• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডী-অমিত শ্বাহৰ হস্তক্ষেপৰ বাবেই চি বি আয়ে জেৰা নকৰিলে মন্ত্ৰী হিমন্ত বিশ্বক : গোচৰীয়া ভৱেন সন্দিকৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 1, 2018 5:02 pm
27-07-18 Guwahati- Himanta Biswa pmt (2)

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লুই বাৰ্জাৰ কেলেংকাৰি চি বি আইৰ তদন্ত এটা ৰাজনৈতিক চমক তথা নাটকত পৰিণত হ’ল নেকি? দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা কেলেংকাৰিটোৰ তদন্তৰ গতি-প্ৰকৃতি দেখিয়েই এতিয়া এই প্ৰশ্নৰ অৱতাৰণা হৈছে। কাৰণ ইমান দিনে এই কেলেংকাৰিটোৰ এজন মূল অভিযুক্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক জেৰা নকৰাকৈয়ে তদন্ত সীমাবদ্ধ ৰাখিলে।

আনহাতে কেলেংকাৰিটোৰ তদন্তৰ অগ্ৰগতিক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে এই কেলেংকাৰিটোৰ বিৰুদ্ধে অক্লান্ত যুঁজ দি অহা স্বৰাজ অসমৰ আহ্বায়ক ভৱেন সন্দিকৈয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ উপৰি আমেৰিকাৰ ন্যায় বিভাগ ফেডাৰেল ব্যুৰ’ অব ইনভেষ্টিগেইশ্যন(FBI)ত এই কেলেংকাৰিৰ তথ্য বিচাৰি যুঁজ অব্যাহত ৰখা ভৱেন সন্দিকৈয়ে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কয় যে এই কেলেংকাৰিৰ পৰা ৰক্ষা পোৱাৰ স্বাৰ্থতে কংগ্ৰেছৰ পৰা বিজেপি গমন কৰা হিমন্ত বিশ্ব শৰ্মাক ৰক্ষণাবেক্ষণ দিছে মোদী-অমিত শ্বাহে।

Apply Now

সন্দিকৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোতে যি বিজেপি দলে ‘Saga of Scams in Congress-Ruled Stated’নামৰ পুস্তিকা প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাক এই কেলেংকাৰিৰ মূল অভিযুক্ত বুলি অভিহিত কৰি এই কেলেংকাৰিৰ চি বি আইৰ দাবী জনাইছিল, সেই একেজন হিমন্ত বিশ্ব শৰ্মা বিজেপিত যোগদানৰ পাছত এতিয়া দলটোৰ বাবে ধোঁৱা তুলসীৰ পাত হ’ল। তেওঁক এই কেলেংকাৰিৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত তদন্ত প্ৰক্ৰিয়াত ৰাজনৈতিক প্ৰভাৱ খটুৱাবলৈ কুণ্ঠাবোধ কৰা নাই।

লগতে তেওঁ কয় যে এইজন   প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰহস্যজনক ভূমিকাৰ বাবেই সেই সময়ৰ তৰুণ গগৈৰ নেতৃত্বধীন চৰকাৰৰ বিত্ত বিভাগৰ প্ৰবল বিৰোধিতা সত্ত্বেও আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানৰ সকলো নীতি-নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুৱাই নীতিবৰ্হিভূতভাৱে কেনেকৈ লুই বাৰ্জাৰ নামৰ আমেৰিকান প্ৰতিষ্ঠানটোক ‘হিমন্ত বিশ্ব শৰ্মা এণ্ড হিজ কোম্পানী’য়ে ঠিকা আবণ্টন দিছিল, তাক প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসৰ তদন্ত প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ আছে। তাৰ পিছতো কেৱল ৰাজনৈতিক প্ৰভাৱৰ বাবেই এইবাৰ চি বি আয়ে এই কেলেংকাৰিত নাম সাঙোৰ খাই থকা আমোলা-বিষয়া, মধ্যভোগীতে এই জেৰা সীমাবদ্ধ ৰাখিলে। দুৰ্নীতিৰ ক্ষেত্ৰত সততে শূন্য সহনশীলতাৰ শ্ল’গান আওৰোৱা বিজেপি চৰকাৰৰ ৰাজনৈতিক প্ৰভাৱৰ বাবেই তদন্তকাৰী বিষয়াসকলৰ দক্ষতা-সততা আৰু আন্তৰিকতা থকা সত্ত্বেও এই তদন্ত সঠিক দিশত আগ নাবাঢ়িব বুলি সন্দেহ ব্যক্ত কৰিছে স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈ আৰু তৰুণ ডেকাই।

তেওঁলোকে কয় যে এই কেলেংকাৰিত নাম সাঙুৰ খাই থকা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তদন্তৰ আওতালৈ নানিলে এই তদন্ত এক ভেঁকো-ভাওনাত পৰিণত হোৱাৰ লগতে ই যে এক নিৰ্বাচনকেন্দ্ৰিক আভুৱা এই কথা প্ৰতীয়মান হ’ব। সেয়ে চৰকাৰৰ সঁচা অৰ্থত যদি এই তদন্ত সঠিক দিশত আগ বঢ়াই নিব খুজিছে, তেন্তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো চি বি আইৰ তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে সংগঠনটোৰ নেতৃবৃন্দই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd