• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ স্বাৰ্থত কৰ্মচাৰীক ভয়-ভাবুকি নিদিব : শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে সৰৱ কৰ্মচাৰী পৰিষদ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2018 8:50 am
শিক্ষামন্ত্ৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ পছন্দৰ বিষয়াক বদলি কৰাৰ নিমিত্তে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্ই ভয়-ভাবুকিৰে ফাইলৰ নথিৰ টোকাৰ পৃষ্ঠা সলনি কৰাৰ দৰে কাৰ্যও সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে।

পৰিষদৰ সভাপতি বাসৱ চন্দ্ৰ কলিতা আৰু সম্পাদক ফকৰুদ্দিন আহমেদে এটা বিবৃতিত প্ৰকাশ কৰিছে যে- ‘’মন্ত্ৰীয়ে নিজৰ বিভাগৰ অধীনস্থ বিষয়া-কৰ্মচাৰীক য’তে ত’তে বদলি কৰাৰ ক্ষমতা আছে, তাৰ বাবে নথিৰ টোকাৰ পৃষ্ঠা সলনি কৰি নিজৰ পছন্দৰ বিষয়াক স্থলাভিষিক্ত কৰাৰ বাবে বাধ্য কৰাব নালাগে। তেনে কাৰ্য কৰিবলৈ গৈ এগৰাকী নিম্ন বৰ্গৰ কৰ্মচাৰীক নিজ কাৰ্যালয়লৈ মাতি নি দুৰ্ব্যৱহাৰ কৰাৰ লগতে নিজৰ সংযম হেৰুৱাই তাৎক্ষনিকভাৱে চাকৰিৰ পৰা  নিলম্বন কৰিবলৈ দিয়া গৰিহনাৰ যোগ্য।‘’

Apply Now

বিবতিটোত উল্লেখ কৰা অনুসৰি নগাঁৱত শিক্ষা বিভাগৰ ইনস্পেক্টিং অডিটৰ  হিচাপে কৰ্মৰত নাছিৰ হুছেইনক শিৱসাগৰলৈ বদলিৰ বাবে তেওঁৰ মাতৃয়ে জনোৱা এখন আবেদন মন্ত্ৰী ভট্টাচাৰ্যই বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু একে সময়তে শক্তি মন্ত্ৰী তপন গগৈয়ে ইনস্পেক্টিং অডিটৰ হিচাপে মঙলদৈত কৰ্মৰত সুকৃতি বৰগোঁহাইক শিৱসাগৰলৈ বদলিৰ বাবে এটি টোকা বিভাগলৈ প্ৰেৰণ কৰিছিল।

বিভাগটোৰ জ্যেষ্ঠ প্ৰশাসনীয় সহায়ক চন্দন কাকতিয়ে নিয়ম অনুসৰি দুয়োখন আবেদন নথিভুক্ত কৰি উচ্চ পৰ্যায়ত সিদ্ধান্তৰ বাবে ফাইল সাজু কৰে। ইয়াৰ পিছত উপ সচিবৰ পৰা আয়ুক্ত সচিব পৰ্যায়লৈকে বিবেচনা কৰাৰ অন্তত বৰগোঁহাইক বদলি কৰাৰ বাবে অনুমোদন বিচাৰি মন্ত্ৰীলৈ ফাইল প্ৰেৰণ কৰা হয়।

ফাইল পোৱাৰ পিছত মন্ত্ৰী ভট্টাচাৰ্যই তেওঁ বদলি বিচৰা নাছিৰ হুছেইনৰ পৰিৱৰ্তে মন্ত্ৰী তপন গগৈয়ে বিচৰা সুকৃতি বৰগোঁহাইৰ বদলিৰ পোষকতা কৰাত ক্ষুব্ধ হৈ পৰে।

পৰিষদৰ বিবৃতিত উল্লেখ কৰা অনুসৰি শিক্ষামন্ত্ৰীৰ পছন্দৰ বিষয়াজনক বদলিৰ বাবে নথিত টোকা নিদিয়াত ক্ষুব্ধ হৈ জ্যেষ্ঠ প্ৰশাসনীয় সহায়ক চন্দন কাকতিক কাৰ্যালয়লৈ মাতি নি অকথ্য কথাৰে গালি গালাজ কৰাৰ লগতে চাকৰিৰ পৰা নিলম্বন কৰিবলৈ সচিবালয় প্ৰশাসন বিভাগক নিৰ্দেশ দিয়ে।

পৰিষদে উল্লেখ কৰে যে মন্ত্ৰী ভট্টাচাৰ্যই হুছেইনৰ মাতৃৰ আবেদনখন বিবেচনাৰ বাবে নিদি বদলি কৰা হওক বুলি স্পষ্ট কৰি দিলে এনে অবাঞ্চিত পৰিস্থিতিৰ উদ্ভৱ নহ’লহেঁতেন। পৰিষদে লগতে কয় যে দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত পৰিষদে কেতিয়াও বিৰোধিতা কৰা নাই আৰু আগলৈও নকৰে। কিন্তু বিষয়া কৰ্মচাৰীক ভয়-ভাবুকি দি নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ বাধ্য কৰিলে অনাগত দিনত প্ৰশাসনত নেতিবাচক প্ৰভাৱ পৰিব বুলি পৰিষদে সকীয়াই দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd