লুই বাৰ্জাৰ কেলেংকাৰি চি বি আইৰ তদন্ত এটা ৰাজনৈতিক চমক তথা নাটকত পৰিণত হ’ল নেকি? দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা কেলেংকাৰিটোৰ তদন্তৰ গতি-প্ৰকৃতি দেখিয়েই এতিয়া এই প্ৰশ্নৰ অৱতাৰণা হৈছে। কাৰণ ইমান দিনে এই কেলেংকাৰিটোৰ এজন মূল অভিযুক্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক জেৰা নকৰাকৈয়ে তদন্ত সীমাবদ্ধ ৰাখিলে।
আনহাতে কেলেংকাৰিটোৰ তদন্তৰ অগ্ৰগতিক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে এই কেলেংকাৰিটোৰ বিৰুদ্ধে অক্লান্ত যুঁজ দি অহা স্বৰাজ অসমৰ আহ্বায়ক ভৱেন সন্দিকৈয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ উপৰি আমেৰিকাৰ ন্যায় বিভাগ ফেডাৰেল ব্যুৰ’ অব ইনভেষ্টিগেইশ্যন(FBI)ত এই কেলেংকাৰিৰ তথ্য বিচাৰি যুঁজ অব্যাহত ৰখা ভৱেন সন্দিকৈয়ে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কয় যে এই কেলেংকাৰিৰ পৰা ৰক্ষা পোৱাৰ স্বাৰ্থতে কংগ্ৰেছৰ পৰা বিজেপি গমন কৰা হিমন্ত বিশ্ব শৰ্মাক ৰক্ষণাবেক্ষণ দিছে মোদী-অমিত শ্বাহে।
সন্দিকৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোতে যি বিজেপি দলে ‘Saga of Scams in Congress-Ruled Stated’নামৰ পুস্তিকা প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাক এই কেলেংকাৰিৰ মূল অভিযুক্ত বুলি অভিহিত কৰি এই কেলেংকাৰিৰ চি বি আইৰ দাবী জনাইছিল, সেই একেজন হিমন্ত বিশ্ব শৰ্মা বিজেপিত যোগদানৰ পাছত এতিয়া দলটোৰ বাবে ধোঁৱা তুলসীৰ পাত হ’ল। তেওঁক এই কেলেংকাৰিৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত তদন্ত প্ৰক্ৰিয়াত ৰাজনৈতিক প্ৰভাৱ খটুৱাবলৈ কুণ্ঠাবোধ কৰা নাই।
লগতে তেওঁ কয় যে এইজন প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰহস্যজনক ভূমিকাৰ বাবেই সেই সময়ৰ তৰুণ গগৈৰ নেতৃত্বধীন চৰকাৰৰ বিত্ত বিভাগৰ প্ৰবল বিৰোধিতা সত্ত্বেও আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানৰ সকলো নীতি-নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুৱাই নীতিবৰ্হিভূতভাৱে কেনেকৈ লুই বাৰ্জাৰ নামৰ আমেৰিকান প্ৰতিষ্ঠানটোক ‘হিমন্ত বিশ্ব শৰ্মা এণ্ড হিজ কোম্পানী’য়ে ঠিকা আবণ্টন দিছিল, তাক প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসৰ তদন্ত প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ আছে। তাৰ পিছতো কেৱল ৰাজনৈতিক প্ৰভাৱৰ বাবেই এইবাৰ চি বি আয়ে এই কেলেংকাৰিত নাম সাঙোৰ খাই থকা আমোলা-বিষয়া, মধ্যভোগীতে এই জেৰা সীমাবদ্ধ ৰাখিলে। দুৰ্নীতিৰ ক্ষেত্ৰত সততে শূন্য সহনশীলতাৰ শ্ল’গান আওৰোৱা বিজেপি চৰকাৰৰ ৰাজনৈতিক প্ৰভাৱৰ বাবেই তদন্তকাৰী বিষয়াসকলৰ দক্ষতা-সততা আৰু আন্তৰিকতা থকা সত্ত্বেও এই তদন্ত সঠিক দিশত আগ নাবাঢ়িব বুলি সন্দেহ ব্যক্ত কৰিছে স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈ আৰু তৰুণ ডেকাই।
তেওঁলোকে কয় যে এই কেলেংকাৰিত নাম সাঙুৰ খাই থকা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তদন্তৰ আওতালৈ নানিলে এই তদন্ত এক ভেঁকো-ভাওনাত পৰিণত হোৱাৰ লগতে ই যে এক নিৰ্বাচনকেন্দ্ৰিক আভুৱা এই কথা প্ৰতীয়মান হ’ব। সেয়ে চৰকাৰৰ সঁচা অৰ্থত যদি এই তদন্ত সঠিক দিশত আগ বঢ়াই নিব খুজিছে, তেন্তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো চি বি আইৰ তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে সংগঠনটোৰ নেতৃবৃন্দই।