• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰিৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2018 8:03 am
Rajen-Gohain-768x489-750x375

কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই। ফাইল ফটো

378
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰিৰ অভিযোগ উত্থাপন হোৱাৰ দীৰ্ঘদিনৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীজনৰ বিৰুদ্ধে অসম ৰাজ্যিক মহিলা আয়োগত এইবাৰ অভিযোগ দাখিল কৰিছে কৃষক শ্ৰমিক উন্নয়ন পৰিষদে।

পৰিষদে ৰাজ্যিক মহিলা আয়োগক নিজাববীয়াকৈ বিষয়টো সন্দৰ্ভত হস্তক্ষেপ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী গোহাঁইৰ গৃহ জিলা নগাঁৱৰ এগৰাকী মহিলাক যৌন আতিশয্য চলোৱাৰ অভিযোগ তুলি মহিলাগৰাকীৰ স্বামীয়ে নগাঁও সদৰ থানাত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল।

নগাঁও সদৰ থানাই মহিলগৰাকীৰ স্বামীৰ এজাহাৰৰ ভিত্তিতে গোহাঁইৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩৭৬/৪১৭/ ৫০৬ ধাৰাত এটা গোচৰো ৰুজু কৰিছিল। তথাপি,  কেন্দ্ৰীয় মন্ত্ৰীজনৰ বিৰুদ্ধে আৰক্ষীয়ে বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

সেয়েহে, কৃষক শ্ৰমিক উন্নয়ন পৰিষদে উক্ত কেলেংকাৰিৰ বিষয়টো সন্দৰ্ভত মহিলা আয়োগৰ ওচৰত অভিযোগ দিছে।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী গোহাঁইৰ বিৰূদ্ধে উত্থাপিত মহিলাক যৌন নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি এতিয়াও চৰ্চা অব্যাহত থকাৰ লগতে ঘটনাৰ তদন্ত বিচাৰি দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদো সাব্যস্ত কৰি আহিছে।

কিন্তু চৰকাৰ তথা আৰক্ষী-প্ৰশাসনে এই ঘটনাৰ তদন্তৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা কৰা দেখা নগ’ল। বিজেপিৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হোৱা বাবেই উক্ত অভিযোগক গুৰুত্ব নিদিয়া বুলিও চৰ্চা হৈ আহিছে।

ইপিনে, গোহাঁইৰ বিৰুদ্ধে এই অভিযোগ সন্দৰ্ভত অসম ৰাজ্যিক মহিলা আয়োগেও সম্পূৰ্ণ নিৰৱতা অৱলম্বন কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল,  ‘’আমাৰ ৰাজ্যৰ মহিলা আয়োগে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই। ৰাজ্যিক বিজেপিয়েও কোনো মতামত আগবঢ়োৱা নাই। তাৰ বিপৰীতে এক বোকা চটিওৱা ৰাজনীতি চলাই থকা দেখা গৈছে। কিন্তু এনেদৰে প্ৰকৃত সত্য প্ৰকাশ নাপায়। গতিকে ৰাজ্যিক মহিলা আয়োগে এই ঘটনাৰ তদন্তৰ বাবে চৰকাৰলৈ পৰামৰ্শ আগবঢ়াব লাগে।’’

শইকীয়াই এই ঘটনাৰ এক ন্যায়িক তদন্ত হ’ব লাগে বুলি কোৱাৰ লগতে এইক্ষেত্ৰত মহিলা আয়োগে আগভাগ ল’ব লাগে বুলিও মন্তব্য কৰিছিল।

আনহাতে, এই সন্দৰ্ভত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা চিকিমিকি তালুকদাৰে কৈছিল, ‘’আমি এতিয়ালৈ কাৰো পৰাই এই ঘটনাৰ অভিযোগ লাভ কৰা নাই। গতিকে কোনো অভিযোগ নোপাৱাকৈ আমি নিজে এইক্ষেত্ৰত আগবাঢ়িব নোৱাৰো। কোনোবাই যদি আমাৰ ওচৰত অভিযোগ দাখিল কৰে তেতিয়া বিষয়টো নিশ্চয়কৈ বিবেচনা কৰা হ’ব।’’

এতিয়া কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে উত্থাপিত যৌন কেলেংকাৰি সন্দৰ্ভত কৃষক শ্ৰমিক উন্নয়ন পৰিষদে মহিলা আয়োগত অভিযোগ দাখিল কৰাৰ পাছত আয়োগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হ’ব।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd