যোৱা ৫ অক্তোবৰৰ দিনা আৰক্ষীৰ উচ্চপদস্থ বিষয়া তথা অতিৰিক্ত আৰক্ষী বিষয়া তথা অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত অমিতাভ বসুমতাৰীৰ নিৰ্দেশতে প্ৰতিবন্ধী তথা বিশেষভাৱে সক্ষম লোকসকলক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উঠাৰ পাছতে সৰব হৈ পৰিছে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ লগতে অন্যান্য সংগঠন।
কাইলৈ, অৰ্থ্যাৎ সোমবাৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদে গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হৈ প্ৰতিবন্ধীসকলক কৰা অমানৱীয় ব্যৱহাৰৰ সুবিচাৰৰ দাবীত এ ডি চি পি অমিতাভ বসুমতাৰী, ডি চি পি ৰমনদ্বীপ কৌৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰিব। এই কথা নৰ্থ ইষ্ট নাওক জনাইছে সংগঠনটোৰ সভাপতি প্ৰদীপ কলিতাই।
উল্লেখযোগ্য যে, অসম চৰকাৰৰ ৫৪টা বিভাগত খালী থকা প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত ৪৪১৯টা পদত নিযুক্তি দিবৰ বাবে আৰু দীনদয়াল দিব্যাংগ আঁচনিৰ অধীনত অসমৰ ৪.৫ লাখ প্ৰতিবন্ধীক ৫০০০ টকা প্ৰাপ্য সাহায্যৰ দাবীত ৫ অক্তোবৰত দিচপুৰ লাষ্টগেইটত প্ৰতিবাদ কৰিছিল প্ৰতিবন্ধী সুৰক্ষা সংস্থাই। কিন্তু প্ৰতিবাদকাৰী প্ৰতিবন্ধ লোকসকলক আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰে। কেইবাজনৰো হাত-ভৰি ভাগি গুৰুতৰভাৱে আহত হয়।
আনহাতে, কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নৰ্থ-ইষ্ট নাওৰ আগত কয় যে প্ৰতিবন্ধী তথা বিশেষভাৱে সক্ষম লোকসকলৰ ওপৰত আৰক্ষীয়ে এইদৰে বীৰত্ব দেখুওৱাটো অতি গৰিহণাযোগ্য কথা।
তেওঁ লগতে কয়, “আমি কোন দেশত আছো, কোন চৰকাৰৰ শাসনৰ অধীনত বাস কৰি আছো, নিজেই নাজানো। য’ত গণতান্ত্ৰিক সংগ্ৰামৰ ভাষা বুজি নাপাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ আৰু গৃহ বিভাগৰ অধীনৰ আৰক্ষী-প্ৰশাসনে।”
ইয়াৰোপৰি প্ৰতিবন্ধীসকলে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই নিয়াৰ পাছতো তেওঁলোকৰ দাবীসমূহৰ প্ৰতি চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বুলি তেওঁ নৰ্থ-ইষ্ট নাওৰ আগত আক্ষেপ কৰে কলিতাই।
আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰাৰ উপৰি অহা ১৩ অক্তোবৰৰ পৰা প্ৰতিবন্ধী সুৰক্ষা মঞ্চক লগত লৈ আমৰণ অনশনত বহিব বুলিও হুংকাৰ দিয়ে প্ৰদীপ কলিতাই।