যোৱা ২৬ জুলাইত এক ঘোষণাৰ জৰিয়তে কেন্দ্ৰীয় পথ যোগাযোগ মন্ত্ৰী নীতিন গাডকাৰিয়ে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে অসমৰ আয়ুসৰেখাস্বৰূপ ব্ৰহ্মপুত্ৰক শদিয়াৰ পৰা ধুবুৰীলৈকে মুঠ ৬০০ কিলোমিটাৰ খননৰ বাবে ৪০০ কোটি টকাৰ অনুমোদন দিয়া হৈছে। এই খননৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ পৰা সৃষ্টি হোৱা বানপানীৰ এক স্থায়ী সমাধান কৰা হ’ব। লগতে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰক ব্যৱসায়িকভাৱে লাভজনক কৰি তোলা হ’ব। লগতে অসমৰ বাবে নদীখনক আশীৰ্বাদস্বৰূপ কৰি তোলা হ’ব। মন্ত্ৰীজনৰ ঘোষণাত এইটো কোৱা হৈছিল যে বাৰিষাৰ অন্ত পৰিলেই অহা ছেপ্তেম্বৰতে এই খনন কাৰ্য্য আৰম্ভ হ’ব।
অসমৰ ৰাইজে এইটো এক সুখবৰ হিচাপে গণ্য কৰিলেও এতিয়া বাৰিষা শেষ হোৱাৰ কেইবা মাহ পাৰ হৈ যোৱাৰ পিছতো কামৰ কোনো উমঘাম নোপোৱাত কেন্দ্ৰীয় মন্ত্ৰীজনৰ প্ৰতিশ্ৰুতিক লৈ অসমীয়া মানুহ এক আশাত বন্দী হৈ আছে। কিন্তু কেন্দ্ৰীয় মন্ত্ৰীজনে নিজৰ প্ৰতিশ্ৰুতিক পাহৰণিৰ গৰ্ভত এৰি দিয়াৰ দৰে হৈছে। কাৰণ অসমত ফেব্ৰুৱাৰিৰ শেষৰ ফালে এই খৰালিৰ বতৰ শেষ হ’ব আৰু তাৰ পিছত কাম আৰম্ভ কৰাৰ কোনো সম্ভাৱনা নাথাকিব। তাৰ পিছৰ বছৰত আহিব লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ অজুহাততো কাম স্থগিত হোৱাৰ সম্ভাৱনাই বেছি।
গাডকাৰিয়ে ঘোষণা কৰিছিল যে একে সময়তে ছটা স্থানত খান্দি থকা হ’ব আৰু গোটেই নদীখনৰ পৰিসৰৰ ভিতৰত নিম্নতম ৪৫ মিটাৰকৈ গভীৰতা বৰ্তাই ৰখা হ’ব।
‘প্ৰকল্পটো এতিয়াও আলোচনাৰ স্তৰতে আছে আৰু আমি এতিয়াও ড্ৰেজাৰকেইখন অসম পোৱাহি নাই।’ আজি এন ই নাওক অসম জলসম্পদ বিভাগৰ সচিব ৰাজেন্দ্ৰ প্ৰসাদ দাসে এইদৰে জনায়। তেওঁ কয় যে অসমৰ পৰা ছখন ড্ৰেজাৰ বিচৰা হৈছে।
তেওঁ কয় যে খননে নদীখনৰ পানী বহন কৰিব পৰা ক্ষমতা বৃদ্ধি কৰাৰ লগতে নৌ পৰিবহণ ব্যৱস্থাটো উন্নত কৰিব। লগতে বাৰিষাৰ সময়ছোৱাত বানপানীৰ প্ৰকোপ হ্ৰাস কৰিব।
যদিও নমামি বৰাক উৎসৱৰ সময়তে বৰাক নদীৰ খনন আৰম্ভ কৰা হৈছিল, ব্ৰহ্মপুত্ৰৰ খননৰ বাবে পুঁজি অথবা ড্ৰেজাৰ কোনোটোকে পোৱা নাই বুলি তেওঁ জানিবলৈ দিয়ে।
যিহেতু পিছৰটো বাৰিষা আৰম্ভ হ’বলৈ বৰ বেছি কেইমাহ নাই, এই পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰ খননৰ প্ৰতিশ্ৰুতি অপূৰ্ণ হৈ ৰোৱাৰে সম্ভাৱনা বেছি আছে।