বৃটিছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি মৃত্যুক সাৱটি লোৱা অবিভক্ত গোৱালপাৰা জিলাৰ একমাত্ৰ ছহিদ নিধানু ৰাজবংশীৰ আজি দিনজোৰা কাৰ্যক্ৰমণিকাৰে বলবলাৰ ককিৰাত স্মৃতি দিৱস পালন কৰা হয়৷
১৯৪২ চনৰ আজিৰ দিনটোতে বৃটিছ চৰকাৰে কৃষকৰ ওপৰত আৰোপ পাইকাৰী জৰিমনা আদায় নিদিয়াৰ বাবে বলবলাৰ যুৱক নিধানু ৰাজবংশীক বৃটিছৰ লোকে অতি নৃশংসভাৱে গুলীয়াই হত্যা কৰিছিল৷
উল্লেখযোগ্য যে বৃটিছে আৰোপ কৰা জৰিমনা কোনো কাৰণতে আদায় নিদিয়াৰ সিদ্ধান্ত লোৱা নিধানু ৰাজৱংশীৰ এহাল গৰু বৃটিছ বাহিনীয়ে কাঢ়ি ল’ব খোজোতেই ক্ষোভত ফাটি পৰি তেওঁ বৃটিছ বাহিনীৰ ওপৰত জপিয়াই পৰে। নিধানু ৰাজবংশীৰ আক্ৰমণত আহত হৈছিল বৃটিছ আৰক্ষী।
ইয়াতে ক্ষুন্ন হৈ বৃটিছে তেওঁৰ ঘৰ চাৰিওপিনৰ পৰা ঘেৰি লৈ গুলীচালনা আৰম্ভ কৰাৰ লগতে গুলীত আহত ৰাজবংশীক অতি নৃশংসভাৱে বেনেটেৰে খুছি হত্যা কৰে।
তেতিয়াৰ পৰাই বলবলাত ৫ নৱেম্বৰৰ দিনটো তেওঁৰ স্মৃতি দিৱস হিচাপে পালন কৰি অহা হৈছে৷ কিন্তু পৰিতাপৰ কথা যে আজিৰ দিনটোতে চৰকাৰী ভাবে উপেক্ষিত হৈ ৰ’ল বীৰ ছহিদ গৰাকী।
আজি পুৱাৰ পৰা স্থানীয় ৰাইজে দিনযোৰা কাৰ্য ক্ৰমনিকাৰে স্মৃতি দিৱস পালন কৰে আৰু এই উদ্দেশ্যে জিলা প্ৰশাসনৰ লগতে জিলাখনৰ তিনি গৰাকীকৈ বিধায়কক আমন্ত্ৰণ জনোৱাৰ পিছতো এজনো প্ৰতিনিধিয়ে অনুষ্ঠানত যোগদান নকৰাত ছহিদ পৰিয়ালটোৰ লগতে ৰাইজে ক্ষোভ প্ৰকাশ কৰে।
তদুপৰি পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জনোৱা মতে কোনো এখন চৰকাৰে চহিদ পৰিয়ালটোৰ প্ৰতি আজি পৰ্যন্ত ফুটাকড়ি এটাও প্ৰদান নকৰিলে।
আজিৰ এই অনুষ্ঠানতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিও উপস্থিত ৰাইজে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷