• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰ পৰা দ্বিতীয় বৰ্ষৰ দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱ; প্ৰথম গুণোৎসৱৰ ভিত্তিত নহ’ল কোনো ব্যৱস্থা

চৰকাৰে নিজৰ ব্যৰ্থতাৰ বাবেই আন্তঃগাঁথনিৰ বাবে থকা নম্বৰ এইবাৰ হ্ৰাস কৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2018 9:35 am
Gunotsav-Assam-Result-750x375

প্ৰতিনিধিত্বমূলক ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা ৰাজ্যখনৰ মুঠ ১৭খন জিলাত দ্বিতীয় বৰ্ষৰ দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। অহা ৩ নৱেম্বৰলৈকে মুঠ ৪ দিন ধৰি এই গুণোৎসৱ বাক্‌সা, বৰপেটা, বিশ্বনাথ, চিৰাং, দৰং, ধুবুৰী, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, কামৰূপ (মহানগৰ), কৰিমগঞ্জ, লখিমপুৰ, মাজুলী, নগাঁও, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং -এইকেইখন জিলাত অনুষ্ঠিত হ’ব।

আজি সকলো বিদ্যালয়তে স্বমূল্যায়ন (internal evaluation বা self evaluation) অনুষ্ঠিত হ’ব। এই স্বমূল্যায়নত বিদ্যালয় আৰু পৰিচালনা সমিতিয়ে ছাত্ৰ-ছাত্ৰীৰ মৌখিক পৰীক্ষা লৈ সেই অনুসৰি মূল্যায়ন কৰিব, যিবোৰ পিছত external evaluation ৰ সময়ত বহিঃনিৰীক্ষকে পুনৰ নিৰীক্ষণ কৰিব।

Apply Now

আনহাতে অহা ৩ নৱেম্বৰৰ ভিতৰত এটা নিৰ্ধাৰিত দিনত শিক্ষা বিভাগে নিৰ্ধাৰণ কৰি দিয়া ঊৰ্ধ্বতন বিষয়াই বিদ্যালয়লৈ গৈ বহিঃমূল্যায়ন বা external evaluation কৰিব।

মন কৰিব লগীয়া যে দ্বিতীয় বৰ্ষৰ  গুণোৎসৱত মূল্যায়ন পদ্ধতিৰ ভালেখিনি সালসলনি হৈছে। নতুন নিয়মমতে, এইবাৰ শৈক্ষিক দিশৰ বাবে পূৰ্বৰ ৬০ শতাংশৰ পৰিৱৰ্তে ৮৫ শতাংশ নম্বৰ ৰখা হৈছে। আন্তঃগাঁথনিৰ বাবে পূৰ্বৰ ১৫ শতাংশৰ ঠাইত কমাই ৫ শতাংশ কৰা হৈছে। সেইদৰে সামাজিক কাম-কাজৰ অংশগ্ৰহণৰ বাবে ৫ শতাংশ আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষৰ তথ্যপাতিৰ শৃংখলাৰ বাবে ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে প্ৰথম বৰ্ষৰ গুণোৎসৱৰ সময়ত গুণোৎসৱৰ মূল্যায়নৰ ভিত্তিত বিদ্যালয়বিলাকৰ আন্তঃগাঁথনি আদিকে ধৰি দুৰ্বল দিশবোৰ চিনাক্ত কৰি সেইবোৰৰ উন্নয়নৰ ব্যৱস্থা লোৱা হ’ব বুলি কৈছিল যদিও প্ৰথম বৰ্ষৰ গুণোৎসৱৰ মূল্যায়নৰ ভিত্তিত একো ব্যৱস্থা লোৱা দেখা নগ’ল।

বহুবোৰ বিদ্যালয়ত এতিয়াও এজনীয়া শিক্ষকে বিদ্যালয়ত শিক্ষাদান কৰি আছে। উদাহৰণস্বৰূপে নগাৱঁৰ ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ চলচলি মুছলিম গাৱঁৰ এখন বিদ্যালয়ত ১২০জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ এগৰাকী শিক্ষয়িত্ৰী। সেইদৰে আন আন বহু ঠাইত এজনীয়া শিক্ষক বা শিক্ষয়িত্ৰীয়ে শিক্ষাদান আৰু অন্যান্য যাৱতীয় কামকাজ চলাই থাকিব লগীয়া হৈছে।

আনহাতে বেন্স-ডেস্কৰ অভাৱ, বিদ্যুৎ সংযোগহীন, ফেন, লাইটৰ অভাৱ এতিয়াও বহু বিদ্যালয়ৰ অন্যতম সমস্যা হৈ আছে।  জানিব পৰা মতে, আন্তঃগাঁথনিৰ ক্ষেত্ৰত শিক্ষা বিভাগে একো ব্যৱস্থা কৰিব নোৱৰা বাবেই এইবাৰ আন্তঃগাঁথনিৰ বাবে থকা নম্বৰ কমাই শৈক্ষিক দিশৰ বাবে বঢ়াই দিয়াৰ ব্যৱস্থা কৰে।

“মই যোৱাবাৰৰ বহিঃমূল্যায়নৰ সময়ত বহিঃনিৰীক্ষক হিচাপে অহা প্ৰতীক হাজেলা ডাঙৰীয়াক আন্তঃগাঁথনিৰ সমস্যাৰ কথা কৈছিলো। বিশেষকৈ বেন্স-ডেস্কৰ অৱস্থা ভাল নহয়।” এইদৰে কয় গুৱাহাটীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ এজন প্ৰধান শিক্ষকে।

“হাজেলা ছাৰে লিখিও নিছিল আৰু সৰ্বশিক্ষা বিভাগলৈ দিয়া গোপনীয় প্ৰতিবেদনত (confidential report) এইটো উল্লেখ কৰিছিল বুলি জানো। কিন্তু আজিও একো উত্তৰ নাহিল। কেৱল আমাৰে নহয়, কোনো বিদ্যালয়ে গুণোৎসৱৰ মূল্যায়নৰ ভিত্তিত কিবা উন্নয়নৰ সুবিধা পাইছে বুলি শুনা নাই।” নাম প্ৰকাশত অনিচ্ছুক প্ৰধান শিক্ষকজনে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd