• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিব্যাংগসকলক আৰক্ষীৰ নিৰ্মম প্ৰহাৰৰ বিৰুদ্ধে ওলাই আহিল কৃষক শ্ৰমিক উন্নয়ন পৰিষদ

ন্যায়ালয়ৰ কাষ চাপিব এ ডি চি পি অমিতাভ বসুমতাৰীৰ বিৰুদ্ধে

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 7, 2018 9:15 pm

2 min read

Police lathi charge during Pratibandhi Suraksha Sangstha protest their demand at Dispur Last Gate in Guwahati on 05-10-18. Pix BY UB Photos

দিচপুৰত আৰক্ষীৰ মাৰত বাগৰি পৰা এজন প্ৰতিবাদকাৰী প্ৰতিবন্ধী। ফাইল ছবি।

341
VIEWS
Share on FacebookShare on Twitter

যোৱা ৫ অক্তোবৰৰ দিনা আৰক্ষীৰ উচ্চপদস্থ বিষয়া তথা অতিৰিক্ত আৰক্ষী বিষয়া তথা অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত অমিতাভ বসুমতাৰীৰ নিৰ্দেশতে প্ৰতিবন্ধী তথা বিশেষভাৱে সক্ষম লোকসকলক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উঠাৰ পাছতে সৰব হৈ পৰিছে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ লগতে অন্যান্য সংগঠন।

কাইলৈ, অৰ্থ্যাৎ সোমবাৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদে গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হৈ প্ৰতিবন্ধীসকলক কৰা অমানৱীয় ব্যৱহাৰৰ সুবিচাৰৰ দাবীত এ ডি চি পি অমিতাভ বসুমতাৰী, ডি চি পি ৰমনদ্বীপ কৌৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰিব। এই কথা নৰ্থ ইষ্ট নাওক জনাইছে সংগঠনটোৰ সভাপতি প্ৰদীপ কলিতাই।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ ৫৪টা বিভাগত খালী থকা প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত ৪৪১৯টা পদত নিযুক্তি দিবৰ বাবে আৰু দীনদয়াল দিব্যাংগ আঁচনিৰ অধীনত অসমৰ ৪.৫ লাখ প্ৰতিবন্ধীক ৫০০০ টকা প্ৰাপ্য সাহায্যৰ দাবীত ৫ অক্তোবৰত দিচপুৰ লাষ্টগেইটত প্ৰতিবাদ কৰিছিল প্ৰতিবন্ধী সুৰক্ষা সংস্থাই। কিন্তু প্ৰতিবাদকাৰী প্ৰতিবন্ধ লোকসকলক আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰে। কেইবাজনৰো হাত-ভৰি ভাগি গুৰুতৰভাৱে আহত হয়।

আনহাতে, কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নৰ্থ-ইষ্ট নাওৰ আগত কয় যে প্ৰতিবন্ধী তথা বিশেষভাৱে সক্ষম লোকসকলৰ ওপৰত আৰক্ষীয়ে এইদৰে বীৰত্ব দেখুওৱাটো অতি গৰিহণাযোগ্য কথা।

তেওঁ লগতে কয়, “আমি কোন দেশত আছো, কোন চৰকাৰৰ শাসনৰ অধীনত বাস কৰি আছো, নিজেই নাজানো। য’ত গণতান্ত্ৰিক সংগ্ৰামৰ ভাষা বুজি নাপাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ আৰু গৃহ বিভাগৰ অধীনৰ আৰক্ষী-প্ৰশাসনে।”

ইয়াৰোপৰি প্ৰতিবন্ধীসকলে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই নিয়াৰ পাছতো তেওঁলোকৰ দাবীসমূহৰ প্ৰতি চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বুলি তেওঁ নৰ্থ-ইষ্ট নাওৰ আগত আক্ষেপ কৰে কলিতাই।

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰাৰ উপৰি অহা ১৩ অক্তোবৰৰ পৰা প্ৰতিবন্ধী সুৰক্ষা মঞ্চক লগত লৈ আমৰণ অনশনত বহিব বুলিও হুংকাৰ দিয়ে প্ৰদীপ কলিতাই।

Recent News

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

index.jpg

কাশ্মীৰৰ কুলগামত আইডি বিস্ফোৰণ : ১ গৰাকী জোৱান নিহত, আহত ৩ জোৱান

a ulfa

সময়সীমা বান্ধি দিলে আলফাই: ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত মুক্তিপণ আদায় নিদিলে হত্যা কৰিব অপহৃত বিষয়া ৰাম কুমাৰক

Teok

টীয়কত কা বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথ সভা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd