• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ দৰে বিজেপি চৰকাৰেও নিষিদ্ধ কৰিলে বিশ্ব হিন্দু পৰিষদৰ প্ৰাক্তন শীৰ্ষনেতা প্ৰবীণ ভাই টোগাড়িয়াক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 14, 2018 9:25 pm
Pravin Vai Tugadia_2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূতপূৰ্ব কংগ্ৰেছ চৰকাৰখনৰ দৰে অসমৰ বিজেপিৰ চৰকাৰখনেও অসমত নিষিদ্ধ কৰিলে বিশ্ব হিন্দু পৰিষদৰ প্ৰাক্তন শীৰ্ষনেতা প্ৰবীণ ভাই টোগাড়িয়াক। সৌ সিদিনালৈকে বিশ্ব হিন্দু পৰিষদত সসন্মানে স্থান পাই থকা তথা সংঘীসকলৰ মাজত অতি জনপ্ৰিয় নেতাজনৰ অসম প্ৰৱেশত নিষেধাজ্ঞা বিজেপিৰ চৰকাৰখনৰ এই নিষেধাজ্ঞাক আৰ এছ এছৰ ষড়যন্ত্ৰ বুলি আখ্যা দিলে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে।

উল্লেখযোগ্য যে অহা ১৮-১৯ জুলাইত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া নৱগঠিত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ এখন সভাত উপস্থিত থাকিবলৈ দুদিনীয়া কাৰ্য্যসূচীৰে অসমলৈ অহাৰ কথা আছিল ডাঃ প্ৰবীণ ভাই টোগাৰিয়া। নেতাজন অসমলৈ অহাৰ কথা আছিল অসম আৰক্ষীয়ে আজি এই সভাখনৰ আয়োজকক জনায় যে প্ৰবীণ ভাই টোগাড়িয়াক অসমলৈ অহাত চৰকাৰে বাধা নিষেধ আৰোপ কৰিছে। ফলত আয়োজক আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসম শাখাৰ নেতাসকলে ক্ষোভ প্ৰকাশ কৰাৰ লগতে আৰ এছ এছৰ প্ৰৰোচনাত ৰাজ্যৰ বিজেপি চৰকাৰে নেতাজনক অসমত সভা অনুষ্ঠিত কৰাত বাধা দিয়া বুলি গুৰুতৰ অভিযোগ তোলে।

Apply Now

“আৰ এছ এছৰ প্ৰৰোচনাত ৰাজ্যৰ বিজেপি চৰকাৰে হিন্দু নেতা প্ৰবীণ ভাই টোগাড়িয়াক অসমত সভা অনুষ্ঠিত কৰাত বাধা আৰোপ কৰিছে।” এইদৰে কয় আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে।

মন কৰিব লগীয়া যে, কিছুদিন পূৰ্বে আৰএছএছৰ সৈতে মতানৈক্য ঘটিছিল প্ৰবীণ ভাই টোগাডিয়াৰ আৰু তাৰ পৰিণতিত বিশ্ব হিন্দু পৰিষদৰ পৰা বহিষ্কৃত হৈছিল জ্যেষ্ঠ নেতাজন।

তাৰ পাছতে নেতাজনে বিশ্ব হিন্দু পৰিষদৰ একাংশ সদস্যক লৈ নিজাকৈ এটা নিজা দল গঠন কৰিছিল, যিটোৰ নাম হ’ল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ।

তাৎপৰ্য্যপূৰ্ণভাৱে, আজি সংবাদ মাধ্যমৰ আগত আজি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসমৰ নেতাকেইজনে কয় যে ৰাজ্যিক বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰায় ৯০ শতাংশ সদস্যই নতুনকৈ গঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদত অচিৰেই যোগদান কৰিব।

আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন ভূঞাই সংবাদ মাধ্যমৰ আগত কয় যে উক্ত দুটা দিনত গুৱাহাটীত অনুষ্ঠিতব্য সাংগঠনিক সভাত ৰাষ্ট্ৰীয় সভাপতি টোগড়িয়াক অংশগ্ৰহণ কৰাত বাধা প্ৰদান কৰাটো চৰকাৰ স্বেচ্ছাচাৰী ভুমিকা।

তেওঁ লগতে কয় “চৰকাৰৰ ব্যৰ্থতা ঢকাৰ লগতে ইছলামিক লবীক সন্তুষ্ট কৰিবলৈ চৰকাৰে হিন্দু বিৰোধী হঠকাৰী সিদ্ধান্ত লৈছে।”

আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, অসম প্ৰান্তৰ উদ্যোগত কাইলৈৰ পৰা চৰকাৰৰ বাংলাদেশী প্ৰীতি নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ-আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

মন কৰিব লগীয়া যে সংগঠনটোক সভা অনুষ্ঠিত কৰিবলৈ চৰকাৰে অনুমতি দিও এতিয়া তাত বিধি-পথালি দিয়া বুলি অভিযোগ তোলে নেতাকেইজনে। তেওঁলোকৰ হাতত সভা অনুষ্ঠিত কৰিবলৈ প্ৰশাসনে দিয়া অনুমতি পত্ৰ থকা বুলিও দাবী কৰে। লগতে সংগঠনটোৱে প্ৰবীণ টোগাড়িয়াক অসমলৈ আহিব নোৱৰাৰ কাৰণ জানিব বিচৰাত আৰক্ষী বিষয়াজনে কাৰণ জনোৱাৰ পৰা বিৰত থাকে বুলি তেওঁলোকে অভিযোগ তোলে।

আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰে আন এগৰাকী সদস্য জ্ঞানেন্দ্ৰ বৰ্মনে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰবীণ ভাই টোগাড়িয়া আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতা তথা দেশৰ এগৰাকী নাগৰিক হিচাপে দেশৰ বিভিন্ন প্ৰান্তলৈ যোৱাৰ অধিকাৰ আছে, কিন্তু এই অধিকাৰক অসম চৰকাৰে সন্মান জনোৱা নাই।

তদুপৰি চৰকাৰৰ চকুৰ সন্মুখতে মহানগৰীৰ জালুকবাৰীৰ ওচৰত দীপৰ বিলৰ মাটিত বাংলাদেশীয়ে কলনি গঢ়া বুলি তেওঁ গুৰুতৰ অভিযোগ আনি কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত বাংলাদেশী এজনো নগ’ল তাৰ বিপৰীতে দৈনিক উন্মুক্ত সীমান্তৰে বাংলাদেশী আহি আছে।

তেওঁ লগতে কয়, “বিজেপি দলে অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা বুলি প্ৰতিশ্ৰুতি দিছিল। প্ৰবীণ ভাই টোগাড়িয়াই চৰকাৰক বাৰম্বাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ বাবে আহ্বান জনাই আহিছিল, সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ দাবী তোলাৰ লগতে উমৈহতীয়া দেৱানী আইন অনাৰ বাবে তথা সীমা চীল কৰাৰ বাবে আহ্বান জনাইছিল। প্ৰবীণ ভাই  টোগাড়িয়াৰ এই কথাসমূহ এতিয়া শাসক পক্ষৰ ভাল নলগা হৈছে আৰু সেয়েহে তেওঁৰ কণ্ঠ ৰোধ কৰাৰ বাবে চেষ্টা কৰিছে।‘

আনহাতে এটা সূত্ৰই কয় যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ দ্বিতীয় তথা চূড়ান্ত খচৰা প্ৰকাশৰ আগত ৰাজ্যৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ থকা চৰকাৰে ৰাজ্যত আহি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব পাৰে বুলিয়েই গোড়া হিন্দুত্ববাদী নেতাজনক অহাত বাধা দিয়াৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে প্ৰবীণ ভাই টোগাড়িয়াক পূৰ্বেও ২০১৫ চনত অসমৰ তদানীন্তন কংগ্ৰেছ চৰকাৰে সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা আৰু উচটনিমূলক মন্তব্য দিয়া বাবে সভাত অংশগ্ৰহণ বাৰণ কৰিছিল। সেইদৰে পশ্চিমবংগৰ চৰকাৰ আৰু কৰ্ণাটক চৰকাৰেও নেতাজনক প্ৰৱেশ নিষিদ্ধ কৰিছিল। সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাত অভ্যস্ত বিতৰ্কিত নেতাজনক অন্যান্য স্থানতো নিষিদ্ধ কৰা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd