• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়তত বিজেপি-অগপক ভোট দিয়া মানেই নাগৰিকত্ব বিধেয়কৰ সমৰ্থন কৰা : ৰিপুন বৰা

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
November 25, 2018 6:47 pm
Ripun Bora

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো ৰাজনৈতিক দলসমূহে ব্যাপক ৰূপত বৃদ্ধি কৰিছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ। বৰ্তমান লখিমপুৰত ৰাজনৈতিক দলসমূহে ইটোৱে সিটোক চোকা বাক্য বাণেৰে সমালোচনা কৰি ভোটাৰ ৰাইজৰ মন জয় কৰাৰ এক অঘোষিত প্ৰতিযোগিতাত নামি পৰা পৰিলক্ষিত হৈছে।

বিৰোধী দল কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনৰ মূল অস্ত্ৰ হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক আনহাতে বিগত দিনসমূহত পঞ্চায়তত হোৱা দুৰ্নীতিকে প্ৰধান নিৰ্বাচনী ইচ্ছ্যু হিচাপে লৈ নিৰ্বাচনী প্ৰচাৰত নামিছে শাসকীয় বিজেপি।

Apply Now

আগন্তুক পঞ্চায়ত নিৰ্বাচনত যাতে লখিমপুৰৰ পৰা বিজেপিয়ে ভাল ফলাফল দেখুৱাব পাৰে তাৰ বাবে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি নেতা প্ৰদান বৰুৱাই।

শনিবাৰে জিলাখনৰ পানীগাঁও চাৰিআলিত এক নিৰ্বাচনী কাৰ্যালয়ৰ মুকলি কৰি সাংসদগৰাকীয়ে ৰাজ্য চৰকাৰৰ অন্যতম মিত্ৰ দল অসম গণ পৰিষদ দলক ক্ষুৰধাৰ সমালোচনা কৰে। অগপই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসমখনক এক অস্থিৰ পৰিৱেশৰ মাজলৈ ঠেলি দিছে বুলিও সাংসদগৰাকীয়ে গুৰুতৰ অভিযোগ তোলে।

ইফালে বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছ দলেও জিলাখনত নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তোলা পৰিলক্ষিত হৈছে। খোদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই জিলাখনৰ বিহপুৰীয়া, নাওবৈচা আৰু উত্তৰ লখিমপুৰত দলটোৰ হৈ প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে।

উজ্জ্বলপুৰ গাঁও পঞ্চায়তত আয়োজিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে শাসকীয় বিজেপি-অগপক মূল লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে। তেওঁ ভোটাৰক উদ্দেশ্যি কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত যদিহে বিজেপি-অগপক ভোট দিয়া হয় তেন্তে সেই ভোট নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত যাব।

ৰিপুন বৰাই লগতে কয় যে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পাছতো ৰাজ্যৰ উন্নয়ন স্থবিৰ হৈ পৰিছে। লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি আজিলৈ এটাও পূৰণ নকৰিলে। বৰঞ্চ বিজেপিয়ে কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ কৰা ১৩৩টা কল্যাণকামী আঁচনি বন্ধহে কৰি দিলে বুলি ৰিপুণ বৰাই উল্লেখ কৰে।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd