• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, February 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম চৰকাৰে বহিঃৰাজ্যৰ পৰা আনি কৰ্মচাৰীক পিন্ধাব ‘খাদি বস্ত্ৰ’

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , October 1, 2018 9:34 pm

3 min read

Kamala Kalita

সংবাদমেল দি খাদি আৰু গ্ৰামোদ্যাগ বিভাগৰ অধ্যক্ষ ডাঃ কমলা কলিতা।

256
VIEWS
Share on FacebookShare on Twitter

খাদিক জনপ্ৰিয় কৰিব লাগে। তাৰ বাবে অসম চৰকাৰে কৰ্মচাৰীসকলক খাদি কাপোৰ পিন্ধাব বিচাৰিছে। কিন্তু এই খাদি বস্ত্ৰ আহিব ক’ৰ পৰা? ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক খাদি কাপোৰ উপহাৰ দিয়াৰ নামত বহিঃৰাজ্যলৈ যাব নেকি বৃহৎ অংকৰ ৰাজকোষৰ ধন?

আজিৰ পৰা এবছৰৰ পূৰ্বে অৰ্থাৎ ২০১৭ চনৰ ২ অক্টোবৰৰ দিনা গুৱাহাটীৰ খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডত অনুষ্ঠিত গান্ধী জয়ন্তীৰ অনুষ্ঠানত তেতিয়াৰ খাদি আৰু গ্ৰামোদ্যোগ বিভাগৰ দাযিত্বত থকা ৰাজ্যৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দুটাকৈ চাৰ্ট উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছিল। এই উপহাৰ বহাগ বিহুৰ পূৰ্বেই কৰ্মচাৰীসকলক দিয়াৰ কথা আছিল।

মন্ত্ৰী ড০ শৰ্মাৰ ঘোষণা অনুসৰি চৰকাৰে বহাগ বিহুৰ পূৰ্বে কৰ্মচাৰীক খাদি কাপোৰৰ উপহাৰ প্ৰদান কৰাত ব্যৰ্থ হ’ল। কিয়নো মন্ত্ৰীয়ে ঘোষণা কৰিলে যদিও ৰাজ্য চৰকাৰৰ প্ৰায় চাৰি লাখ কৰ্মচাৰীক প্ৰদান কৰিবলৈ কিমান কাপোৰ লাগিব, তাৰ বাবে কিমান টকাৰ প্ৰয়োজন হ’ব, কিমান শিপিনী নিয়োগ কৰিব লাগিব ইত্যাদি বিষয়বোৰৰ নাছিল কোনো বাস্তৱভিত্তিক অধ্যয়ন।

নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ পিছত হ’লেও এইবাৰৰ গান্ধী জয়ন্তীৰ দিনা মুখ্য মন্ত্ৰীৰ হাতেৰে কৰ্মচাৰীৰ মাজত খাদি কাপোৰৰ উপহাৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। এই কথা খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতাই আজি এখন সংবাদমেল যোগে জানিবলৈ দিয়ে।

সংবাদমেলত কৰ্মচাৰীসকলক খাদি কাপোৰৰ উপহাৰ প্ৰদানৰ নামত কিমান টকা খৰচ হ’ল বুলি প্ৰশ্ন কৰাত অধ্যক্ষ ডাঃ কলিতাই এই পৰিমাণ প্ৰায় ৪৪ কোটি বুলি উল্লেখ কৰে।

ইপিনে একেখন সংবাদমেলতেই ডাঃ কলিতাই উল্লেখ কৰিছে, “যোৱা ২০১৭-১৮ বৰ্ষত ব’ৰ্ডৰ মুঠ কাপোৰ উৎপাদন আছিল ১১,৭১০ বৰ্গ মিটাৰ, মূল্য ২৯.২৯ লাখ টকা আৰু মুঠ বিক্ৰীৰ পৰিমাণ আছিল ১.৫০ কোটি টকা। ২০১৮-১৯ বৰ্ষত (চেপ্তেম্বৰলৈকে) ৬০.০০ লাখ টকাৰ কাপোৰ বিক্ৰী হৈছে।” বিভাগটোৱে দিয়া এই হিচাপতো বিসংগতি দেখা গৈছে। উৎপাদিত কাপোৰৰ মূল্য ২৯.২৯ লাখ টকা আছিল যদি বিক্ৰীৰ পৰিমাণ কেনেকৈ ডেৰ কোটি হ’ল?

ডাঃ কলিতাই লগতে কয় যে ২০১৮-১৯ বৰ্ষৰ বাবে ৫০,০০০ বৰ্গমিটাৰ কাপোৰ উৎপাদন আৰু দুই কোটি টকাৰ কাপোৰ তথা গ্ৰামোদ্যোগ সামগ্ৰী বিক্ৰীৰ লক্ষ্য স্থিৰ কৰি লৈছে খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে।

এতিয়া প্ৰশ্ন হ’ল এতিয়ালৈ দুই কোটি টকাৰ কাপোৰ বিক্ৰী কৰিব পৰাকৈ সক্ষম নোহোৱা খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে কৰ্মচাৰীৰ উপহাৰৰ বাবে ৪৪ কোটি টকাৰ কাপোৰৰ প্ৰয়োজন পূৰাইছে কেনেকৈ?

খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে সংবাদমেলত দিয়া হিচাপমতে অসমত ব’ৰ্ডৰ অধীনত ৬৫৪গৰাকী শিপিনীয়ে কাপোৰ তৈয়াৰত জড়িত। এই সংখ্যক শিপিনীয়ে ৪৪ কোটি টকাৰ হিচাপৰ কাপোৰ তৈয়াৰ কৰিব পাৰিবনে?

ব’ৰ্ডৰ অধ্যক্ষই জানিবলৈ দিয়ামতে অসমত উৎপাদনৰ ওপৰঞ্চি কাপোৰ ব’ৰ্ডে ভাৰতীয় খাদি আৰু গ্ৰামোদ্যোগ কমিশ্যনৰ পৰা ক্ৰয় কৰিব লগীয়া হৈছে। অৰ্থাৎ সেই কাপোৰ আন ৰাজ্যৰ শিপিনীয়ে তৈয়াৰ কৰিছে।

অসমত খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ উৎপাদনৰ তথ্য ব’ৰ্ডে দিয়া হিচাপত ওলাই পৰিছেই। গতিকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক উপহাৰ দিয়াৰ নামত এক বৃহৎ অংকৰ ধন যে ৰাজকোষৰ পৰা বাহিৰলৈ ওলাই যাব সেয়া নিশ্চিত। অৱশ্যে অসমৰ বাহিৰৰ পৰা কিমান টকাৰ কাপোৰ ক্ৰয় কৰিছে তাৰ সঠিক হিচাপ দিয়াৰ পৰা বিৰত থাকিল খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতা।

উল্লেখ্য যে, খাদিৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে কৰ্মচাৰীক খাদি কাপোৰৰ উপহাৰ দিব বিচৰা কথাটো শলাগিব লগীয়া। কিন্তু তাৰ জৰিয়তে যদি অসমৰ খাদিৰ উৎপাদন বৃদ্ধি নহয় আৰু আন ৰাজ্যকহে আমাৰ ৰাজ্যৰ ৰাজকোষৰ ধন দিব লগীয়া হয় সেয়া নিঃসন্দেহে চিন্তনীয়।

খাদিৰ জনপ্ৰিয়কৰণৰ কথা কোৱা চৰকাৰখনৰ দিনত অসমত খাদি আৰু গ্ৰামোদ্যোগ বৰ্ডৰ মুঠ ৮৭০ টা মঞ্জুৰীকৃত পদৰ বিপৰীতে ৫৪৬ টা পদ খালী হৈ আছে। অৰ্থাৎ বৰ্তমান সময়ত বৰ্ডত মাত্ৰ ৩২৪ জনহে কৰ্মচাৰী আছে।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd