• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উদুলি-মুদুলি স্বৰ্ণৰাণীৰ বাসগৃহ : উবুৰি খাই পৰিছে ৰাজনৈতিক নেতা-শুভাকাংক্ষী

মিণ্টু দাস by মিণ্টু দাস
July 15, 2018 11:02 am
হিমৰ ঘৰত নেতাৰ ভিৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ এখন গাঁও, কান্ধুলীমাৰী। সৌ সিদিনালৈকে একেবাৰে অখ্যাত সকলো দিশতে পিছপৰা এই গাঁওখনৰ নাম এতিয়া সকলোৰে মুখে মুখে। সকলোৰে দৃষ্টি এই গাঁওখনৰ প্ৰতি। সাধাৰণ জনতাৰ পৰা উচ্চ পৰ্যায়লৈকে সৰ্বস্তৰৰ লোকৰ সোঁত বৈছে এই কান্ধুলীমাৰীলৈ।

এইদৰে গাঁওখন হঠাতে বিখ্যাত হৈ পৰাৰ মূল কাৰণ হৈছে এগৰাকী ১৮ বছৰীয়া যুৱতী। যিগৰাকী যুৱতীয়ে গাঁওখনলৈ অকলেই আনিছে এনে পৰিৱৰ্তন। সম্প্ৰতি সকলোৰে মাজত বেছ চৰ্চিত হৈ পৰা এই যুৱতীগৰাকী হৈছে হিমা দাস। সম্পূৰ্ণ একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু তীব্ৰ সংগ্ৰামৰ বলত নিজকে এগৰাকী সফল এথলেটিক হিচাপে গঢ়ি তুলিবলৈ সমৰ্থ হোৱা হিমা এতিয়া সকলোৰে চিনাকি নাম।

Apply Now

ইটোৰ পিছত সিটো সফলতাৰে এথলেটিকছ জগতত জিলিকি উঠা অসমৰ দৌৰৰ ৰাণী হিমাই শেহতীয়াকৈ ফিনলেণ্ডৰ টেম্পাৰেট অনুষ্ঠিত হোৱা অনূৰ্ধ্ব ২০ বিশ্ব আই এ এ এফ চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে নতুন ইতিহাস ৰচনা কৰাৰে পৰা হিমাৰ জন্মভূমি নগাঁও জিলাৰ কান্ধুলীমাৰী হৈ পৰিছে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু।

হিমাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক আজুৰি অনাৰ খবৰ সৰ্বত্ৰে বিয়পি পৰাৰ লগে লগে হিমাৰ কান্ধুলীমাৰীৰ বাসগৃহ অগণন শুভাকাংক্ষীৰে ভৰি পৰে। জন্মভূমিৰ চৌপাশে আনন্দৰ ঢল বোৱাৰ লগতে উৎসাহী গাঁওবাসীয়ে নাচি-বাগি, ফটকা ফুটাই আনন্দ-স্ফূৰ্তিত আত্মহাৰা হৈ পৰে৷ আনকি হিমাৰ সাফল্যত অতিকে উৎসাহী হৈ পৰা গাঁওবাসীয়ে শুকুৰবাৰে নিশা হিমাৰ ঘৰত ভোজ-ভাত খাই উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰাৰ লগতে পিতৃ-মাতৃক অভিনন্দন জনায়।

অনুৰূপ পৰিবেশ কালিও বিৰাজমান হোৱা দেখা যায় আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ হিমাৰ বাসগৃহ তথা জন্মভূমি কান্ধুলীমাৰীত। কিয়নো, সাধাৰণ জনতা, শুভাকাংক্ষীৰ পৰা ৰাজনৈতিক নেতা-পালিনেতা, বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীৰে পুৱাৰে পৰা সোঁত বয় হিমাৰ ঘৰলৈ। এতিয়া বিশ্ব দৰবাৰত জিলিকি উঠা হিমাৰ বাসগৃহ হৈ পৰিছে উদুলি-মুদুলি। সকলোৱে এথলেটিকগৰাকীৰ পিতৃ-মাতৃক শুভেচ্ছা জনোৱাৰ লগতে হিমাৰ মংগল কামনাৰে বাসগৃহত ভিৰৰ সৃষ্টি কৰে৷

ইয়াৰ মাজতে অসম অলিম্পিক সন্থা আৰু অসম এথলেটিকছ সংস্থাৰ এটি সঁজাতি দল হিমাৰ ঘৰত উপস্থিত হৈ প্ৰতেকেই ২ লাখকৈ টকা প্ৰদান কৰাৰ লগতে অসম অলিম্পিক সন্থাৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে দুৰন্ত হিমাৰ পিতৃ-মাতৃক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়।তদুপৰি হিমা দাসক সন্থাৰ আজীৱন সদস্যা হিচাপে ঘোষণা কৰে৷

ইয়াৰ পিছতে প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, নগাঁও বৰোদা বেংক শাখাৰ কৰ্তৃপক্ষ, ধিং ৰাজহ চক্ৰ বিষয়াকে প্ৰমুখ্য কৰি কেইবাটাও ক্ৰীড়া সংগঠনৰ বিষয়-ববীয়া উপস্থিত হৈ ইতিহাস সৃষ্টিকাৰী দৌৰবিদগৰাকীৰ পিতৃ-মাতৃক শুভেচ্ছা জ্ঞাপন কৰে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

June 25, 2026 3:15 pm
আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

June 25, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd