• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৎসৱ-পাৰ্বণ পাতি পৰিৱৰ্তনৰ সপোন দেখুওৱা চৰকাৰৰ দিনত এইবাৰ উদ্যোগৰ বাবে ‘বন্ধ’

২২ নৱেম্বৰত ১২ ঘণ্টীয়া ‘মধ্য অসম’ আৰু ‘বৰাক উপত্যকা’ বন্ধৰ আহ্বান

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 13, 2018 6:18 pm
PaperMill
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিৱৰ্তনৰ শ্ল’গান দি শাসনলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনে ‘এডভাণ্টেইজ আছাম’ অনুষ্ঠিত কৰি অসমৰ ৰাইজক বিনিয়োগ, উদ্যোগ আৰু বাণিজ্যিক উন্নয়নৰ সোণালী সপোন দেখুৱালে। কিন্তু মাহৰ পাছত মাহ ধৰি অচল হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ কৰ্মচাৰী সকলৰ চকুপানীয়েই ইয়াৰ বাস্তৱ ছবিখন প্ৰতিফলিত কৰে।

উদ্যোগ-বাণিজ্যৰ বিকাশ দূৰৈৰ কথা, উৎসৱ পতাৰ নামত ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰা বিজেপি চৰকাৰৰ দিনত এতিয়া উদ্যোগ পুনৰুজ্জীৱিত কৰাৰ বাবে আহ্বান কৰিব লগীয়া হৈছে ‘বন্ধ’ কাৰ্যসূচী।

Apply Now

অহা ২২ নৱেম্বৰত হিন্দুস্তান কাগজ নিগম লিমিটেডৰ অধীনস্থ নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণৰ দাবীত পুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া ‘মধ্য অসম’ আৰু ‘বৰাক উপত্যকা’ বন্ধৰ আহ্বান জনাইছে এইচ্ছ পি চি পেপাৰ মিলছ ৰিভাইভেল একশ্যন্ কমিটীয়ে।

মঙলবাৰে গুৱাহাটীত এখন সংবাদমেল অনুষ্ঠিত কৰি সমিতিখনে এই বন্ধৰ আহ্বান জনাইছে। কাগজ কল দুটাক পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে সংগ্ৰাম চলাবলৈ কাগজকল কৰ্মী য়ুনিয়ন, সদৌ অসম ট্ৰাইবেল সংঘকে ধৰি কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিয়ে উমৈহতীয়াভাৱে গঠন কৰিছে এই এইচ্ছ পি চি পেপাৰ মিলছ ৰিভাইভেল একশ্যন কমিটী।

উল্লেখ্য যে ২০১৫ চনৰ মাৰ্চ মাহৰ পৰা কাছাৰ কাগজ কলৰ উৎপাদন বন্ধ হৈ থকাৰ বিপৰীতে ২০১৭ চনৰ অক্টোবৰ মাহৰ পৰা বন্ধ হৈ আছে নগাঁও কাগজ কল। কাগজ কল দুটা বন্ধ হৈ থকাৰ ফলত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে তাত কৰ্মৰত শ শ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ। চৰম আৰ্থিক সংকটত ভুগি কাগজ দুটাৰ দুজন কৰ্মচাৰীয়ে আত্মহত্যাৰ পথ বাছি লোৱাৰ উপৰি প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত ৩৬জন কৰ্মচাৰী মৃত্যুমুখত পৰিছে।

ইপিনে, কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কেৱল আশ্বাসতে সীমাবদ্ধ থকা বুলি ক্ষোভ উজাৰে এইচ্ছ পি চি পেপাৰ মিলছ ৰিভাইভেল একশ্যন কমিটীৰ মুখ্য আহ্বায়ক তথা কাগজকল কৰ্মী য়ুনিয়নৰ সম্পাদক আনন্দ বৰদলৈয়ে।

তেওঁ কয়, “চৰকাৰে আমাক ইচ্ছাকৃতভাৱে হত্যা কৰাৰ দৰে হৈছে। ৰাষ্ট্ৰপতিয়ে কাগজকল দুটাক পুনৰ উদ্ধাৰ কৰাৰ বাবে ৯০ কোটি টকাৰ বিত্তীয় পুঁজিত অনুমোদন জনাইছে যদিও এতিয়ালৈ চৰকাৰে সেই ধনো মোকলাই দিয়া নাই। এতিয়া চৰকাৰখনে কাগজ কল দুটাক কাৰ্যক্ষম কৰি নুতুলি কম টকাৰ বিনিময়ত পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ চেষ্টা চলাই আছে।”

কাগজ কল দুটাৰ ক্ষেত্ৰত কথা দি কথা ৰাখিব নোৱৰা বুলি তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সমালোচনা কৰে।

উল্লেখ্য যে, কেইমাহমানৰ পূৰ্বে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী তথা জাগীৰোডৰ নগাঁও কাগজ কলৰ এজন কৰ্মচাৰীৰ কন্যাই মুখ্য মন্ত্ৰীৰে হোৱা সাক্ষাতত কাগজকলৰ কৰ্মীসকলে সন্মুখীন হোৱা দুখ-দুৰ্দশাৰ কথা বিৱৰি উচুপি উঠিছিল। ইয়াৰ পাছত মুখ্য মন্ত্ৰী সোণোৱালে কাগজ কল দুটাৰ ক্ষেত্ৰত ছমাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল।

আজি সেই কথা সোঁৱৰাই মুখ্য মন্ত্ৰীৰ সেই আশ্বাস প্ৰহসনত পৰিণত হোৱা বুলি মন্তব্য কৰিলে আনন্দ বৰদলৈয়ে।

আনহাতে, ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰৰ জনসভাত ভাষণ প্ৰদান কৰি কাগজ কল পুনৰুজ্জীবিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল বুলি উল্লেখ কৰে সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক তথা উমৈহতীয়া সমিতিখনৰ আহ্বায়ক আদিত্য খাখলাৰীয়ে। তেওঁ নৰেন্দ্ৰ মোদীৰ সেই প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হোৱা বুলিও অভিযোগ কৰে।

লগতে তেওঁ কয়, “চৰকাৰে কেৱল ব্যক্তিগত খণ্ডৰ কাগজ কলৰ লাভ আদায়ৰ সুবিধা কৰি দিয়াৰ বাবেই ৰাজহুৱা খণ্ডৰ এই কাগজকল দুটা বন্ধ কৰি দিছে।”

ইয়াৰ উপৰি পৰিচালনাৰ ভুলৰ বাবেই দুয়োটা কাগজ কল বন্ধ হোৱা বুলিও মন্তব্য কৰে।

ইপিনে, জাগীৰোড কাগজ কলৰ অব্যহৃত ভূমি চৰকাৰে বিক্ৰী কৰাৰ পৰিকল্পনা কৰি থকাৰো অভিযোগ আনে আদিত্য খাখলাৰীয়ে।

“সেই মাটি ট্ৰাইবেল ব্লকৰ অধীনস্থ। তাত কাগজ কল নিৰ্মাণৰ বাবেহে অনুমতি দিয়া হৈছিল। কিন্তু সেই মাটি চৰকাৰক বিক্ৰী কৰিব দিয়া নহ’ব”, এইদৰে গৰজি উঠে খাখলাৰীয়ে। প্ৰয়োজনত তেওঁ আইনৰ ওচৰ চপাৰো হুংকাৰ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd