদ্ধ দম্পতীৰ কৰুণ গাথা
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ অধীনৰ নিজ চলচলি গাওঁ পঞ্চায়তৰ ব্ৰাহ্মণ গাৱঁৰ বাসিন্দা জয় চন্দ্ৰ শৰ্মা। ১৯২৯ চনত জন্মগ্ৰহণ কৰা এইজন ৮৯ বছৰীয়া বৃদ্ধ  পত্নীসহ এখন টিঙৰ চালিৰ তলত ৩০ বছৰৰো অধিক কাল জীৱন নিৰ্বাহ কৰিব লগা হৈছে।

চৰকাৰী কোনোধৰণৰ আঁচনিৰ পৰা উপকৃত নোহোৱা এইজন বৃদ্ধই পত্নীসহ ৮ ফুট বহল আৰু ১০ ফুট দীঘল এখন টিঙৰ চালিৰ তলত অতি কষ্টকৰ জীৱন অতিবাহিত কৰাটো পঞ্চায়ত প্ৰতিনিধি বা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ চকু নপৰাটো অত্যন্ত পৰিতাপৰ বিষয় হিচাবে পৰিগণিত হৈছে।

Apply Now

চৰকাৰী আৱাস যোজনা, বিনামূলীয়া বিদ্যুত যোগান, সুলভ মূল্যৰ ৰন্ধন গেছকে ধৰি কোনো আঁচনিৰ পৰা উপকৃত নোহোৱা বিষয়টো স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও এইসকলক উপঢৌকন দিব নোৱাৰাৰ বাবেই হয়তো কোনো চৰকাৰী আচঁনিয়ে সামৰি লব পৰা নাই এইহাল বৃদ্ধ দম্পতীক।

বুধবাৰে সাংবাদিকৰ এটা দলে বৃদ্ধ দম্পতীৰ ঘৰত উপস্থিত হোৱা সময়ত দম্পতীহালে তেওঁলোকৰ জীৱনৰ কৰুণ কাহিনী বৰ্ণনা কৰে। জীৱনৰ সৰহ সময় সামাজিক কাম কৰি বৰ্তমান প্ৰায় পাঁচ বছৰ ধৰি শাৰীৰিক কাৰণত এই কামৰ পৰাও অব্যাহতি লোৱা জয়চন্দ্ৰ শৰ্মাই এতিয়া এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিব লগাৰ কথা উল্লেখ কৰে।

নিজৰ একমাত্ৰ কন্যাক বিয়া দিয়াৰ পিছৰে পৰা অকলশৰীয়া হৈ পৰা বৃদ্ধ দম্পতীহালে অন্ত্যোদয়া আচঁনিৰ পৰা পোৱা চাউলৰ কিছু অংশ বিক্ৰী কৰি তেল, নিমখৰ খৰচ যোগাৰ কৰিব লগা হয়। ইফালে এই দম্পতীহালৰ দুৰৱস্থা সৰ্ম্পকে বঢ়মপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মুকিবুৰ ৰহমানক জনোৱা হৈছিল যদিও এই গৰাকী বিষয়াই দম্পতীহালৰ দুৰৱস্থাৰ বুজ ল’বলৈ আহৰিকে নাপালে।

হাবি,জংঘলৰ মাজত টিঙৰ চালিত বাস কৰা দম্পতীহালে বতাহ ,বৰষুণ আহিলে উজাগৰী নিশা কটাব লগা হয়।বৰ্তমান পৰিবৰ্তনকামী চৰকাৰখন গঠন হোৱাৰ পিছত এইহাল দম্পতীয়ে তেওঁলোকৰ দুৰ্বিসহ বৃদ্ধ জীৱনৰ পৰা কিছু পৰিমানে হলেও উপশম পাব বুলি আশা কৰিছিল যদিও সেই আশা ,আশা হৈয়ে ৰৈ গ’ল।

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতি অনুৰোধ জনাই এই বৃদ্ধ দম্পতীহালে কয়, আমি তেওঁৰ জৰিয়তে বৃদ্ধ বয়সত এটা আৱাসগৃহ পালে নথৈ সুখী হম। নহ’লে স্থানীয় পঞ্চায়ত প্ৰতিনিধি বা আন বিষয়াই তেওঁলোকৰ এই দুৰৱস্থা বুজি নাপায়।‘

চৰকাৰী আবাসগৃহকে ধৰি সকলো আঁচনিৰ জৰিয়তে দম্পতীহালক উপকৃত কৰিবলৈ স্থানীয় লোকেও নগাঁও জিলা উপায়ুক্তৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।

 

বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd