• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চৰকাৰে বহিঃৰাজ্যৰ পৰা আনি কৰ্মচাৰীক পিন্ধাব ‘খাদি বস্ত্ৰ’

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 1, 2018 9:12 pm
Kamala Kalita

সংবাদমেল দি খাদি আৰু গ্ৰামোদ্যাগ বিভাগৰ অধ্যক্ষ ডাঃ কমলা কলিতা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাদিক জনপ্ৰিয় কৰিব লাগে। তাৰ বাবে অসম চৰকাৰে কৰ্মচাৰীসকলক খাদি কাপোৰ পিন্ধাব বিচাৰিছে। কিন্তু এই খাদি বস্ত্ৰ আহিব ক’ৰ পৰা? ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক খাদি কাপোৰ উপহাৰ দিয়াৰ নামত বহিঃৰাজ্যলৈ যাব নেকি বৃহৎ অংকৰ ৰাজকোষৰ ধন?

আজিৰ পৰা এবছৰৰ পূৰ্বে অৰ্থাৎ ২০১৭ চনৰ ২ অক্টোবৰৰ দিনা গুৱাহাটীৰ খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডত অনুষ্ঠিত গান্ধী জয়ন্তীৰ অনুষ্ঠানত তেতিয়াৰ খাদি আৰু গ্ৰামোদ্যোগ বিভাগৰ দাযিত্বত থকা ৰাজ্যৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দুটাকৈ চাৰ্ট উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছিল। এই উপহাৰ বহাগ বিহুৰ পূৰ্বেই কৰ্মচাৰীসকলক দিয়াৰ কথা আছিল।

Apply Now

মন্ত্ৰী ড০ শৰ্মাৰ ঘোষণা অনুসৰি চৰকাৰে বহাগ বিহুৰ পূৰ্বে কৰ্মচাৰীক খাদি কাপোৰৰ উপহাৰ প্ৰদান কৰাত ব্যৰ্থ হ’ল। কিয়নো মন্ত্ৰীয়ে ঘোষণা কৰিলে যদিও ৰাজ্য চৰকাৰৰ প্ৰায় চাৰি লাখ কৰ্মচাৰীক প্ৰদান কৰিবলৈ কিমান কাপোৰ লাগিব, তাৰ বাবে কিমান টকাৰ প্ৰয়োজন হ’ব, কিমান শিপিনী নিয়োগ কৰিব লাগিব ইত্যাদি বিষয়বোৰৰ নাছিল কোনো বাস্তৱভিত্তিক অধ্যয়ন।

নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ পিছত হ’লেও এইবাৰৰ গান্ধী জয়ন্তীৰ দিনা মুখ্য মন্ত্ৰীৰ হাতেৰে কৰ্মচাৰীৰ মাজত খাদি কাপোৰৰ উপহাৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। এই কথা খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতাই আজি এখন সংবাদমেল যোগে জানিবলৈ দিয়ে।

সংবাদমেলত কৰ্মচাৰীসকলক খাদি কাপোৰৰ উপহাৰ প্ৰদানৰ নামত কিমান টকা খৰচ হ’ল বুলি প্ৰশ্ন কৰাত অধ্যক্ষ ডাঃ কলিতাই এই পৰিমাণ প্ৰায় ৪৪ কোটি বুলি উল্লেখ কৰে।

ইপিনে একেখন সংবাদমেলতেই ডাঃ কলিতাই উল্লেখ কৰিছে, “যোৱা ২০১৭-১৮ বৰ্ষত ব’ৰ্ডৰ মুঠ কাপোৰ উৎপাদন আছিল ১১,৭১০ বৰ্গ মিটাৰ, মূল্য ২৯.২৯ লাখ টকা আৰু মুঠ বিক্ৰীৰ পৰিমাণ আছিল ১.৫০ কোটি টকা। ২০১৮-১৯ বৰ্ষত (চেপ্তেম্বৰলৈকে) ৬০.০০ লাখ টকাৰ কাপোৰ বিক্ৰী হৈছে।” বিভাগটোৱে দিয়া এই হিচাপতো বিসংগতি দেখা গৈছে। উৎপাদিত কাপোৰৰ মূল্য ২৯.২৯ লাখ টকা আছিল যদি বিক্ৰীৰ পৰিমাণ কেনেকৈ ডেৰ কোটি হ’ল?

ডাঃ কলিতাই লগতে কয় যে ২০১৮-১৯ বৰ্ষৰ বাবে ৫০,০০০ বৰ্গমিটাৰ কাপোৰ উৎপাদন আৰু দুই কোটি টকাৰ কাপোৰ তথা গ্ৰামোদ্যোগ সামগ্ৰী বিক্ৰীৰ লক্ষ্য স্থিৰ কৰি লৈছে খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে।

এতিয়া প্ৰশ্ন হ’ল এতিয়ালৈ দুই কোটি টকাৰ কাপোৰ বিক্ৰী কৰিব পৰাকৈ সক্ষম নোহোৱা খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে কৰ্মচাৰীৰ উপহাৰৰ বাবে ৪৪ কোটি টকাৰ কাপোৰৰ প্ৰয়োজন পূৰাইছে কেনেকৈ?

খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে সংবাদমেলত দিয়া হিচাপমতে অসমত ব’ৰ্ডৰ অধীনত ৬৫৪গৰাকী শিপিনীয়ে কাপোৰ তৈয়াৰত জড়িত। এই সংখ্যক শিপিনীয়ে ৪৪ কোটি টকাৰ হিচাপৰ কাপোৰ তৈয়াৰ কৰিব পাৰিবনে?

ব’ৰ্ডৰ অধ্যক্ষই জানিবলৈ দিয়ামতে অসমত উৎপাদনৰ ওপৰঞ্চি কাপোৰ ব’ৰ্ডে ভাৰতীয় খাদি আৰু গ্ৰামোদ্যোগ কমিশ্যনৰ পৰা ক্ৰয় কৰিব লগীয়া হৈছে। অৰ্থাৎ সেই কাপোৰ আন ৰাজ্যৰ শিপিনীয়ে তৈয়াৰ কৰিছে।

অসমত খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ উৎপাদনৰ তথ্য ব’ৰ্ডে দিয়া হিচাপত ওলাই পৰিছেই। গতিকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক উপহাৰ দিয়াৰ নামত এক বৃহৎ অংকৰ ধন যে ৰাজকোষৰ পৰা বাহিৰলৈ ওলাই যাব সেয়া নিশ্চিত। অৱশ্যে অসমৰ বাহিৰৰ পৰা কিমান টকাৰ কাপোৰ ক্ৰয় কৰিছে তাৰ সঠিক হিচাপ দিয়াৰ পৰা বিৰত থাকিল খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতা।

উল্লেখ্য যে, খাদিৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে কৰ্মচাৰীক খাদি কাপোৰৰ উপহাৰ দিব বিচৰা কথাটো শলাগিব লগীয়া। কিন্তু তাৰ জৰিয়তে যদি অসমৰ খাদিৰ উৎপাদন বৃদ্ধি নহয় আৰু আন ৰাজ্যকহে আমাৰ ৰাজ্যৰ ৰাজকোষৰ ধন দিব লগীয়া হয় সেয়া নিঃসন্দেহে চিন্তনীয়।

খাদিৰ জনপ্ৰিয়কৰণৰ কথা কোৱা চৰকাৰখনৰ দিনত অসমত খাদি আৰু গ্ৰামোদ্যোগ বৰ্ডৰ মুঠ ৮৭০ টা মঞ্জুৰীকৃত পদৰ বিপৰীতে ৫৪৬ টা পদ খালী হৈ আছে। অৰ্থাৎ বৰ্তমান সময়ত বৰ্ডত মাত্ৰ ৩২৪ জনহে কৰ্মচাৰী আছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd