• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত শিৱসাগৰত চি পি আইৰ গণ বিক্ষোভ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 10, 2018 8:06 pm
197
VIEWS
Share on FacebookShare on Twitter

পে’ট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি বৰ্ধিত বাছ ভাড়া আৰু বিদ্যুৎ মাচুলৰ বিৰুদ্ধে শিৱসাগৰত চি পি আইৰ জিলা পৰিষদে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

চি পি আই শিৱসাগৰ জিলা কাৰ্যালয়ৰ পৰা চি পি আইৰ কৰ্মীসকলে হাতে হাতে বেনাৰ, পতাকা, প্লে-কাৰ্ড লৈ ‘মোদী চৰকাৰ হায় হায়, আদানী-আম্বানী তথা পুঁজিপতিৰ ৰক্ষক মোদী চৰকাৰ গ’ বেক, বিজেপি চৰকাৰ হুঁচিয়াৰ’ আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদস্থলীত চি পি আইৰ জিলা সম্পাদক কনক গগৈয়ে কয়, ‘মোদী চৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি ক্ষমতা দখল কৰিছিল। কিন্তু কাৰ্যক্ষেত্ৰত ইয়াৰ ওলোটা দেখা গ’ল। যোৱা চাৰি বছৰে কেন্দ্ৰীয় চৰকাৰে ভূল অৰ্থনৈতিক নীতি গ্ৰহণ কৰি উন্নয়নৰ নামত পে’ট্ৰল, ডিজেল, ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰি পুঁজিপতি গোষ্ঠীৰ দ্বাৰা জনগণক লুণ্ঠনৰ সুবিধা কৰি দিলে। ৫০৯ বিধ ঔষধৰ মূল্য বৃদ্ধি কৰাৰ লগতে ৪৪০ টকীয়া ৰন্ধন গেছ ৮৪০ টকালৈ বৃদ্ধি কৰি জনগণক মাধমাৰ সোধালে।’

লগতে জিলা সম্পাদক গৰাকীয়ে কয় যে পুঁজিপতি গোষ্ঠীক সহায় কৰাৰ বাবেই ৱান নেচন, ওৱান টেক্সৰ শ্লগান দিয়া মোদীয়ে পে’ট্ৰল ডিজেলক জি এছ টিৰ আওতাৰ বাহিৰত ৰাখি জনগণক লুণ্ঠন  প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

তাৰোপৰি সোণোৱাল চৰকাৰে বিদ্যুতৰ মাচুল আৰু বাছ ভাড়া বৃদ্ধি কৰি অসমৰ জনতাক হাৰাশাস্তি কৰিছে। এইখন চৰকাৰে সাধাৰণ জনতাৰ পৰিৱৰ্তে পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰিছে বুলিও কনক গগৈয়ে উল্লেখ কৰে।

বিক্ষোভ থলীত চি পি আইৰ ৰাজ্যিক সদস্য ধৰ্ম বৰুৱা, কৃষক নেতা যোগেশ বুঢ়াগোঁহাই, মদন বৰুৱা, শ্ৰমিক নেতা মুহী বৰুৱা আৰু ছাত্ৰনেতা যোগান্ত পাঠকে বক্তব্য ৰাখে।

বিক্ষোভকাৰীসকলে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ চ’ৰাদাম ৰোধ কৰা, পে’ট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ ওপৰত আৰোপ কৰা কৰৰ আধা শতাংশ হ্ৰাস কৰা, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰা, বৰ্ধিত ভাড়া আৰু বিদ্যুত মাচুল হ্ৰাস কৰা, পে’ট্ৰলিয়াম কোম্পানী সমূহৰ ওপৰত থকা চৰকাৰৰ পূৰ্বৰ নিয়ন্ত্ৰণ পুনৰ প্ৰৱৰ্তন কৰাৰ দাবীত এখন ছয়দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Recent News

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd