• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপক সমৰ্থনেই অপৰাধ! চৰকাৰী আঁচনিয়ে ঢুকি নাপালে চামগুৰিৰ ৭০ বছৰীয়া বৃদ্ধাক

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
July 28, 2018 10:29 am
চামগুৰিৰ মনু বৰা

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত চামগুৰিৰ দুৰ্ভগীয়া বৃদ্ধা মনু বৰা। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ দূৰ্গ ৰূপে খ্যাত নগাঁও জিলাৰ চামগুৰিত মনু বৰা নামৰ এগৰাকী বৃদ্ধা মহিলাই অতি দৰিদ্ৰ জীৱন অতিবাহিত কৰিও এটি আঞ্চলিক ৰাজনৈতিক দল ( অগপ)ৰ সাধাৰণ সমৰ্থক হোৱাৰ অপৰাধতে আই ৱাই ঘৰ, জৱ কাৰ্ড, বিজুলী সংযোগ, বৃদ্ধ পেঞ্চন আদিকে ধৰি বিভিন্ন চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব লগা হোৱা এক কৰুণ ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে।

ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ প্ৰতি থকা আস্থাহীনতাৰ বাবে অথবা তৈলমৰ্দনেৰে নিজৰ স্বাৰ্থ পূৰণ কৰিব নোৱাৰা মানসিকতাৰ বাবে সমষ্টিটোৰ আঞ্চলিকতাবাদী ভাৱাদৰ্শৰ বহু দৰিদ্ৰ পৰিয়ালে ইতিমধ্যে বিভিন্ন সময়ত ৰাষ্ট্ৰীয়তাবাদী নেতা-কৰ্মীৰ পৰা বিভিন্ন প্ৰকাৰে জীয়াতু ভূগি থাকিব লগা হোৱাটো কোনো নতুন কথা নহয় ৷

Apply Now

পৰিৱৰ্তনৰ সপোন দেখুওৱা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ তথা বিজেপি দলৰ নেতা- কৰ্মীয়ে স্থানীয় নেতৃত্বৰ জৰিয়তে গাঁৱে গাঁৱে দুখীয়া নিচলাক চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰি সহায়ৰ হাত আগবঢ়াবলৈ জৰীপ কাৰ্য অৱ্যাহত ৰাখিলেও প্ৰকৃত হিতাধিকাৰীৰ যোগ্যতা থকা মনু বৰাৰ দৰে বহু লোক বাৰে বাৰে ৰহস্যজনকভাৱে বঞ্চিত হ‘ব লগা হৈ আছে ৷

বিগত পোন্ধৰ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছ দলৰ পূৰ্ণ সমৰ্থক হোৱাৰ স্বাৰ্থতে ডেকা বয়সৰ প্ৰায় সকল লোকে বৃদ্ধ পেঞ্চন লাভ কৰি আহিছিল যদিও নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ ভেলেউগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত গেন্ধালী বেবেজীয়াৰ নিবাসী মনু বৰা নামৰ বিধবা মহিলা গৰাকীয়ে জীৱনৰ প্ৰায় সত্তৰ বছৰ বয়সতো বৃদ্ধ পেঞ্চন পাবলৈ সক্ষম হোৱা নাছিল৷

দিন হাজিৰা কৰি অতি কষ্টৰে জীৱন সংগ্ৰাম অৱ্যাহত ৰখা দুৰ্ভগীয়া মহিলা গৰাকীয়ে বৃদ্ধ পেঞ্চন পোৱাৰ আশাৰে দুবাৰকৈ দুটা বেঙ্ক একাউন্ট খুলিছিল যদিও আজি পৰ্যন্ত চৰকাৰী কোনো সুবিধা নাপালে৷ দুটা পুত্ৰ সন্তানৰ মাতৃ গৰাকীয়ে পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰে ভৰা সংসাৰৰ পৰা পৃথকে থাকি বোৱা কটাৰ লগতে মধ্যাহ্ণ সুৰুযৰ প্ৰখৰ তাপ মূৰতলৈ শাওনৰ পথাৰত ভুঁই ৰুই কাম কৰাৰ  বিনিময়ত পোৱা পাৰিশ্ৰমিকেৰে  কিছু অংশৰে কোনো মতে বেঙ্ক একাউণ্টটো চলাই থকাৰ লগতে মাতৃ স্নেহৰ মমতাৰে দুই পুত্ৰৰ পৰিয়ালকো সাধ্যানুসাৰে সহায় কৰি আহিছে ৷

এই গৰাকী বৃদ্ধা মহিলাৰ বিষয়ে জানিব পাৰি প্ৰাক্তন  অগপ নেতা তথা  বৰ্তমানৰ বাজিয়া মণ্ডল বিজেপিৰ সভাপতি বীৰেন শইকীয়া আৰু বাজিয়া গাওঁ উন্নয়ন খণ্ডৰ  খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱাই মনু বৰা নামৰ বৃদ্ধা মহিলা  গৰাকীক অনাগত দিনত  জৱ কাৰ্ড, বৃদ্ধ পেঞ্চন আদি আঁচনিৰ জৰিয়তে পূৰ্ণ সহায় সহযোগিতা কৰিব বুলি  আশ্বাস প্ৰদান কৰা  বুলি জানিব পৰা গৈছে।

বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd