• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্চায়তত বিজেপি-অগপক ভোট দিয়া মানেই নাগৰিকত্ব বিধেয়কৰ সমৰ্থন কৰা : ৰিপুন বৰা

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
November 25, 2018 6:47 pm
Ripun Bora

ফটো : নৰ্থ-ইষ্ট নাও

545
VIEWS
Share on FacebookShare on Twitter

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো ৰাজনৈতিক দলসমূহে ব্যাপক ৰূপত বৃদ্ধি কৰিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। বৰ্তমান লখিমপুৰত ৰাজনৈতিক দলসমূহে ইটোৱে সিটোক চোকা বাক্য বাণেৰে সমালোচনা কৰি ভোটাৰ ৰাইজৰ মন জয় কৰাৰ এক অঘোষিত প্ৰতিযোগিতাত নামি পৰা পৰিলক্ষিত হৈছে।

বিৰোধী দল কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনৰ মূল অস্ত্ৰ হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক আনহাতে বিগত দিনসমূহত পঞ্চায়তত হোৱা দুৰ্নীতিকে প্ৰধান নিৰ্বাচনী ইচ্ছ্যু হিচাপে লৈ নিৰ্বাচনী প্ৰচাৰত নামিছে শাসকীয় বিজেপি।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত যাতে লখিমপুৰৰ পৰা বিজেপিয়ে ভাল ফলাফল দেখুৱাব পাৰে তাৰ বাবে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি নেতা প্ৰদান বৰুৱাই।

শনিবাৰে জিলাখনৰ পানীগাঁও চাৰিআলিত এক নিৰ্বাচনী কাৰ্যালয়ৰ মুকলি কৰি সাংসদগৰাকীয়ে ৰাজ্য চৰকাৰৰ অন্যতম মিত্ৰ দল অসম গণ পৰিষদ দলক ক্ষুৰধাৰ সমালোচনা কৰে। অগপই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসমখনক এক অস্থিৰ পৰিৱেশৰ মাজলৈ ঠেলি দিছে বুলিও সাংসদগৰাকীয়ে গুৰুতৰ অভিযোগ তোলে।

ইফালে বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছ দলেও জিলাখনত নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তোলা পৰিলক্ষিত হৈছে। খোদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই জিলাখনৰ বিহপুৰীয়া, নাওবৈচা আৰু উত্তৰ লখিমপুৰত দলটোৰ হৈ প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে।

উজ্জ্বলপুৰ গাঁও পঞ্চায়তত আয়োজিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে শাসকীয় বিজেপি-অগপক মূল লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে। তেওঁ ভোটাৰক উদ্দেশ্যি কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত যদিহে বিজেপি-অগপক ভোট দিয়া হয় তেন্তে সেই ভোট নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত যাব।

ৰিপুন বৰাই লগতে কয় যে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পাছতো ৰাজ্যৰ উন্নয়ন স্থবিৰ হৈ পৰিছে। লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি আজিলৈ এটাও পূৰণ নকৰিলে। বৰঞ্চ বিজেপিয়ে কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ কৰা ১৩৩টা কল্যাণকামী আঁচনি বন্ধহে কৰি দিলে বুলি ৰিপুণ বৰাই উল্লেখ কৰে।

Recent News

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd