নগাঁও জিলাৰ বঢ়মপুৰত মঙলবাৰে ১৯৪২ চনৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বঢ়মপুৰৰ চাৰিগৰাকী চহিদ ক্ৰমে বলো সূত, ঠগী সূত, লক্ষী হাজৰিকা আৰু ভোগেশ্বৰী ফুকননীৰ পুণ্য স্মৃতিত ৭৬ তম চহিদ দিৱস উদযাপন কৰা হয়।
দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা চহিদ দিৱসৰ প্ৰাৰ্থনা আৰু দিহা নামত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী। এই কাৰ্যসূচীত উপস্থিত থাকি ৰাজবংশীয়ে কয় যে বঢ়মপুৰৰ ইতিহাসৰ বিষয়ে মই সৰু কালৰেপৰা শুনি আহিছো। সেই কাৰণে আজি বঢ়মপুৰৰ এই পুণ্য ভূমিত মই উপস্থিত হৈ পৰম সৌভাগ্য বুলি ভাবিছো।
পথৰুঘাটৰ স্বাধীনতা আন্দোলনৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই পথৰুঘাট মোৰ নিজা ঠাই হোৱা হেতুকে মই এই বিষয়ে বহু কথা জানো। কিন্তু বঢ়মপুৰৰ বহু ইতিহাস আছে বুলি উল্লেখ কৰি স্বাধীনতা আন্দোলনৰ বিষয়ে তত্বগধুৰ ভাষণ দিয়ে।
অনুষ্ঠানত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে বঢ়মপুৰৰ বহু গণ্য মান্য ব্যক্তি, স্থানীয় ৰাইজ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। ইয়াৰ পিছতে দুপৰীয়া ১২’৩০ বজাৰ পৰা অনুষ্ঠিত হয় ভাৰতৰ স্বাধীনতা আন্দোলনৰ চহিদ আৰু নিৰ্যাতিতসকলৰ স্মৃতিচাৰণ সভা।
চহিদ ভৱন আৰু কেন্দ্ৰীয় পুথিভড়াল পৰিচালনা সমিতিৰ সভাপতি বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী ড: জয়শ্ৰী গোস্বামী মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্বোধক হিচাপে উপস্থিত থাকি প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই কয়- ‘বঢ়মপুৰত প্ৰতি বছৰে পালন কৰি অহা চহিদ দিৱসে চহিদ সকলৰ স্মৃতি ৰোমন্থন কৰাত সহায় কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনত বৃটিছৰ গুলিত প্ৰাণ আহুতি দিয়া সেইসকল চহিদ নৱপ্ৰজন্মৰ কাৰণে আদৰ্শৰ প্ৰতীক’।
আনহাতে সভাত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে ভাৰতৰ স্বাধীনতা আন্দোলন ঐতিহাসিক সংগ্ৰাম হিচাপে পৰিগণিত হৈ আহিছে, আমি সকলোৱে স্বাধীনতা আন্দোলনৰ ভাৰতবৰ্ষৰ ইতিহাস সম্পৰ্কে জানিব লাগিব।
সভাত বিশিষ্ট সাংবাদিক তথা ‘আমাৰ অসম’ কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰু উপস্থিত থাকি কয় যে ১৯৪২ চনৰ স্বাধীনতা আন্দোলন ভাৰতবৰ্ষত এককভাৱে হোৱা সৰ্ববৃহৎ গণ আন্দোলন আছিল। সেই সময়ৰ ইংৰাজ শাসক উইলচন চাৰ্চিলে এই গণ আন্দোলনক নস্যাৎ কৰিছিল বুলি উল্লেখ কৰি ৰাজগুৰুৱে আন্দোলনকাৰী আৰু চৰকাৰৰ মাজত সেইসময়ত মধ্যস্থতাকাৰী হিচাপে আছিল কংগ্ৰেছ সভাপতি মৌলিনা আব্দূল কালাম আজাদ। সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ স্বাধীনতা স্বপ্নৰ নেতৃত্ব দিয়া এইগৰাকী মহান ব্যক্তিক আমি পুনৰ মনত পেলোৱা উচিত বুলি উল্লেখ কৰে।
আনহাতে বৰ্তমান সময়ত অসমত সামাজিক নেতৃত্ব দিব পৰা লোকৰ অভাৱ হোৱা বুলি সাংবাদিক ৰাজগুৰুৱে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সভাত বহুকেইজন বিশিষ্ট ব্যক্তিয়ে স্বাধীনতা আন্দোলনৰ বিষয়ে ভাষণ আগবঢ়োৱাৰ লগতে মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ছাইদুল্লা নংগ্ৰূম উপস্থিত থাকি অসমত আঞ্চলিক দলৰ প্ৰাসংগিকতা সম্পৰ্কে উল্লেখ কৰে।
অসম গণ পৰিষদ নগাঁও জিলা সমিতিৰ সম্পাদক নিৰঞ্জন বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত চহিদ দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা চহিদ পৰিয়ালৰ সদস্যসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে বঢ়মপুৰ সমষ্টিৰ সামাজিক ক্ষেত্ৰখনত ওৰেটো জীৱন উৎসৰ্গা কৰা ৭০ গৰাকী ৭৫ৰ উদ্ধৰ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
সভাত প্ৰাক্তন বিধায়ক মকুন্দৰাম চোধুৰী, অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি তপন দাস, সমাজকৰ্মী ধ্ৰুৱ শৰ্মা, মুক্তি যোদ্ধা যতীন হাজৰিকাৰ উপৰি চহিদ পৰিয়ালৰ কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।