ডিমৌ প্ৰাথমিক স্বাস্থ্য কেন্দ্র তথা শিৱসাগৰ মহকুমা স্বাস্থ্য বিষয়া গৰাকীৰ কাৰ্য্যালয়ৰ অন্তৰ্গত এলেকাত চলিত মাহত দুটাকৈ কণমানি শিশুৱে জাপানীজ এনেকেফেলাইটিছত ৰোগত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱটি লোৱা কাৰ্য্যই ডিমৌ অঞ্চলত আতংক সৃষ্টি কৰিছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থা আৰু ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
উল্লেখযোগ্য যে এই ক্ষেত্রত দুয়োটা ছাত্ৰ সংগঠনে স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰদান কৰি অহা এনেকেফেলাইটিছত ৰোগ প্ৰতিষেধক বেজীৰ কাৰ্য্যকমতাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে ।
ঘটনা সন্দৰ্ভত ২১ তাৰিখে ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক গৌতম বৰা আৰু ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক সুমিত কুমাৰ সন্দিকৈয়ে মহকুমা স্বাস্থ্য বিষয়া গৰাকীক সাক্ষাৎ কৰি মানুহৰ জীৱনৰ লগত হেতালি খেলাৰ পৰা বিৰত থাকিবলৈ দাবী জনোৱাৰ লগতে শীঘ্ৰে এই ক্ষেত্ৰত আঁঠুৱাৰ ঔষধিকৰণৰ লগতে অন্যান্য যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।
উল্লেখযোগ্য যে ছাত্ৰ নেতা দ্বয়ক মহকুমা স্বাস্থ্য বিষয়া গৰাকীয়ে জনাইছে যে জিলা স্বাস্থ্য যুটীয়া সঞ্চালক গৰাকীৰ কাৰ্য্যলয়ৰ পৰা আঁঠুৱা ঔষধিকৰণৰ সন্দৰ্ভত কোনো ধৰণৰ দৰৱৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়েই স্বাস্থ্য বিভাগে কিদৰে জনসাধাৰণৰ জীৱনৰ লগত খেলা কৰি আছেএই কথা নিশ্চিতভাবে প্ৰতীয়মান কৰে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ছাত্ৰ নেতা দ্বয়ে উল্লেখ কৰে যে পুনৰ বাৰ জনসাধাৰণৰ জীৱনৰ লগত খেলা কৰা এনে ঘটনা সংঘটিত হবলৈ পালে আছু-আটাছুৱে ৰাইজৰ স্বাৰ্থত গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হোৱাৰ লগতে স্বাস্থ্য বিষয়াৰ কাৰ্য্যলয়টো অনিদিষ্ট কাললৈ বন্ধ কৰি দিব বুলি সকীয়াই দিছে। লগতে জিলা যুটীয়া সঞ্চালক গৰাকীৰ অকৰ্মমন্যতাক ধিক্কাৰ দিছে।