• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শংকৰী সাহিত্য-সংস্কৃতিৰ আজীৱন সাধক দেৱকান্ত মহন্তৰ বিয়োগ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2018 6:25 am
দেবকান্ত মহন্ত ফটো.jpg 2
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শংকৰী সাহিত্য সংস্কৃতিৰ আজীৱন সাধক, বিশিষ্ট সাংস্কৃতিক কৰ্মী, ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা শিল্পী পেঞ্চনাৰ নগাঁৱৰ দেৱকান্ত মহন্তৰ সোমবাৰে নগাঁৱৰ জি ডি নাচিং হ’মত পৰলোকপ্ৰাপ্তি ঘটে। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ থকা শং‌কৰী সাহিত্য-সংস্কৃতিৰ বৰেণ্য সাধকগৰাকীক তিনি দিনৰ পূৰ্বে গুৱাহাটীৰ পৰা নগাঁৱলৈ আনি নগাঁৱৰ জি ডি নাচিং হ’মতে চিকিৎসাৰ ব্যবস্থা কৰা হৈছিল। কিন্তু সোমবাৰে পুৱা শিল্পীগৰাকীয়ে জীৱনৰ মায়া এৰি অনন্ত ধামলৈ গতি কৰে।

শিল্পীগৰাকীৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগেই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা অসংখ্য গুণমুগ্ধই প্ৰয়াত দেৱকান্ত মহন্তৰ নগাঁও চহৰৰ লক্ষ্মীনগৰৰ বাসগৃহলৈ আহি শিল্পীগৰাকীৰ প্ৰতি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কলিয়াবৰৰ শ্ৰীশ্ৰীমাধৱ আতা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ টংকেশ্বৰ মহন্ত আৰু প্ৰয়াত তিলেশ্বৰী মহন্তৰ পুত্ৰ হিচাপে ১৯৫১ চনৰ ১০ নৱেম্বৰত জন্ম গ্ৰহণ কৰা দেৱকান্ত মহন্তই প্ৰাথমিক শিক্ষা কলিয়াবৰতে গ্ৰহণ কৰিছিল। হাইস্কুলীয়া শিক্ষা নগাঁৱৰ হাতীচোং অঞ্চলৰ ভালুকমাৰীত থাকি কুঁ‌জীদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰহণ কৰাৰ পিচত নগাঁও চহৰৰ লক্ষ্মীনগৰত থাকি উচ্চ শিক্ষা গ্ৰহণ কৰে নগাঁও আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ত।

Apply Now
দেবকান্ত মহন্ত ফটো
প্রাক্তন ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতৰ পৰা বঁটা কৰা মুহূৰ্তত দেৱকান্ত মহন্ত। ফাইল ফটো

নগাঁও ছোৱালী কলেজৰ কাৰ্যালয় সহায়ক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা দেবকান্ত মহন্তই জখলাবন্ধা উচ্চ মাধ্যমিক বিদ্যালয়ত সং‌স্কৃত বিষয়ত শিক্ষকতা কৰাৰ পাছত ১৯৮১ চনত ভাৰতীয় ষ্টেট বেংকত যোগদান কৰি এগৰাকী বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে।

নগাঁৱৰ লক্ষ্মীনগৰত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ নগাঁৱৰ বিভিন্ন সাহিত্য-সংস্কৃতি অনুষ্ঠানৰ লগত সংপৃক্ত হৈ পৰে মৃত্যৰ সময়লৈকে জড়িত হৈ থাকে। শংকৰী সংগীত, নৃত্য, বাদ্য, ভাওনা আদিৰে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন জীপাল কৰা এইগৰাকী শিল্পীয়ে ৯০খনৰো অধিক ভাওনা আৰু সামাজিক নাটকত স্ত্ৰী-পুৰুষ উভয় চৰিত্ৰতে অভিনয় কৰি সুনাম অৰ্জন কৰিছিল।

প্ৰয়াত মহন্ত প্ৰায় ২৩ বছৰ কাল বিভিন্ন ঠাইত কেলিগোপাল ৰাস ভাওনাৰ এগৰাকী পৰিচালক হিচাপেও সুনাম আছিল। ইয়াৰ উপৰি আকাশবাণী গুৱাহাটীৰ যোগে প্ৰায় ১২ বছৰ ধৰি প্ৰসং‌গীয়া নাম পৰিবেশন কৰিছিল। এগৰাকী কণ্ঠশিল্পী হিচাপেও তেখেত পৰিচিত আছিল।

এইগৰাকী সাধকে কেইবাখনো অসমীয়া ভাওনা ৰচনা কৰিছিল। গুৱাহাটীৰ দূৰদৰ্শন যোগে প্ৰচাৰিত হৈছিল তেখেতৰ দ্বাৰা পৰিচালিত ভাওনা। তেখেতে ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ ভাওনা ডক’মেন্টৰীৰ ভাওনা অংশৰ পৰিচালনা কৰিছিল। নগাঁও ভাওনা সমাৰোহৰ লগত অতি নিবিড়ভাবে জড়িত থকা মহন্তই ২০১২-১৩ বৰ্ষত সম্পাদকৰ দায়িত্ব লাভ কৰিছিল।

তদুপৰি ছন্দে-ছন্দে স্বৰগম(গীতৰ পুথি), বিপ্লৱী শিল্পী বিষ্ণু ৰাভা, নাট আৰু নাটক(ভাওনা আৰু সামাজিক নাট), মহাপুৰুষীয়া সংস্কৃতিৰ পম খেদি, প্ৰজ্ঞান আদি গ্ৰন্থ ৰচনা কৰাৰ লগতে নগাঁও জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক হিচাপে শিশু সাহিত্যৰ বিশেষ সংখ্যা, গীতি সাহিত্যৰ বিশেষ সংখ্যা, তোষেশ্বৰ শৰ্মাৰ ৰচনাৱলী, ৩০ খনৰো অসমীয়া ভাওনাৰ সম্পাদনা কৰিছিল।

নগাঁও জিলা সত্ৰ মহাসভা, গান্ধাৰ, সাংস্কৃতিক মহাসভা, বিদ্যামন্দিৰ জাতীয় বিদ্যালয়, অখিল ভাৰতীয় সাহিত্য পৰিষদ, নগাঁও ভাওনা সমাৰোহ, ভাৰতীয় ষ্টেট বেংক আদি কৰি বহু অনুষ্ঠানে সম্বৰ্ধনা জনোৱা এইগৰাকী শিল্পীক চলিত বৰ্ষতে জীৱন জোৰা সাধনাৰ বাবে অসম চৰকাৰে নলবাৰীৰ এক অনুষ্ঠানত জীৱন জোৰা সাধনা বঁ‌টা প্ৰদান কৰাৰ লগতে আৰু এই বৰ্ষতে শিল্পী পেঞ্চনো প্ৰদান কৰে।

অৰুণোদয় সাহিত্য চ’ৰাৰ প্ৰতিষ্ঠাপক উপ-সভাপতি দেৱকান্ত মহন্ত জড়িত আছিল কলিয়াবৰ নিজ সত্ৰৰ মাধতাৰি শিল্পী সমাজ, অসম সাহিত্য সভা, প্ৰগতি সমাজ, সন্ধানী সাহিত্য সমাজ, সংগীত শিল্পী মঞ্চ, নগাঁও জিলা পাঠক শিল্পী সমন্বয় সমিতি, নগাঁও জিলা মইনা পাৰিজাত, ভাৰতীয় ষ্টেট বেংক কৰ্মচাৰী সন্থা, শ্ৰীমন্ত শংকৰ মিশ্যন, নগাঁও জিলা সত্ৰ মহাসভাকে লৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত।

তেওঁৰ বিয়োগত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলি জনায়। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন বিধায়ক দুৰ্ল্লভ চমুৱা, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতী, নগাঁও প্ৰেছ ক্লাৱে শিল্পীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে পত্নী, দুগৰাকী জীয়ৰী আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ যায়। আনহাতে, দুপৰীয়া চহৰখনৰ মধুপূৰ সাৰ্বজনীন শ্মশানত তেখেতৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd