খাদিক জনপ্ৰিয় কৰাৰ বাবে অসম চৰকাৰে ঘোষণা কৰা ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলক খাদি বস্ত্ৰ উপহাৰ প্ৰদান কাৰ্যসূচী আজি শুভৰাম্ভ কৰা হয়। এই উপলক্ষে অসম খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কাৰ্যালয়ত আয়োজিত গান্ধী জয়ন্তী অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ হাতৰ পৰা ৰাজ্য চৰকাৰৰ ১০০ গৰাকী কৰ্মচাৰীয়ে খাদি বস্ত্ৰৰ উপহাৰ গ্ৰহণ কৰে।
উক্ত অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে তেওঁৰ ভাষনত মহাত্মা গান্ধীৰ আদৰ্শক সাৰোগত কৰি উন্নত মানৰ খাদি সামগ্ৰী প্ৰস্তুত কৰি খাদি আৰু গ্ৰামদ্যোগ বৰ্ডক অধিক পেচাদাৰী মানসিকতাৰে কাম কৰাৰ আহ্বান জনায়। কিন্তু মুখ্য মন্ত্ৰীৰ ভাষণত প্ৰতিষ্ঠানটোক আগবঢ়াই নিয়াৰ কোনো বাস্তৱসন্মত ব্যৱস্থাৰ কথা শুনা নগ’ল।
কেৱল চমক সৃষ্টিকাৰী ঘোষণা তথা কাৰ্যসূচীতে সীমাবদ্ধ থকা ৰাজ্য চৰকাৰখনে খাদি বিভাগটোৰ সমস্যাৰ প্ৰতিও আওকনীয়া মনোভাৱহে গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে।
লগতে পঢ়ক অসম চৰকাৰে বহিঃৰাজ্যৰ পৰা আনি কৰ্মচাৰীক পিন্ধাব ‘খাদি বস্ত্ৰ’।
কিয়নো যি সময়ত অসম চৰকাৰে খাদিক জনপ্ৰিয়কৰণৰ কথা কৈ আছে সেই সময়ত অসম চৰকাৰৰ অধীনস্থ অসম খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ ৮৭০ টা মঞ্জুৰীকৃত পদৰ বিপৰীতে ৫৪৬ টা পদেই খালি হৈ আছে। তদুপৰি ব’ৰ্ডৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ নীতি অনুসৰি পাব লগা দৰমহা লাভ কৰা নাই।
ইপিনে, খাদি কাপোৰ তৈয়াৰৰ কামত নিয়োজিত থকা শিপিনি সকলে অতি কম পৰিমানৰ পাৰিশ্ৰমিকৰ বাবত কাপোৰ তৈয়াৰ কৰি আছে। দীৰ্ঘদিন ধৰি শিপিনিসকলে তেওঁলোকৰ মজুৰি বৃদ্ধিৰ বাবে বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছে যদিও সেয়া হৈ উঠা নাই।
ইয়াৰ উপৰিও, ২০১৪ চনৰে পৰা অসম চৰকাৰৰ এই প্ৰতিস্থানটোৰ পৰা অৱসৰ লোৱা কৰ্মাচাৰীসকলে লাভ কৰা নাই অৱসৰৰ বানচ। তেওঁলোকক সৰ্বমুঠ ১৭ কোটি টকাৰ অৱসৰ বানচ আদায় দিবলৈ বাকী আছে অসম চৰকাৰৰ।
অৱশ্যে, অৱসৰ বানচ আৰু সপ্তম দৰমহা আয়োগ অনুসৰি দৰমহা প্ৰদানৰ বিষয় দুটা অসম চৰকাৰে গুৰুত্ব সহকাৰে লোৱা বুলি আজিৰ অনুষ্ঠানত উপস্থিত থকা বিভাগীয় মন্ত্ৰী ৰঞ্জিত দত্তই ভাষণত প্ৰকাশ কৰে যদিও এইয়া কেতিয়ালৈ বাস্তৱায়িত কৰা হ’ব তাৰ কোনো স্পষ্ট সময় তেওঁ প্ৰকাশ নকৰিলে।
এতিয়া কেৱল খাদী কাপোৰ উপহাৰ দিয়াৰ দৰে কাৰ্যসূচীতে আবদ্ধ নাথাকি বিভিন্ন সমস্যাৰে জৰ্জৰিত অসম চৰকাৰৰ অধীনৰ খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ প্ৰকৃত সমস্যা সমহু আঁতৰ কৰাত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়েহে ক’ব।