• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰিলায়েন্স জিঅ’ৰ টাৱাৰ নিৰ্মাণৰ নামত সক্ৰিয় দুষ্ট চক্ৰ : সাধাৰণ গঞা ৰাইজক ঠগি ধন লুটাৰ ফন্দি!

মিণ্টু দাস by মিণ্টু দাস
October 25, 2018 5:37 pm
408e325a-d008-4ae9-87cd-23dc9485da65

প্রতিনিধিত্বমূলক ফটো

446
VIEWS
Share on FacebookShare on Twitter

ম’বাইল আৰু ইন্টাৰনেট সেৱাৰ অপৰিসীম জনপ্ৰিয়তাৰ গইনা লৈ বিভিন্ন ম’বাইল ফোন সেৱা প্ৰদানকাৰী সংস্থাই নিজৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ স্বাৰ্থত ব্যাপক প্ৰতিদ্বন্দ্বিতাত নামি পৰাৰ সময়তে নগাঁও জিলাত ৰিলায়েন্স জিঅ’ সেৱাৰ টাৱাৰ নিৰ্মাণৰ নামত এক দুষ্ট চক্ৰ সক্ৰিয় হৈ উঠাৰ বাতৰি পোৱা গৈছে।

প্ৰাপ্ত খবৰ মতে, নিজকে ৰিলায়েন্স জিঅ’ কোম্পানীৰ কৰ্মচাৰী বুলি চিনাকি দি এই দুষ্ট চক্ৰটোৱে জিলাখনৰ বিভিন্ন অঞ্চলত সোমাই পৰি সহজ-সৰল গঞা ৰাইজক ঠগি ধন সংগ্ৰহৰ অভিযান আৰম্ভ কৰিছে।

উক্ত চক্ৰটোৱে নিৰ্দিষ্ট একাংশ লোকক নিৰ্বাচন কৰি নানা চলাহী কথাৰে জিঅ’ৰ টাৱাৰ তেওঁলোকৰ মাটিত নিৰ্মাণ কৰাৰ কথা কৈ তাৰ বাবদ মোটা অংকৰ মাহেকীয়া ভাড়া আৰু টাৱাৰটো পৰিচালনা কৰাৰ বাবদ মাটিৰ গৰাকীৰ ঘৰৰ এজনক চাকৰি প্ৰদানৰ আশ্বাস দি ইয়াৰ বিনিময়ত কোম্পানীক আমানত ধন জমা দিয়াৰ নিয়মৰ কথাৰে কৌশলেৰে ধন সংগ্ৰহৰ অভিযান অব্যাহত ৰাখিছে।

বৰ্তমান এই অসাধু চক্ৰটোৱে বটদ্ৰৱা, হাতীচোং, ধিং, মৈৰাবাৰী, জুৰীয়া, ৰূপহহাট, চামগুৰি, ৰহা, চাপৰমুখ, ননৈ, পাঠৰী, বঢ়মপুৰ, বেবেজীয়, ৰাঙলু, কঠীয়াতলি আদি অঞ্চলত সোমাই পৰি বহুকেইজন লোকৰ পৰা জিঅ’ৰ টাৱাৰ নিৰ্মাণ কৰি দিয়াৰ ভুৱা আশ্বাসেৰে এক লাখৰ পৰা ডেৰ লাখ টকা দাবী কৰি ইতিমধ্যে ইয়াৰে আগধন সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে।

অভিযোগ মতে, জিলাখনৰ এগৰাকী যুৱ নেতাৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা এই দুষ্টচক্ৰটোৰ হৈ উপৰোক্ত অঞ্চলবোৰত টাৱাৰ নিৰ্মাণৰ নামত কেইৱাজনো যুৱক বৰ্তমান এই অভিযানত নামি পৰিছে। আনকি, জিঅ’ ৰিলায়েন্স কোম্পানীৰ নাম লৈ কলকতা, দিল্লীৰ পৰা বিভিন্ন লোকক এইদৰে ফোন কৰে।

জানিব পৰা মতে, এই ফোনকল সাংবাদিকেও পাইছে। কিন্তু, সিফালৰ পৰা কৰা ফোনত কেনেবাকৈ সাংবাদিক বুলি জানিলে কোনো কথা-বতৰা নোকোৱাকৈ কাটি দিয়ে আৰু কেতিয়াও ফোন নকৰে।

অভিযোগ অনুসৰি এই কাণ্ডৰ লগত একাংশ চৰকাৰী কৰ্মচাৰীও জড়িত হৈ পৰিছে অঞ্চলসমূহত। কিন্তু, এনেদৰে চৰকাৰী কৰ্মচাৰী হৈ জিঅ’ৰ টাৱাৰ নিৰ্মাণৰ নামত ধন সংগ্ৰহৰ যি অভিযান চলাইছে তাক লৈ সচেতন মহলৰ মাজত গভীৰ ৰহস্যৰ সৃষ্টি হোৱাৰ বিপৰীতে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত জিঅ’ ম’বাইল কোম্পানীৰ কোনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ সচেতন লোকে।

ইপিনে, টাৱাৰ এটা কোন ঠাইত বহোৱাব পাৰি সেইটো নিৰ্দিষ্ট কোম্পানীটোৱেহে ঠিৰাং কৰে৷ সেয়েহে, আচলতে গঞা ৰাইজক কৌশলেৰে ঠগাই টাৱাৰ প্ৰদানৰ ভুৱা প্ৰতিশ্ৰুতিৰে এই সুবিধাবাদী দুষ্ট চক্ৰটোৱে ধন সৰকোৱাৰ ফন্দি পতা বুলিহে আন একাংশ সচেতন নাগৰিকে সন্দেহ ব্যক্ত কৰিছে।

এই সন্দৰ্ভত নগাঁৱৰ সচেতন মহলে ৰিলায়েন্স জিঅ’ কৰ্তৃপক্ষক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে।

Recent News

তুৰ্কীৰ ওপৰত অৰ্থনৈতিক অবৰোধৰ দাবী! ভাৰতীয় পৰ্যটকক ভ্ৰমণ বৰ্জনৰ আহ্বান

তুৰ্কীৰ ওপৰত অৰ্থনৈতিক অবৰোধৰ দাবী! ভাৰতীয় পৰ্যটকক ভ্ৰমণ বৰ্জনৰ আহ্বান

‘মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত’! বিতৰ্ক আৰু সংকটকালৰ মাজতে ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ কাটাৰলৈ গ’ল মুকেশ আম্বানী

‘মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত’! বিতৰ্ক আৰু সংকটকালৰ মাজতে ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ কাটাৰলৈ গ’ল মুকেশ আম্বানী

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd