• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দলৰ নিৰ্দেশতেই বিধায়ক শিলাদিত্যই বিতৰ্কিত মন্তব্য কৰে : কংগ্ৰেছ

ৰাইজক দেখুৱাবলৈহে দলৰ সভাপতিয়ে বিধায়কজনক সকীয়নি দিছে : অপূৰ্ব ভট্টাচাৰ্য্য

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 4, 2018 9:34 pm
Congress_Apurba Bhatta

৪ নৱেম্বৰ ৰাজীৱ ভৱনত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেবৰ মন্তব্যক লৈ ৰাজ্যৰ সৰ্বত্ৰে চৰ্চা হৈ থকাৰ সময়তে বিধায়কজনক বিতৰ্কিত তথা উচটনিমূলক মন্তব্য বিজেপিৰ নিৰ্দেশতেই দিয়ে বুলি অভিযোগ আনিছে প্ৰধান বিৰোধী দল কংগ্ৰেছে।

“দলে তেওঁক এই ধৰণৰ মন্তব্য কৰিবলৈ সেউজ সংকেত দি থৈছে।” দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেলত এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই।

Apply Now

উল্লেখযোগ্য উচটনিমূলক মন্তব্য নকৰিবলৈ বিধায়কজনক ইতিপূৰ্বে দুবাৰকৈ সকীয়াই দিয়া বুলি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে প্ৰকাশ কৰিছে। কিন্তু নিজ দলৰ সভাপতিৰ সকীয়নিয়েও বিধায়কজনৰ মুখত লেকাম লগাবলৈ সক্ষম হোৱা নাই।

“দলৰ ৰাজ্যিক সভাপতিজনে বিধায়কজনক সকীয়নি দিছে যদিও সেয়া ৰাইজক দেখুৱাবলৈহে।” সংবাদমেলত এইদৰে কয় অপূৰ্ব ভট্টাচাৰ্য্যই।

“শিলাদিত্য দেবে বিজেপিৰ নিৰ্দেশমতেই উচটনিমূলক মন্তব্য কৰে, সেইবাবেই তেওঁৰ বিৰুদ্ধে বিজেপিয়ে ব্যৱস্থা গ্ৰহণ নকৰে। তাৰ সলনি তেওঁৰ এছক’ৰ্ট পাইলটৰ সংখ্যা বঢ়াই দি আৰু তেনে মন্তব্য কৰি থাকিবলৈ সুবিধাহে কৰি দিছে।”

ভট্টাচাৰ্যই লগতে ধলাৰ হত্যাকাণ্ডৰ পাছত আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তৰ দৰে শিলাদিত্য দেব, ৰঞ্জিত দাস, ৰাজেন গোহাঁই আদি নেতাসকলকো কিয় এতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰু তেওঁলোকক শাস্তি বিহিবলৈ বেলেগ আইনৰ প্ৰয়োজন হ’ব নেকি বুলিও মন্তব্য কৰে।

একেটা প্ৰসংগতে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি কয়, “হিন্দু বাংলাদেশীক বৰপীৰা পৰি আদৰিবলৈ অভিনয় কৰি থাকোতেই আজি ভাৰতীয় হিন্দু বাঙালীৰ তেজেৰে অসমী আই ৰক্তাক্ত হৈছে। নিৰীহ মানুহক প্ৰতিশোধৰ লক্ষ্য লৈ বিজেপিৰ সভাপতি, বিধায়ক, সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ উচটনিৰ বিৰুদ্ধে ধৃতৰাষ্ট্ৰৰ ভূমিকা লৈছে মুখ্য মন্ত্ৰী সোণোৱালে।”

ইয়াৰ উপৰি বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকলাপত এতিয়া দলটো গণৰোষত পৰাৰ ভয়ত ভাৰসাম্য হেৰুৱাই পেলোৱা বুলিও ভট্টাচাৰ্যই মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd