• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰসংগ এন আৰ চিৰ ৫বিধ নথি : প্ৰতিপক্ষক ৩০ অক্টোবৰৰ ভিতৰত মত দিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ত এন আৰ চি  সম্পৰ্কীয় গোচৰৰ গুৰুত্বপূৰ্ণ শুনানি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 23, 2018 8:52 pm
Supreme-Court-of-India-678x381
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি উচ্চতম ন্যায়ালয়ত এন আৰ চিৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বিবেচিত এটা শুনানি হয়। বাদ পৰি ৰোৱা ৪০ লাখৰো অধিক লোকৰ দাবী-আপত্তিৰ ক্ষেত্ৰত পূৰ্বৰ ১৫বিধ নথি নে হাজেলাৰ প্ৰস্তাৱ অনুসৰি তাৰ মাজৰ ৫বিধ নথি বাদ দি ১০বিধক বৈধ নথি হিচাপে গণ্য কৰা হ’ব –এই মূল কথাটো আছিল আজিৰ শুনানিৰ গুৰুত্বপূৰ্ণ দিশ।

আজিৰ শুনানি লৈ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে নতুন নিৰ্দেশনা দিয়ে।

Apply Now

এই নতুন নিৰ্দেশনা মতে, এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক অসম চৰকাৰৰ বিষয়া তথা অধিবক্তা,  কেন্দ্ৰীয় চৰকাৰৰ বিষয়া তথা অধিবক্তা, বিভিন্ন সংগঠনৰ নেতৃত্বক কিয় এই পাঁচটা নথি দাবী-আপত্তি পৰ্যায়ত ব্যৱহাৰ কৰিব নালাগে, সেই সম্পৰ্কে অহা ২৬ অক্টোবৰৰ ভিতৰত বিস্তাৰিতভাৱে জনাবলৈ কয়। উক্ত দিনা পাৱাৰ পইণ্ট প্ৰেজেণ্টেইশ্যন (Power Point Presentation)ৰ সহায়ত সকলো দিশ বুজাই দিবলৈ নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ উপৰি গোচৰৰ প্ৰতিপক্ষ প্ৰতিটো সংগঠনক প্ৰতীক হাজেলাৰ প্ৰতিবেদন আৰু পাৱাৰ পইণ্ট প্ৰেজেণ্টেইশ্যন চাই ইয়াৰ ওপৰত নিজৰ নিজৰ স্থিতি তথা মত শপতনামা আকাৰে অহা ৩০ অক্টোবৰৰ ভিতৰত উচ্চতম ন্যায়ালয়ত দাখিল কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই যোৱা ২২ অক্টোবৰত পূৰ্বৰ ১৫বিধ নথিৰ মাজৰে ৫বিধ বৈধ নথি হিচাপে অগ্ৰাহ্য কৰিবলৈ দুখনকৈ গোপন প্ৰতিবেদন আদালতত দাখিল কৰিছিল।

ইফালে উচ্চতম ন্যায়ালয়ৰ সংশ্লিষ্ট বিচাৰপীঠে হাজেলাৰ দ্বিতীয় প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ লগতে প্ৰতিপক্ষ সকলো সংগঠনৰ অধিবক্তাক অহা দুদিনৰ ভিতৰত বিতৰণ কৰিবলৈ আদালতৰ পঞ্জীয়কক নিৰ্দেশনা প্ৰদান কৰিছে।

পাঁচটা লিগেচি নথি কিয় ব্যৱহাৰ কৰিবলৈ দিব লাগে সেই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ এটৰ্নি জেনেৰেল, ৰাজ্য চৰকাৰৰ অধিবক্তা, আমছু আৰু জমিয়তৰ অসম ৰাজ্যিক সমিতিৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বাল, ছলমান খুৰশ্বিদ, ইন্দিৰা জেইছিংয়ে যুক্তি আগ বঢ়াবলৈ চেষ্টা কৰোতে বিচাৰপীঠখনে অহা ১ নৱেম্বৰত এই বিষয়ত সকলো পক্ষৰে যুক্তি শুনিব বুলি সিদ্ধান্ত দিয়ে।

মন কৰিব লগীয়া যে আজি শুনানিৰ সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিক কঠোৰ বাক্য শুনায় বিচাৰপীঠখনে। ব্যক্তিৰ দৰে নহয়, চৰকাৰৰ দৰে আচৰণ কৰিবলৈ সকীয়াই দিয়ে চৰকাৰ দুখনক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd