ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কত আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মন্ত্ৰী পৰিষদৰ এখন বৈঠক সম্পন্ন হয়।
মন্ত্ৰী পৰিষদৰ বৈঠকৰ অন্তত শিক্ষা আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমক জনোৱা অনুসৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এছ অ’ পি (standard operating procedure) প্ৰস্তুত কৰি দাখিল কৰিবৰ বাবে নিৰ্দেশ দিছিল।
তেওঁ লগতে কয় “ৰাজ্য চৰকাৰৰ স্পষ্টীকৰণ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে।”
উল্লেখ্য যে, অহা ১৬ আগষ্টত উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়টো পুনৰ উত্থাপন হোৱাৰ লগতে উক্ত দিনটোতে ন্যায়ালয়ৰ শুনানি আছে।
আনহাতে, কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কত ৰাজ্য চৰকাৰৰ সিদ্ধান্ত দাঙি ধৰিব বুলি তেওঁ কোৱাৰ উপৰি উচ্চতম ন্যায়ালয়ে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও মন্ত্ৰী ভট্টাচাৰ্য্যই জানিবলৈ দিয়ে।
তদুপৰি, অসম চৰকাৰৰ ফালৰ পৰা বিভিন্ন সংগঠন, ব্যক্তি বিশেষ বা আন সকলৰ মতামত বা এইসকলে চৰকাৰক এন আৰ চি সম্পৰ্কত যিখিনি কথা জনাইছিল, সেই কথাখিনি সন্নিৱিষ্ট কৰি ইতিমধ্যে ৰাজ্য চৰকাৰৰ স্পষ্টীকৰণ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে বুলিও সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমৰ আগত জনায়।
উল্লেখ্য যে, যোৱা ৩০ জুলাইত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতে বিভিন্ন দল-সংগঠনে এন আৰ চিৰ খচৰাখনক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে বহু ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ নেতাই প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰাত অসন্তুষ্টি প্ৰকাশ কৰিছিল।
ইয়াৰোপৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেব আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াকে ধৰি অন্য দল-সংগঠনৰ নেতৃত্বই এন আৰ চিৰ চূড়ান্ত খচৰাকৈ লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল।
উল্লেখ্য যে, অখিলঞ্জীয়া লোক এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত নিয়োজিত হোৱা বাবে বহু লোকৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল ৰঞ্জিত দাসে।
আনহাতে বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেবেও এন আৰ চিৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ ১৯৫১ চন হোৱাটো দাবী কৰাৰ লগতে বহু হিন্দু ধৰ্মাৱলম্বী লোকৰ নাম চূড়ান্ত খচৰাৰ পৰা বাদ পৰা বুলি অভিযোগ আনিছিল।
ইয়াৰোপৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়ায়ো এন আৰ চিৰ খচৰাৰ পৰা স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ লোকৰ নাম বাদ পৰা কথাটোত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছিল।
উল্লেখিত নেতাসকলৰ বাহিৰেও খিলঞ্জীয়া মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেতিয়া, প্ৰব্ৰজন বিৰোধী মঞ্চকে মুখ্য কৰি অন্যান্য দল-সংগঠনৰ নেতৃবৃন্দই এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ আপত্তি প্ৰকাশ কৰাৰ লগতে শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকা প্ৰস্তুত কৰিবৰ বাবে চৰকাৰ তথা এন আৰ চি কৰ্তৃপক্ষক আহ্বান জনাইছিল।