আলফা, এন ডি এফ বি, এন এছ চি এনকে ধৰি বহুকেইটা সশস্ত্ৰ উগ্ৰপন্থী সংগঠনে হত্যা-হিংসা, ধনদাবীকে ধৰি বিভিন্ন কাৰ্যকলাপেৰে অসমক জৰ্জৰিত কৰি থকাৰ সময়তে পুনৰ উকমুকনি ঘটিছে নেকি আন এখন সশস্ত্ৰ সংগ্ৰামৰ? শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা একাংশ পোষ্টে এই সংশয়ৰ উদ্ৰেক ঘটাইছে।
শেহতীয়াভাৱে ছ’চিয়েল মিডিয়া ফেইচবুকত দেখা গৈছে পৃথক মৰাণলেণ্ডৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰ পোষকতাৰে হাতত অস্ত্ৰ-শস্ত্ৰ লৈ দিয়া বহু সংখ্যক পোষ্ট। কোনো সংগঠনৰ নামৰ বিপৰীতে ব্যক্তিগতভাৱে কেইবাজন যুৱকে এইদৰে হাতত আগ্নেয়াস্ত্ৰ লৈ মুকলি আহ্বান জনাইছে পৃথক মৰাণলেণ্ডৰ বাবে সশস্ত্ৰ আন্দোলনৰ।
ঘাইকৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বৃহত্তৰ অঞ্চল সামৰি দাবী উত্থাপন হৈছে এই মৰাণলেণ্ডৰ। তেওঁলোকে নিজৰ সশস্ত্ৰ সংগ্ৰামৰ দাবীৰ সৈতে প্ৰস্তুত কৰি প্ৰকাশ কৰিছে মৰাণলেণ্ডৰ মানচিত্ৰও।
অৱশ্যে অসম আৰক্ষী বা উত্তৰ-পূবৰ ওপৰত সততে শেনচকু ৰখা দেশৰ চোৰাংচোৱাৰ দৃষ্টিত এই সক্ৰিয়তা ধৰা পৰিছে নে ফেইচবুকৰ সাধাৰণ পোষ্ট বুলি গণ্য কৰা হৈছে সেয়া জানিব পৰা হোৱা নাই।
ফেইচবুকত এনে পোষ্ট আপল’ড কৰা যুৱকেইজন হৈছে ৰাঘৱ মৰাণ (নগা), মৰাণ অপূৰ্ব, বডৌচা মৰাণ (টাইগাৰ)। তেওঁলোকৰ ভিতৰত ৰাঘৱ মৰাণে নিজৰ প্ৰফাইলত বাৰ্মাৰ পেগু চহৰৰ য়ান্নাগাত বাস কৰা বুলি প্ৰকাশ কৰাৰ বিপৰীতে আন দুজনে তেওঁলোক ক’ত থাকে প্ৰকাশ কৰা নাই।
তেওঁলোকে নিজৰ প্ৰফাইত লিখি ৰাখিছে “Do or die for separate Moranland”, “We want Moranland”, “Moranland is our blood” জাতীয় বিভিন্ন শ্ল’গান। ইয়াৰ উপৰি দেখা গৈছে পৃথক মৰাণলেণ্ডৰ দাবীত তেওঁলোকে দিয়া বিভিন্ন যুক্তিও।
আনহাতে তেওঁলোকে নিজৰ প্ৰফাইল লগাই ৰাখিছে হাতত মাৰণাস্ত্ৰ লৈ থকা বহুকেইখন শিহৰণকাৰী ফটো। তাৰ মাজতেই কেইবাখনো ফটোত দেখা গৈছে অস্ত্ৰধাৰী যুৱকৰ একোটা বৃহৎ দল। দুই-এখন ফটোত আছে জংঘলৰ মাজত অস্থায়ী শিবিৰ, খাদ্য প্ৰস্তুত কৰি থকা দৃশ্য ইত্যাদি। এই ফটোসমূহৰ ভিতৰত আছে ম্যানমাৰৰ কাচিনত আপল’ড কৰা ফটোও।
অৱশ্যে দুই-এখন ফটো পূৰ্বতে আলফা (স্বাঃ)এ প্ৰকাশ কৰা তেওঁলোকৰ শিবিৰৰ ফটোৰ লগত মিল থকা দেখা গৈছে।
তেওঁলোকে আপল’ড কৰা প’ষ্টত ভাৰতৰ সংবিধানৰ গণ্ডীৰ ভিতৰত মৰাণসকলৰ বাবে এখন সুকীয়া ৰাজ্য প্ৰতিষ্ঠাৰ দাবী কৰা দেখা গৈছে। ইয়াৰ উপৰি এই প’ষ্টবোৰৰ কোনোটোত লক্ষ্মীনাথ বেজবৰুৱা, লীলা গগৈ, সত্যেন্দ্ৰনাথ শৰ্মা, জ্ঞানানন্দ শৰ্মা পাঠক, অতুল চন্দ্ৰ হাজৰিকা, নগেন শইকীয়া, শৈলনে ভৰালী, হীৰেন গোহাঁইকে ধৰি কেইগৰাকীও বিশিষ্ট অসমীয়াক কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে। আনকি তেওঁলোকক “মৰাণৰ গণশত্ৰু” বুলিও উল্লেখ কৰিছে।
আনহাতে এই সশস্ত্ৰ সংগ্ৰামৰ বিষয়ে কোনো তথ্য নাই অসম আৰক্ষীৰ হাতত। এই সন্দৰ্ভত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই কয়, “পূৰ্বতে মৰাণসকলৰ মাজত এটা সশস্ত্ৰ পন্থাৰ উত্থান ঘটিছিল যদিও সেয়া এতিয়া নাই। সেইসকল এতিয়া আলফাত চামিল হৈ গ’ল। এতিয়া তেনেকুৱা কেনো নতুন সংগঠনৰ আৰম্ভণি হোৱাৰ খবৰ আমি এতিয়ালৈ পোৱা নাই। তথাপিতো এই বিষয়টো আমি নিৰীক্ষণ কৰিম।”
তেওঁ লগতে অসমৰ প্ৰাচীন জনগোষ্ঠীসমূহৰ এটা মৰাণ জনগোষ্ঠীৰ লোকসকল শান্তিপ্ৰিয় আৰু তেওঁলোকৰ মাজত তেনে অপশক্তিয়ে শিপাব পাৰিব বুলি ভৱা নাই বুলিও মন্তব্য কৰে।
ইপিনে, এই সন্দৰ্ভত ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক গৌতম বৰাই কয়, “ডিব্ৰুগড় জিলাৰ ভিতৰত মৰাণ অধ্যুষিত অঞ্চল নাই আৰু তেনে কোনো শক্তিৰ উত্থান ঘটাৰ খবৰ আৰক্ষীয়ে লাভ কৰা নাই।”
কিন্তু আৰক্ষীৰ চকুত নপৰিলেও ছ’চিয়েল মিডিয়াত যিধৰণে পৃথক মৰাণলেণ্ডৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰ এই ধৰণৰ মুকলি আহ্বানে নৱ প্ৰজন্মৰ বহুতকে প্ৰৰোচিত কৰাটো একো আচৰিত নহয়, যিটোৱে অসমলৈ পুনৰ আন এটা ভয়াৱহ সময় মাতি আনিব পাৰে।
অসমৰ ভূমিপুত্ৰসকলৰ অন্যতম মৰাণসকলে আন আন জাতি-জনগোষ্ঠীৰ সৈতে শান্তিপূৰ্ণভাৱে যুগ যুগ ধৰি বসবাস কৰি অহাৰ পাছত তেওঁলোকৰ মাজৰ পৰা এনে ধৰণৰ বিচ্ছিন্নতাবাদী শক্তিয়ে গা কৰি উঠিলে সেয়া অসমৰ বাবেই দুৰ্ভাগ্যজনক কথা হ’ব।