• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১০ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান : প্ৰদূষণমুক্ত কৰি ৰখাৰ প্ৰচেষ্টা লৈছে বন বিভাগে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2018 7:04 am
manah national park

মানাহ ৰাষ্ট্ৰীয় উদ্যান

425
VIEWS
Share on FacebookShare on Twitter

অহা ১০ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান। দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে মানাহ ৰাষ্ট্ৰীয় উদ্যানে ইতিমধ্যে বিশেষ সঁহাৰি লাভ কৰি আহিছে।

এইবাৰ মানাহক প্রদূষণমুক্ত কৰি ৰখাৰ বাবে বন বিভাগে বিশেষ উদ্যোগ গ্রহণ কৰিছে। মানাহ ব্যাঘ্র প্রকল্পৰ ক্ষেত্র সঞ্চালক হিৰণ্য কুমাৰ শৰ্মাই জনোৱা মতে  পর্যটকে উদ্যানখনৰ বাঁহবাৰীৰ প্ৰৱেশদ্বাৰ, কাহিটেমা বিট অফিচ, ভূঁয়াপাৰা ৰেঞ্জ অফিচ, ককিলাবাৰী আৰু পাণবাৰী ৰেঞ্জ অফিচৰ প্ৰৱেশ পথেৰে উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব।

বন বিভাগে উদ্যানখনৰ ভিতৰত বনভোজ খোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। বিভাগে উদ্যানখনক প্রদূষণমুক্ত কৰি ৰখাৰ উদ্দেশ্যে সকলো পর্যটককে উদ্যানখনৰ ভিতৰত প্ৰৱেশৰ সময়ত লগত নিয়া প্লাষ্টিক পেকেট, পানীৰ বটল আদিৰ তথ্য প্রৱেশ পথত দি যাব লাগিব।

সেইদৰে পৰ্যটকসকলে উভতি আহোঁতে উক্ত সামগ্ৰীসমূহৰ খালী পেকেটসমূহ  কর্তৃপক্ষৰ আগত প্ৰদৰ্শন কৰাৰ নিয়ম বান্ধি দিয়া হৈছে। আনহাতে, কোনো পর্যটকে উদ্যানখনৰ ভিতৰত প্লাষ্টিকৰ সামগ্রী এৰি থৈ আহিলে উদ্যানখনৰ আইন অনুসৰি জৰিমনা ভৰিব লাগিব।

উল্লেখযোগ্য যে যোৱা ৩০ জুনৰ পৰা সাধাৰণ পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক হিৰণ্য কুমাৰ শৰ্মাই জাৰি কৰা এক নিৰ্দেশনা অনুসৰি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। উদ্যানখনৰ ভিতৰি ভাগৰ বাট-পথসমূহ বৰষুণৰ বাবে পৰিত্যক্ত হৈ পৰাত কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিছিল।

বিগত বৰ্ষৰ ১৫ অক্টোবৰতে ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক শৰ্মাৰ উপস্থিতিত বি টি চিৰ কাৰ্যবাহী সদস্য অনছুমৈ ব্ৰহ্মৰ সহযোগিতাত বি টি এ ডিৰ মুখ্য সচিব বীৰেন্দ্ৰ চন্দ্ৰ ফুকনে পৰ্যটকৰ বাবে মুকলি কৰিছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান। তেতিয়াৰ পৰাই দেশী-বিদেশী পৰ্যটকে ৩০ জুনলৈকে ৰাষ্ট্ৰীয় উদ্যানখনত ভিৰ কৰিছিলহি।

আনহাতে, মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই তথ্য সদৰী কৰিছিল যে বিগত ২০১৭ চনৰ এপ্ৰিল মাহৰ পৰা ৩৭,২৬৭ গৰাকী দেশীয় পৰ্যটক আৰু সেই বৰ্ষৰে একে মাহৰ পৰা ৪৮০গৰাকী বিদেশী পৰ্যটক মানাহলৈ আহিছিল। ইয়াৰ ফলত উদ্যান কৰ্তৃপক্ষই ৮০,৭১,০৩৫ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

Recent News

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

ইজৰাইল-ইৰাণৰ সংঘাতৰ বাবে তেহৰাণৰ পৰা কুমলৈ স্থানান্তৰিত কৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক

ইজৰাইল-ইৰাণৰ সংঘাতৰ বাবে তেহৰাণৰ পৰা কুমলৈ স্থানান্তৰিত কৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক

সাংসদ অজিত কুমাৰ ভূঞাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাকলৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

সাংসদ অজিত কুমাৰ ভূঞাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাকলৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd