NORTHEAST NOW (Assamese)
অসম

লুই বাৰ্জাৰ : জি এম ডি এৰ কাৰ্যালয়ত প্ৰাক্তন মুখ্য কাৰ্যবাহী প্ৰীতম শইকীয়াক চি বি আইৰ জেৰা

Posted by: কল্পজ্যোতি শইকীয়া September 29, 2018 12:31 pm
b3357711-f634-4dd3-9de2-c65d55eb669c

লুই বাৰ্জাৰ কেলেংকাৰিৰ তদন্তৰ বাবে আহি অসমত উপস্থিত হোৱা চি বি আইৰ দলটোৱে আজি মহানগৰীৰ জি এম ডি এৰ কাৰ্যালয়ত জি এম ডি এৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া  প্ৰীতম শইকীয়াক জেৰা কৰে।

চি বি আইৰ এছ পি ৰাজীৱ ৰঞ্জনৰ নেতৃত্বত ৬ জনীয়া এটা দলে জেৰা চলাই আছে। বৰ্তমানলৈকে জিএমডিএ কাৰ্যালয়তে আছে জি এম ডি এৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বি,য়া তথা বৰ্তমান শিক্ষা বিভাগৰ আয়ুক্ত সচিব গৰাকী।

c5563370-d2f2-4512-a236-0d70c2b35c2a
চি বি আইৰ জেৰাৰ বাবে জি এম ডি এৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ মুহূৰ্তত প্ৰীতম শইকীয়া। ফটো : নৰ্থইষ্ট নাও

উল্লেখযোগ্য যে লুই বাৰ্জাৰ কেলেংকাৰিৰ সৈতে সাঙোৰ খাই পৰিছিল শইকীয়াৰ নাম। যোৱা ২৭ চেপ্তেম্বৰতো গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ সচিব পৰাগমণি মহন্ত আৰু মুখ্য কাৰ্য্যবাহী বিষয়া ৰূপক মজুমদাৰক চি বি আই এ জেৰা চলাইছিল।

আনহাতে, গুৱাহাটী পানী যোগান প্ৰকল্প ৰূপায়ন শাখা আৰু এনফ’ৰ্ছমেন্ট সঞ্চালকালয়ত চি বি আইয়ে বহু কেইজন বিষয়াক আজি জেৰা চলাব বুলি জানিব পৰা গৈছে।

গুৱাহাটী খোৱাপানী যোগান প্ৰকল্প নিৰ্মাণৰ নামত সংঘটিত কেইবা কোটিটকীয়া লুই বাৰ্জাৰ কেলেংকাৰিৰ তদন্তৰ বাবে যোৱা ২৬ ছেপ্টেম্বৰত গুৱাহাটীত উপস্থিত হোবা চি বি আইৰ দলটোৱে তদন্ত অভিযান অব্যাহত ৰাখিছে।