আলফা (স্বাঃ) সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যু হোৱা নাই, বৰং তেওঁ সুস্থ-সবল হৈ আছে। এই কথা জনোৱা হৈছে সংগঠনটোৰ তৰফৰ পৰা। “আমাৰ নেতাজন সুস্থ আৰু সবল হৈ আছে”, এইদৰে কোৱা হয় বিবৃতিটোত।
উল্লেখযোগ্য যে আজি পুৱাৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত আলফাৰ সেনাধ্যক্ষ তথা আপোচহীন নেতা পৰেশ বৰুৱাৰ মৃত্যু হোৱা বুলি গুৰুত্বপূৰ্ণ খবৰ ওলাইছিল। লুক ইষ্ট নামৰ এটা অনলাইন নিউজ প্ৰতিষ্ঠানৰ বাতৰিৰ আঁত ধৰি নৰ্থ-ইষ্ট নাও-এ এই বাতৰি সম্প্ৰচাৰ কৰিছিল। অৱশ্যে কিছু সময়ৰ পিছতে অসম আৰক্ষী আৰু পৰিয়ালৰ হাতত তেনেকুৱা কোনো তথ্য নাই বুলি আৰক্ষীয়ে স্পষ্ট কৰিছিল।
এই খবৰে সমগ্ৰ অসমত আৰু ছ’চিয়েল মিডিয়াত তুমুল আলোড়ন সৃষ্টি কৰাত আলফা (স্বাঃ)ৰ তৰফৰ পৰা অসমৰ ৰাইজক সম্বুধি এটা স্পষ্টীকৰণ টোকা প্ৰকাশ কৰা হৈছে।
“We would like to clarify to our freedom loving people of Assam that our leader is safe and sound and has not met any accident.” সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমৰ দ্বাৰা স্বাক্ষৰিত বিবৃতিটোত এইদৰে কয়।
মন কৰিব লগীয়া কথাটো হ’ল বিবৃতিটোত নেতাজন দুৰ্ঘটনাটোত পতিত হোৱাৰ কথাটোও অস্বীকাৰ কৰা হৈছে। ইয়াৰ বিপৰীতে আলোচনাৰত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই পৰেশ বৰুৱাই দুৰ্ঘটনাত পতিত হোৱাৰ পিছত তেওঁলৈ ফোন কৰা আৰু ক্ৰমে সুস্থ হোৱাৰ কথা জানিবলৈ দিছিল বুলি সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছিল।
ৰুমেল অসমৰ বিবৃতিটোত লগতে কোৱা হৈছে যে এই বাতৰি স্বাৰ্থজড়িত পক্ষবোৰৰ দ্বাৰা প্ৰচাৰিত মনেসজা কাহিনী। “this is a hoax spread out by with people with vested interest.”
বিবৃতিটোত অসমৰ জনগণক এই ধৰণৰ উদ্দেশ্যধৰ্মী প্ৰচাৰ বিশ্বাস কৰাৰ পৰা ভৱিষ্যতে আঁতৰি থাকিবলৈ আহ্বান জনাইছে।
“WE appeal to the people of Assam not to believe in this kind of propaganda regarding our leader in future.” এইদৰে কয় ৰুমেল অসমে।